অসমৰ কলেজ শিক্ষক আন্দোলনৰ অন্যতম নেতা তথা অসম কলেজ শিক্ষক সংস্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক ড০ অপূৰ্ব কুমাৰ দাসৰ ১৪ সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে সোমবাৰে গুৱাহাটীত এক বিশেষ স্মাৰক বক্তৃতাৰ আয়োজন কৰা হয়। ড০ অপূৰ্ব কুমাৰ দাস সোঁৱৰণী পুথিভঁৰালৰ উদ্যোগত গুৱাহাটীৰ নিউ আৰ্ট প্লেয়াৰ্ছত দিনৰ ৩ বজাৰ পৰা অনুষ্ঠিত এই অনুষ্ঠানৰ বিষয়বস্তু আছিল ‘ৰাজহুৱা শিক্ষা ৰক্ষাৰ সংগ্ৰাম: ফ্ৰান্সৰ পৰা ভাৰতবৰ্ষলৈ’। অসম কলেজ শিক্ষা সংস্থাৰ কাৰ্যালয় সম্পাদক তথা জাগীৰোড মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ড° চোহেইল আহমেদে সঞ্চালনা কৰা এই অনুষ্ঠানত মূল বক্তৃতা প্ৰদান কৰে অমিয় কুমাৰ দাস ইনষ্টিটিউট ফৰ ছ’চিয়েল চেইঞ্জ এণ্ড ডেভেলপমেণ্টৰ প্ৰাক্তন সঞ্চালক ড০ ভূপেন শৰ্মাই।
নিজৰ বক্তৃতাত ড০ শৰ্মাই বিশ্বৰ বিভিন্ন প্ৰান্তৰ ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ সংকটৰ বিষয়ে বিতংকৈ বৰ্ণনা কৰে। ফ্ৰান্সত শিক্ষক পদৰ অভাৱ আৰু বিদ্যালয়ৰ আন্তঃগাঁথনিৰ দুৰ্বলতাক লৈ হোৱা প্ৰতিবাদ, স্পেইনত শিক্ষকসকলৰ আন্দোলন আৰু জাৰ্মানীত বিদ্যালয় অৱৰোধৰ পৰা মহাবিদ্যালয়লৈ সম্প্ৰসাৰিত হোৱা আন্দোলনৰ কথা তেওঁ উল্লেখ কৰে। ইয়াৰ লগতে ছাৰ্বিয়া, চিলি, বলিভিয়া, নেপাল, শ্ৰীলংকা আৰু আফ্ৰিকাৰ দেশসমূহত গঢ়ি উঠা ছাত্ৰ আন্দোলনসমূহৰ উমৈহতীয়া বৈশিষ্ট্যসমূহ যেনে গণতন্ত্ৰৰ অৱক্ষয়ৰ বিৰুদ্ধে সংগ্ৰাম আৰু ছাত্ৰ সমাজক দমনৰ চেষ্টাৰ বিষয়েও তেওঁ আলোকপাত কৰে। ভাৰতৰ প্ৰসংগত তেওঁ কয় যে দেশৰ ৰাজহুৱা শিক্ষা ব্যৱস্থাক পংগু কৰিবলৈ ব্যয় সংকোচন কৰাৰ ফলত আজিৰ প্ৰজন্ম ক্ষোভিত হৈ পৰিছে। নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ জৰিয়তে শিক্ষাক ক্ৰমান্বয়ে ব্যৱসায়িক পণ্যলৈ ৰূপান্তৰিত কৰা হৈছে বুলি তেওঁ অভিযোগ কৰে।
ড০ শৰ্মাই লগতে কয় যে বৰ্তমান বিশ্ববিদ্যালয়সমূহত মুক্ত চিন্তা আৰু বৌদ্ধিক বিকাশৰ পৰিসৰ সংকুচিত হৈছে। স্কিল ডেভেলপমেণ্ট কোৰ্ছৰ নামত শিক্ষাক বজাৰৰ চাহিদাৰ সৈতে সংযুক্ত কৰা হৈছে আৰু ইণ্টাৰ্ণশ্বিপৰ নামত শিক্ষাৰ্থীক শ্বপিং মলত নিয়োজিত কৰাৰ দৰে অনৈতিক কাৰ্য চলি আছে। একাংশ বৌদ্ধিক মহলে কেৱল ইণ্ডিয়ান নলেজ ছিষ্টেমৰ অধ্যয়নত ব্যস্ত থাকি সমাজত সংঘটিত অন্যায় আৰু বৈষম্যৰ প্ৰতি নিমাত হৈ থকা কাৰ্যকো তেওঁ তীব্ৰ সমালোচনা কৰে। ২০২৬ চনত দিল্লীৰ যন্তৰ-মন্তৰত চিজেপিৰ উদ্যোগত নিট পৰীক্ষাৰ অনিয়মৰ বিৰুদ্ধে যুৱ প্ৰজন্মই কৰা প্ৰতিবাদৰ কথা উল্লেখ কৰি তেওঁ কয় যে এনে আন্দোলনে ৰাজহুৱা শিক্ষাৰ স্বচ্ছতা আৰু সামাজিক ন্যায় প্ৰতিষ্ঠাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। নব্য উদাৰবাদী ব্যৱস্থাৰ অৱসান আৰু সমাজবাদী চিন্তাৰ বিকাশেই ছাত্ৰ সমাজৰ এনে সংগঠিত প্ৰতিৰোধৰ দীৰ্ঘম্যাদী লক্ষ্য হ’ব বুলি তেওঁ মত প্ৰকাশ কৰে।
অনুষ্ঠানৰ আৰম্ভণিতে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰী তথা প্ৰগতিশীল ছাত্ৰ আন্দোলনৰ নেত্ৰী দেৱিকা শইকীয়াই আদৰণী ভাষণ প্ৰদান কৰি ড০ অপূৰ্ব কুমাৰ দাসৰ কৰ্মৰাজি সুঁৱৰি কয় যে ঘাটি মজুৰি প্ৰাপ্ত কলেজ কৰ্মচাৰীসকলৰ অধিকাৰ খৰ্ব কৰাৰ সময়ত ড০ দাসে এক বলিষ্ঠ প্ৰতিবাদী আন্দোলন গঢ়ি তুলিছিল। সঞ্চালক ড° চোহেইল আহমেদে ড° দাসৰ সাংগঠনিক দক্ষতা আৰু কলেজ শিক্ষক সংস্থালৈ আগবঢ়োৱা অৱদানৰ কথা শ্ৰদ্ধাৰে স্মৰণ কৰে। শেষত প্ৰয়াত ড° দাসৰ পত্নী গোলাপী দাসে উপস্থিত সকলোকে ধন্যবাদ জ্ঞাপন কৰে।





