২০০৫ চনত ৩০ খন বিছনাযুক্ত চাপৰ চিকিৎসালয়খনক এফ আৰ ইউ চিকিৎসালয়লৈ উন্নীত কৰাৰ প্ৰায় ১৭ বছৰৰ অন্তত এগৰাকী প্ৰসূতিৰ সফলতাৰে চিজাৰিয়ান অস্ত্ৰোপচাৰ সম্পন্ন কৰা হয়। চিকিৎসালয়খনক এফ আৰ ইউ লৈ উন্নীত কৰাৰ সময়ত আন চিকিৎসালয়ৰ পৰা চিকিৎসক আনি ২/৩ টা চিজাৰিয়ান অস্ত্ৰোপচাৰ কৰাৰ পিছতেই উক্ত প্ৰক্ৰিয়া বন্ধ হৈ পৰে।
শেহতীয়াভাৱে ধুবুৰীৰ উপায়ুক্ত অম্বমুথন এম পিয়ে চাপৰ এফ আৰ ইউ চিকিৎসালয়ত এনাস্থেটিষ্ট আৰু শিশু বিশেষজ্ঞ চিকিৎসক নিয়োগ কৰাত চিকিৎসালয়খনত পুনৰ প্ৰসূতিৰ চিজাৰিয়ান অস্ত্ৰোপচাৰ আৰম্ভ হোৱাত চাপৰবাসী ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে। পূৰ্বৰ দৰে এই চিজাৰিয়ান অস্ত্ৰোপচাৰ প্ৰক্ৰিয়া যাতে পুনৰ বন্ধ হৈ নপৰে তাৰ বাবে ৰাইজে সংশ্লিষ্ট সকলো পক্ষকে আহ্বান জনাইছে। চিকিৎসালয়খনত উক্ত চিজাৰিয়ান অস্ত্ৰোপচাৰ সম্পন্ন কৰাৰ পূৰ্বে আজি পুৱা অস্ত্ৰোপচাৰ কক্ষ আনুষ্ঠানিকভাৱে মুকলি কৰে স্বাস্থ্য বিভাগৰ ধুবুৰী জিলাৰ যুটীয়া সঞ্চালক ড: এছ এম ইমদাদুল্লাহে।
প্ৰসূতি ৰোগ বিশেষজ্ঞ ড: কিশোৰ কুমাৰ নাথে নিদানী গাঁৱৰ সলিতা মাকলাই নামৰ গৰ্ভৱতী মহিলাগৰাকীক পুৱা ১০:৪০ বজাত সফলতাৰে চি চেকচন অস্ত্ৰোপচাৰ কৰে আৰু মাতৃগৰাকীয়ে এটি কন্যা শিশুৰ জন্ম দিয়ে বুলি চিকিৎসালয়খনৰ উপ অধীক্ষক ড: হুছেইন আলী আহমেদে জানিবলৈ দিছে।
অস্ত্ৰোপচাৰৰ সময়ত ড: নাথক সহায় কৰে ক্ৰমে যুটীয়া সঞ্চালক ড: ইমদাদুল্লাহে, এছ ডি এম অ’ ড: আবুল কালাম আজাদ, এনাস্থেটিষ্ট ড: ৰাহুল শইকীয়া, ড: কুলদীপ দাস আৰু শিশু বিশেষজ্ঞ ড: আতিকুৰ ৰহমানে। চাপৰবাসী ৰাইজে এই প্ৰক্ৰিয়া অব্যাহত ৰখাৰ বাবে চাপৰ চিকিৎসালয়খনত এটা আই চি ইউ আৰু ব্লাড বেংকৰ ব্যবস্থা কৰিবলৈ স্বাস্থ্য বিভাগ আৰু ধুবুৰীৰ উপায়ুক্তক দাবী জনাইছে। ইয়াৰ পিছত আজি দুপৰীয়া ধুবুৰী জিলাৰ উপায়ুক্ত অম্বমুথন এম পিৰ সভাপতিত্বত চাপৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ খণ্ড পৰ্যায়ৰ এখনি পৰ্যালোচনা সভা চাপৰ উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ত অনুষ্ঠিত হয়। মাতৃ আৰু শিশু স্বাস্থ্যৰ ওপৰত বিতংভাবে পৰ্যালোচনা কৰাৰ লগতে গৰ্ভৱতী মহিলাৰ সুৰক্ষাৰ বাবে ১০০% গুণগত স্বাস্থ্য পৰীক্ষাৰ বাবে চাপৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত থকা সকলো স্বাস্থ্য আৰু উপ স্বাস্থ্য কেন্দ্ৰক নিৰ্দেশনা দিয়াৰ লগতে প্ৰসূতি মাতৃৰ মৃত্যু আৰু শিশুৰ মৃত্যু ৰোধ কৰিবলৈ নিৰ্দেশনা দিয়ে।
সভাত ধুবুৰী জিলাৰ উন্নয়ন আয়ুক্ত কান্তা দাস , স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ড: এছ এম ইমদাদুল্লা, অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ড: জে বি ৰায়, মহকুমাধিপতি’ জয় শিৱানীৰ লগতে ধুবুৰী জিলাৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।