• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

চলন্ত গাড়ীত দলবদ্ধ ধৰ্ষণ কিশোৰীক: মোবাইল যোগে ৰেকৰ্ড কৰিলে ধৰ্ষণৰ দৃশ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 15, 2022 8:28 pm
Gang Rape
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আকৌ এবাৰ প্ৰমাণিত হ’ল দেশৰ আইন-শৃংখলা তথা নিৰাপত্তা ব্যৱস্থাৰ ফোঁপোলা স্বৰূপ। দেশৰ অন্য কোণ বাদেই, খোদ ৰাষ্ট্ৰীয় ৰাজধানীতে যে নাই নাৰী সুৰক্ষাৰ কিঞ্চিত ব্যৱস্থা সেয়া পতীয়মান হৈছে আকৌ এবাৰ। মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ ক্ৰমবৰ্ধমান হাৰৰ সমসাময়িকভাৱে পুনৰ এবাৰ ৰাষ্ট্ৰীয় ৰাজধানীত দলবদ্ধ ধৰ্ষণৰ বলি হৈছে এগৰাকী কিশোৰী।

দিল্লী আৰক্ষীয়ে আজি সদৰি কৰা খবৰ অনুযায়ী যে এগৰাকী ১৬ বছৰীয়া কিশোৰীক ঘৰৰ কাষৰে পৰা অপহৰণ কৰি এখন গাড়ীৰ ভিতৰত দলবদ্ধ ধৰ্ষণ কৰা হৈছে। তিনি দুৰ্বৃত্তই দক্ষিণ দিল্লীৰ বসন্ত বিহাৰৰ পৰা মহিপালপুৰলৈ চলাই নিয়া এখন গাড়ীৰ ভিতৰতে উপৰ্যুপৰি ধৰ্ষণ কৰে কিশোৰী গৰাকীক।

Apply Now

ধৰ্ষণৰ বলি হোৱা কিশোৰী গৰাকীয়ে আৰক্ষীক জানিবলৈ দিয়া মতে যোৱা ৬ জুলাইত বন্ধুৰ ঘৰৰ পৰা উভতি অহাৰ পিছত সন্ধিয়া বসন্ত বিহাৰ বজাৰত দুজন চিনাকি যুৱকক লগ পাইছিল।

কিছু সময়ৰ বাবে দুই যুৱকৰ সৈতে কিশোৰী গৰাকী বজাৰৰ চাৰিওফালে ফুৰে আৰু তাৰ পিছতে দুই যুৱকে আন এজন যুৱকক ফোন যোগে সেই স্থানলৈ মাতি পঠায়। দুই বন্ধুৰ কথামতেই যুৱকজনে গাড়ীৰে সেই স্থানত উপস্থিত হয়।

ইয়াৰ পিছতে তিনিও যুৱকে কিশোৰী গৰাকীক লগত লৈ মহিপালপুৰৰ এখন দোকানলৈ যায় আৰু সুৰা ক্ৰয় কৰে। সুৰা ক্ৰয়ৰ পাছতে গাড়ী খন পুনৰ আন স্থানলৈ লৈ যায় আৰু চলন্ত গাড়ীৰ তিনিও যুৱকে কিশোৰী গৰাকীক উপৰ্যুপৰি ধৰ্ষণ কৰে।

এই অত্যাচাৰৰ বাধা দিয়াৰ বাবে তিনিও দুৰ্বৃত্তই কিশোৰী গৰাকীক প্ৰহাৰ কৰাৰ লগতে সমগ্ৰ ধৰ্ষণ কাণ্ড মোবাইল যোগে ৰেকৰ্ডিঙো কৰে। এনে চৰম অত্যাচাৰৰ পিছত তিনিও দুৰ্বৃত্তই যুৱতীগৰাকীক ৰাস্তাৰ কাষত পেলাই থৈ যায়।

আনহাতে এই অমানুষিক অত্যাচাৰত শাৰীৰিকভাৱে দুৰ্বল হৈ পৰাৰ বাবে ছোৱালীজনীৰ পৰিয়ালে প্ৰথমে চিকিৎসালয়ৰ কাষ চাপে। ঘটনাৰ দুদিন পিছত চিকিৎসালয়ৰ দ্বাৰাই এই ঘটনাৰ বিষয়ে আৰক্ষীক খবৰ দিয়া হয়।

ইতিমধ্যে ছোৱালীজনীৰ ঘৰৰ কাষৰে তিনিওজন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। তিনিও অভিযুক্তৰ বয়স ক্ৰমে ২৩, ২৫ আৰু ৩৫ বছৰ বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আৰম্ভ হ’ল বিধানসভাৰ বাজেট অধিৱেশন, “অহা ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি লৰাব নোৱাৰে” – মুখ্যমন্ত্ৰী

আৰম্ভ হ’ল বিধানসভাৰ বাজেট অধিৱেশন, “অহা ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি লৰাব নোৱাৰে” – মুখ্যমন্ত্ৰী

July 6, 2026 3:18 pm
পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

July 6, 2026 1:35 pm
বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

July 6, 2026 12:09 pm
মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

July 6, 2026 11:13 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আৰম্ভ হ’ল বিধানসভাৰ বাজেট অধিৱেশন, “অহা ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি লৰাব নোৱাৰে” – মুখ্যমন্ত্ৰী

আৰম্ভ হ’ল বিধানসভাৰ বাজেট অধিৱেশন, “অহা ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি লৰাব নোৱাৰে” – মুখ্যমন্ত্ৰী

July 6, 2026 3:18 pm
পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

July 6, 2026 1:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd