• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

President Election 2022 বিৰোধীৰ প্ৰাৰ্থী যশোৱন্ত সিনহাক পৰাস্ত কৰি দেশৰ ৰাষ্ট্ৰপতি হিচাবে নিৰ্বাচিত দ্ৰৌপদী মুৰ্মু

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
July 21, 2022 8:55 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত বহুতে ভবাৰ দৰেই বিজেপি নেতৃত্বাধীন এনডিৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু দেশৰ ৰাষ্ট্ৰপতি হিচাবে নিৰ্বাচিত হ’ল।

ভোট গণনাৰ প্ৰথম ৰাউণ্ডৰ পৰাই দ্ৰৌপদী মুৰ্মুৰ বিজয় নিশ্চিত বুলি স্পষ্ট হৈ পৰিছিল । অৱশেষত সেই সম্ভাৱনাকেই সঁচা প্ৰমাণ কৰি মুৰ্মু ৰাষ্ট্ৰপতি হিচাবে নিৰ্বাচিত হয়। বৃহস্পতিবাৰে গণনা আৰম্ভ হোৱাৰ লগে লগে দ্ৰৌপদী মুৰ্মু বহু আগবাঢ়ি আছিল।

Apply Now

প্ৰথম ৰাউণ্ডৰ শেষত দ্ৰৌপদী মুৰ্মুৱে ৫৪০ টা ভোট লাভ কৰে, আনহাতে বিৰোধী দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী যশৱন্ত সিনহাই ২০৮ টা ভোট লাভ কৰে। দ্ৰৌপদী মুৰ্মুৱে দ্বিতীয় পৰ্যায়ৰ গণনাত একেধৰণে আধিপত্য বিস্তাৰ কৰিছিল। প্ৰথম ৰাউণ্ডত সাংসদসকলৰ ভোট গণনাৰ পিছত মুৰ্মুৱে ৩,৭৮,০০০ মূল্যৰ সৈতে ৫৪০ টা ভোট লাভ কৰে। ইয়াৰ বিপৰীতে যশৱন্ত সিনহাই ১,৪৫,৬০০ মূল্যৰ ২০৮টা ভোট লাভ কৰে বুলি ৰাজ্যসভাৰ মহাসচিব পিচি মোদীয়ে প্ৰকাশ কৰিছে।

দ্বিতীয় পৰ্যায়ৰ ভোট গণনাৰ পিছত, দ্ৰৌপদী মুৰ্মুৱে মুঠ ১১৩৮ টা ভোটৰ ভিতৰত ৮০৯ টা ভোট লাভ কৰে। যশৱন্ত সিনহাই ৩২৯ টা ভোট লাভ কৰে। ইয়াৰ ভিতৰত দ্ৰৌপদী মুৰ্মুৰ ভোটৰ মূল্য হৈছে ১,০৫,২৯৯ আৰু যশৱন্ত সিনহাই লাভ কৰা ভোটৰ মূল্য হৈছে ৪৪,২৭৬ ।

প্ৰায় ৯৯ শতাংশ সাংসদ আৰু বিধায়কে ভোট দান কৰা নিৰ্বাচনত মুৰ্মু জয়ী হোৱাত স্বাভাৱিকতে গেৰৱা শিবিৰত আনন্দৰ লহৰ উঠিছে। উল্লেখ্য বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাৰ্যকাল ২৪ জুলাইত শেষ হ’ব। ২৫ জুলাইত দেশৰ নতুন ৰাষ্ট্ৰপতি হিচাবে মুৰ্মুৱে শপত গ্ৰহণ কৰিব।

উল্লেখ্য যে দ্ৰৌপদী মুৰ্মু ২০১৫ চনত ঝাৰখণ্ডৰ নৱম ৰাজ্যপাল হিচাপে নিযুক্ত হৈছিল আৰু পাঁচ বছৰৰ কাৰ্যকাল সম্পূৰ্ণ কৰা ঝাৰখণ্ডৰ প্ৰথম ৰাজ্যপাল হিচাপে পৰিগণিত হৈছিল। লগতে তেওঁ ৰাজ্যখনৰ প্ৰথম গৰাকী মহিলা ৰাজ্যপাল হিচাপেও ইতিহাস ৰচিছিল।

 নেত্ৰীগৰাকীয়ে বিজেপিৰ হৈ দুবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। উৰিষ্যাৰ বিজেডি আৰু বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ সময়ত তেওঁ পৰিবহন, পশুপালন আৰু মীন পালন বিভাগৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল।

কাউন্সিলৰ হিচাপে ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰা মুৰ্মু পিছত ৰায়ৰংপুৰ ৰাষ্ট্ৰীয় উপদেষ্টা পৰিষদ বা এনএচিৰ উপাধ্যক্ষ হৈছিল। তেওঁ বিজেপিৰ অনুসূচীত জনজাতি মৰ্চাৰ উপ সভাপতি হিচাপেও দায়িত্ব গ্ৰহণ কৰিছিল।২০১৭ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়তো দ্ৰৌপদী মুৰ্মুৰ নাম চৰ্চালৈ আহিছিল। অৱশ্যে পিছত দলিত নেতা ৰামনাথ কোবিন্দক বিজেপিয়ে ৰাষ্ট্ৰপতি পদৰ বাবে মনোনীত কৰিছিল।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd