• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

Benefits of Exercise : আমি নিতৌ ব্যায়াম কৰিব লাগে; ব্যায়াম আমাৰ শৰীৰৰ বাবে কিমান উপকাৰি জানেনে?

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
July 13, 2022 12:57 pm
95
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বয়স বৃদ্ধিৰ লগে লগে মানুহৰ শৰীৰত মাংসপেশীসমূহ লাহে লাহে হ্ৰাস পাবলৈ ধৰে। এটা গৱেষণাত প্ৰকাশ পোৱা অনুসৰি ৩৫-৫০ বছৰ বয়সলৈকে কোনো পৰিশ্ৰম অবিহনে বা মাংসপেশী প্ৰয়োগ নকৰাকৈ শৰীৰত প্ৰায় ৭ পাউণ্ড মাংসপেশী হ্ৰাস হয়।

তেনেহ’লে প্ৰতিদিনে আপুনি ১ পাউণ্ড মাংসপেশীৰ পৰা ৩৫-৫০ কেলৰি বাৰ্ন কৰাৰ ক্ষমতা হেৰুৱাই পেলায়। যদিহে এনেদৰে ৫০ বছৰ বয়সলৈ আপুনি ৭ পাউণ্ড মাংসপেশী হ্ৰাস কৰে, তেন্তে সেই হিচাপত প্ৰতিদিনে ৩৫০ কেলৰি বাৰ্ন কৰা ক্ষমতা হেৰুৱাইছে।

Apply Now

তাৰ ফলত শৰীৰত মেটাবলিজিমটো লাহে লাহে হ্ৰাস পাবলৈ ধৰে। সহজ অৰ্থত মেটাবলিজিম মানে হ’ল শৰীৰৰ কেলৰি বাৰ্ন কৰিব পৰা এক ক্ষমতা। ইফালে কিছুসংখ্যক লোকৰ শৰীৰত বিনা কাৰণত ওজন হ্ৰাস হয় আৰু কিছুমান লোকৰ দেহত ওজন বৃদ্ধি হয়।

Also Read : Health benefits of Panta bhat: গৰমৰ দিনত পঁইতা ভাত বহুতৰে প্রিয়, কিন্তু আপোনালোকে তাৰ উপকাৰিতাৰ বিষয়ে জানেনে?

যদি আপুনি দেখিবলৈ পায় যে বিনা কাৰণত আপোনাৰ শৰীৰৰ ওজন হ্ৰাস পাবলৈ ধৰিছে, তাৰ অৰ্থ হ’ল আপোনাৰ দেহৰ পৰা মাংসপেশী হ্ৰাস পাই আছে। এনেক্ষেত্ৰত আপুনি সঠিক পুষ্টিকৰ খাদ্য খোৱাৰ লগতে শাৰিৰীক পৰিশ্ৰম অথবা ব্যায়াম কৰাটো প্ৰয়োজন। তৎসত্ত্বেও কিন্তু ইয়াক নিয়ন্ত্ৰণ কৰাটো আপোনাৰ বাবে প্ৰত্যাহ্বানস্বৰূপ।

পূৰ্বে উল্লেখ কৰি অহা হৈছে আপোনাৰ ৩৫-৫০ বছৰ বয়স হোৱালৈকে মানুহৰ শৰীৰত প্ৰায় ৭ পাউণ্ড মাংসপেশী হ্ৰাস হোৱাৰ কাৰণে প্ৰতিদিনে ৩৫০ কেলৰি বাৰ্ন কৰাৰ ক্ষমতা হেৰুৱাইছে, সেই ৩৫০ কেলৰি মেদ হিচাপত আপোনাৰ শৰীৰত লাহে লাহে জমা হ’বলৈ ধৰে, তাৰ ফলত আপোনাৰ ওজন বৃদ্ধি হয়।

যদি এই ৩৫০ কেলৰি প্ৰতিদিনে এৰাই চলিব পাৰে তেতিয়াহে আপুনি আপোনাৰ শৰীৰত ওজন বৃদ্ধিৰ পৰা নিজক বচাব পাৰিব পাৰে। সহজ ভাষাত অতিৰিক্ত কেলৰি গ্ৰহণ কৰা মানে অতিৰিক্ত মেদ শৰীৰত সঞ্চিত হোৱা বুজা যায়। যিমানেই বঢ়াই ৰাখিব, সিমানেই কেলৰি বাৰ্ন কৰিব পৰা ক্ষমতাটো বৃদ্ধি পায়।

Also Read : Health benefits of the jackfruit: এতিয়া কঁঠালৰ বতৰ; ইয়াৰ বহুমূলীয়া উপকাৰিতাৰ বিষয়ে শুনিলে আচৰিত হব আপুনি

এইক্ষেত্ৰত শাৰীৰিক ব্যায়াম আৰু সঠিক পুষ্টিকৰ খাদ্য খোৱাটো অতি দৰকাৰী। যদিহে আপুনি আপোনাৰ কাৰণে নিয়মিত ব্যায়াম কৰা ৰুটিনৰ কথা ভাবিছে। ব্যায়ামে আপোনাৰ শৰীৰৰ হাড়ৰ ঘনত্ব বৃদ্ধি কৰা, ৰক্তচাপ নিয়ন্ত্ৰণ, হৃদযন্ত্ৰ শক্তিশালী কৰা, কলেষ্ট’ৰল লেভেল নিয়ন্ত্ৰণকে ধৰি বহু দিশৰ পৰা আপোনাৰ শৰীৰটোৰ উপকাৰ সাধন কৰে।

প্ৰতিদিনে ন্যূনতম যিখিনি ব্যায়াম কৰিব লাগে তাৰে তালিকাখনৰ বৰ্ণনা এনে ধৰণৰ- প্ৰতিদিনে অন্ততঃ ১০,০০০ টা খোজকাঢ়িব লাগিব বা অন্ততঃ ১০ মিনিট খটখটী বা চিৰি বগাব লাগিব বা ৩০-৪০ মিনিটৰ বাবে হাওঁফাওঁৰ বাবে উপযোগী ধৰণৰ ব্যায়াম কৰিব লাগিব।

অৰ্থাৎ ক’বলৈ গ’লে নিতৌ প্ৰতিবাৰতে কৰা ব্যায়ামৰ জৰিয়তে দেহৰ শক্তি ৪০০ কেলৰি বাৰ্ন কৰিব লাগিব। তদুপৰি সপ্তাহত অন্ততঃ এদিনকৈ হ’লেও ইয়াৰে দুগুণ শক্তি (অৰ্থাত্ ৮০০-১০০০ কেলৰি) বাৰ্ন কৰিব লাগিব। কোনো ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া নহ’লে প্ৰয়োজনীয় এই গোটেইখিনি ব্যায়াম একে লেথাৰিয়ে নকৰি দিনটোৰ বিভিন্ন সময়ত বিভক্ত কৰিব পাৰি।

পাছে চিন্তনীয় দিশটো হৈছে যে বহুতো মানুহে নিয়মীয়াভাৱে ব্যায়াম কৰা স্বত্বেও ভালেমান মানুহৰ ফিটনেছ আশানুৰূপ ধৰণৰ নহয়।

ব্যায়ামৰ হেতুকে শৰীৰত যথেষ্ট প্ৰভাৱ পৰে। যিসকলে নিয়মিত প্ৰতিদিনে এঘণ্টাতকৈ বেছি সময় ব্যায়াম কৰে তেওঁলোকৰ অকালতে মৃত্যুবৰণ কৰাৰ শংকা ৪০ শতাংশ কমি যায়। অৱশ্যে এটা কথা অনস্বীকাৰ্য যে ইয়াতকৈ বেছি সময় ব্যায়াম কৰিলে স্বাস্থ্যৰ সামগ্ৰিক উন্নতিৰ আশা আৰু মৃত্যুৰ শংকা নাবাঢ়ে।

Also Read : Health Benefits Of Bryophyllum: আপোনাৰ পদূলিৰ কাষতে থকা দুপৰ টেঙাৰ আছে অনেক ঔষধি গুণ: জানো আহক এনে ঔষধি গুণৰ বিষয়ে

গতিকে ডেকাই হওক বা বৃদ্ধই হওক, যিসকলে মাত্ৰাধিক সময়ৰ বাবে জিমত ব্যায়াম কৰে তেওঁলোকে প্ৰতিযোগিতাত ভাল পাৰদৰ্শিতা দেখুওৱাৰ বাবে দৈহিক দৃষ্টিকোণৰ পৰা বিশেষভাৱে লাভান্বিত নহয়। আনহাতে বিপৰীত ক্ৰমে দৈহিক আঘাত প্ৰাপ্তিৰ শংকা বাঢ়ে।

 

এষাৰ কথা স্মৰ্তব্য যে ভালেই হওক বা বেয়াই হওক কোনো কাম মাত্ৰাধিক পৰিমাণে কৰা অনুচিত। মানৱ স্বাস্থ্যৰ ওপৰত ব্যায়ামৰ প্ৰভাৱ সম্বন্ধীয় দুটামান তথ্য হ’ল:-

১) যিসকল ব্যক্তিয়ে মুঠেই ব্যায়াম নকৰে বা নিচেই সামান্য মাত্ৰাতহে ব্যায়াম কৰে তেওঁলোকৰ অকাল মৃত্যুৰ শংকা অতি বেছি।

২) যিসকলে প্ৰতি সপ্তাহত অন্ততঃ ১৫০ মিনিটৰ (অৰ্থাত্ নিতৌ ২০-২৫ মিনিটকৈ) বাবে গড় হিচাপত ব্যায়াম কৰে তেওঁলোকৰ মৃত্যুৰ সংখ্যা ব্যায়াম নকৰাকৈ থকা মানুহৰ তুলনাত ৪০ শতাংশ কম।

৩) দৈহিক নিষ্ক্ৰিয় অৱস্থাৰ হেতুকে অকালতে মৃত্যুৰণ কৰাৰ শংকা ৭ শতাংশ বাঢ়ে।

৪) যিসকলৰ শাৰীৰিক স্থূলতা বা মেদবহুলতাৰ মাত্ৰা অতি বেছি (যদিহে বি এম আই-ৰ পৰিমাণ ৩০-তকৈ বাঢ়ে) তেনেহলে মৃত্যুৰ শংকা ৪ শতাংশ বৃদ্ধি হয়। অৱশ্যে এই শেহোক্ত পৰিসংখ্যাটিত নিম্ন উল্লেখিত কাৰকবোৰে তেনে কোনো ধৰণৰ প্ৰভাৱ নেপেলায়- মদ্যপান, ধূমপান, লিংগ আৰু শিক্ষা-দীক্ষাৰ প্ৰভাৱ।

 

গতিকে আমি সকলোৱেই ব্যায়াম কৰাটো সময়ৰ আহ্বান। ব্যায়াম কৰি নিজৰ স্বাস্থ্যৰ যতন লোৱাতো অতিকৈ গুৰুত্বপূৰ্ণ।

Also Read : Health Benefits of Cucumber : উপকাৰিতাৰ বিষয়ে জানেনে? আহকচোন চাওঁ কিমান উপকাৰী তিয়ঁহ

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

June 5, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd