NORTHEAST NOW (Assamese)
দেশ

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত আৰক্ষী বিষয়া, দুজন আহত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 12, 2022 9:55 pm
Terrorist attack in Srinagar

জম্মু-কাশ্মীৰত ভয়াৱহ ৰূপ ধাৰণ কৰিছে নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজৰ সংঘৰ্ষই। যোৱা কেইমাহমানৰ পৰা নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত উপত্যকাটোত ধাৰাবাহিকভাৱে সংঘৰ্ষ হৈ আহিছে। আজি সন্ত্ৰাসবাদীৰ আক্ৰমণত জম্মু-কাশ্মীৰৰ ৰাজধানী চহৰ শ্ৰীনগৰত এজন আৰক্ষী বিষয়াৰ মৃত্যু হয়।

শ্ৰীনগৰৰ এটা আৰক্ষীৰ চেক পোষ্টত সন্ত্ৰাসবাদীয়ে অতৰ্কিতে আক্ৰমণ কৰাৰ ফলত আৰক্ষী বিষয়া গৰাকী নিহত হয়। এই আক্ৰমণত আন দুজন আৰক্ষী জোৱানো আহত হৈছে বুলি চৰকাৰী সূত্ৰই জানিবলৈ দিয়ে।

দুয়োগৰাকী আহত জোৱানকে তাৎক্ষণিকভাৱে স্থানীয় এখন চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে। আনহাতে আক্ৰমণকাৰী সন্ত্ৰাসবাদী গোটটোৰ সন্ধান উলিওৱাৰ বাবে অঞ্চলটো ইতিমধ্যে ঘেৰাও কৰিছে আৰক্ষীয়ে।

সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত আৰক্ষী বিষয়াগৰাকীক সহকাৰী আৰক্ষী উপ পৰিদৰ্শক মুস্তাক আহমেদ বুলি চিনাক্ত কৰা হৈছে।

আক্ৰমণত নিহত সহকাৰী আৰক্ষী উপ পৰিদৰ্শক মুস্তাক আহমেদ

কাশ্মীৰ আৰক্ষীৰ বিষয়াসকলে জানিবলৈ দিয়া মতে সন্ত্ৰাসবাদীয়ে লাল বজাৰৰ জিডি গোয়েঙ্কা বিদ্যালয়ৰ বাহিৰত আৰক্ষীৰ ওপৰত গুলীচালনা কৰিছিল।

এই অতৰ্কিত আক্ৰমণ আৰক্ষীয়ে প্ৰতিহত কৰিবলৈ প্ৰতি আক্ৰমণ কৰে যদিও আক্ৰমণকাৰী সন্ত্ৰাসবাদীৰ দলটো পলাই যাবলৈ সক্ষম হয় বুলি আৰক্ষীয়ে লগতে কয়।

উল্লেখ্য যে কাশ্মীৰত বৰ্তমান হিন্দু ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ অনুষ্ঠান অমৰনাথ যাত্ৰাৰ মাজতে সংঘটিত হোৱা এই আক্ৰমণে নিৰাপত্তাৰ দিশটোৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে।