• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁও আৰক্ষীয়ে গোৱালপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰিলে জেহাদী সংগঠনৰ লিংকমেনক

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
July 28, 2022 7:55 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাংলাদেশৰ নিষিদ্ধ ঘোষিত জেহাদী সংগঠন আনচাৰুল্লাহ বাংলা টীম ( এবিটি)ৰ সদস্যক আশ্ৰয় প্ৰদান কৰাৰ লগতে বিভিন্ন প্ৰকাৰে সহযোগিতা আগবঢ়োৱা এজন লিংকমেনক বঙাইগাঁও আৰক্ষীয়ে গোৱালপাৰা জিলাৰ পৰা গ্ৰেপ্তাৰ কৰে ৷ বঙাইগাঁও আৰক্ষীয়ে জিলাখনৰ যোগীঘোপা আৰক্ষী থানাত পঞ্জীয়ণভূক্ত ৫৬/২২ নম্বৰৰ জেহাদী সম্পৰ্কীয় এক গোচৰৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰখাৰ সময়তে গোৱালপাৰা জিলাৰ পঞ্চৰত্নৰ পাখিউৰা গাঁৱৰ পৰা আব্বাছ আলী (২২) নামৰ লিংকমেনজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷

এই সন্দৰ্ভত জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লুণা সোণোৱালে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে বাংলাদেশৰ পৰা পলায়ন কৰি অহা আনচাৰুল্লাহ বাংলা টীমৰ অতি ঘনিষ্ট সদস্য মেহবুবক বঙাইগাঁও তথা পশ্চিম অসমলৈ অহাৰ সময়ত গোৱালপাৰাৰ এইজন আব্বাছ আলীয়ে থকা – খোৱাৰ ব্যৱস্থা কৰি দিয়াৰ লগতে বিভিন্ন সহযোগিতা আগবঢ়োৱাৰ উপৰিও যোগাযোগৰ বাবে চিম যোগান ধৰিছিল ৷

Apply Now

আনচাৰুল্লাহ বাংলা টীমৰ এই অন্যমত সদস্যজনে বঙাইগাঁৱৰ লগতে পশ্চিম অসমৰ বিভিন্ন স্থানত জেহাদী সংগঠত জড়িত কৰাৰ বাবে স্থানীয় সংখ্যালঘু যুৱকক প্ৰশিক্ষণ প্ৰদান কৰিছিল ৷ অস্ত্ৰৰ প্ৰশিক্ষণ দিয়া নাছিল যদিও জেহাদী সংগঠনৰ প্ৰতি আকৰ্ষিত কৰাৰ লগতে শ্লিপাৰ চেল গঠন কৰিবলৈ প্ৰয়োজন হোৱা আৰম্ভণিৰ মনস্তাত্বিক, শাৰীৰিক ব্যায়ামৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে ধৰ্মৰ বিভিন্ন কথা শিকাইছিল ৷

গতিকে আব্বাছ আলীয়ে এনে এজন নিষিদ্ধ সংগঠনৰ সদস্যক আশ্ৰয় প্ৰদান কৰাৰ লগতে সহযোগিতা আগবঢ়োৱাত তথা মেহবুবৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি লিংকমেন হিচাপে কাম কৰি অহাটো পোহৰলৈ অহাত কৰায়ত্ত কৰি গ্ৰেপ্তাৰ কৰা হৈছে আৰু ন্যায়িক জিম্মালৈও প্ৰেৰণ কৰা হ’ব বুলিও কয় ৷ লগতে আৰক্ষীয়ে অধিক তথ্য উদঘাদনৰ বাবে চেষ্টা অব্যাহত ৰখাৰ লগতে আৰু যদি বঙাইগাঁৱত কোনোবা জেহাদী তথা লিংকমেন আছে তেতিয়াহলে অতি সোনকালে কৰায়ত্ত কৰিব বুলিও কয় ৷ ইপিনে স্বাধীনতা দিৱসৰ সুৰক্ষাৰ বিষয়ত অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে স্বাধীনতা দিৱস আহিছে যদিও বৰ্তমানলৈকে আমি সুৰক্ষিত অনুভৱ কৰি আছো ৷ যদি কিবা থাকে তেতিয়াহলে অসম পুলিচে প্ৰত্যুত্তৰ দিব ৷ আনহাতে গ্ৰেপ্তাৰ কৰা আব্বাছ আলীয়ে জেহাদী সংগঠনত সদস্য অন্তৰ্ভুক্তি কৰা কামত জড়িত নেকি বুলি সাংবাদিকে সোধাত অতিৰিক্ত আৰক্ষী বিষয়াগৰাকীয়ে কয় যে যদি আব্বাছ আলীয়ে মেহবুবৰ দৰে আনচাৰুল্লাহ বাংলাৰ সদস্যক আশ্ৰয় দি বিভিন্ন সহযোগিতা আগবঢ়াব পাৰে, তেতিয়াহলে যি কোনো কাম কৰিব তথা ঘটনা সংঘটিত কৰিব নোৱাৰাৰ কথা নাই ৷

বঙাইগাঁৱত শ্লিপাৰ চেল আছে বুলি সঠিকৈ ক’ব নোৱাৰি ৷ কাৰণ আব্বাছ আলীৰ ঘৰ গোৱালপাৰা জিলাত ৷ কিন্তু হয়তো বঙাইগাঁও জিলাত আশ্ৰয় ল’ব বিচাৰিছিল অথবা সংগঠনটোত লোকক জড়িত কৰাব চেষ্টা কৰিছিল ৷ সেয়ে এই আনচাৰুল্লাহ বাংলা টীমৰ সদস্যজনক বিভিন্ন প্ৰকাৰে সহযোগিতা আগবঢ়োৱা আব্বাছ আলী হ’ল যোগসূত্ৰকাৰী ৷ আব্বাছৰ জৰিয়তে মেহবুবকো চিনাক্ত কৰিবলৈ সক্ষম হ’ব পাৰে আৰক্ষীয়ে বুলিও কয় ৷ উল্লেখ্য যে আনচাৰুল্লা বাংলাৰ এইগৰাকী সদস্য ২১ ডিচেম্বৰত পশ্চিম অসমলৈ আহিছিল ৷

উদ্দেশ্য জেহাদী সংগঠনটোৰ প্ৰতি সংখ্যালঘু যুৱকসকলক আকৰ্ষিত কৰি সাংগঠনিক ভেঁটি মজবুত কৰা ৷ কিন্তু বাংলাদেশৰ পৰা নিষিদ্ধ ঘোষিত সংগঠনটোৰ সদস্যই পশ্চিম অসমত বাহৰ পাতি চলোৱা জেহাদী কাৰ্যকলাপৰ বিষয়ে পিচত চোৰাংচোৱা আৰু আৰক্ষীয়ে তথ্য লাভ কৰি বিভিন্ন ঠাইত অভিযান চলাইছিল ৷ ইতিমধ্যে কেইবাজনো জেহাদী সদস্যক গ্ৰেপ্তাৰো কৰিছে আৰক্ষীয়ে ৷

বঙাইগাঁও জিলাৰ যোগীঘোপা থানাটো ৰুজু হৈছিল এক গোচৰ ৷ এই গোচৰৰ ভিত্তিতে বৰ্তমানো চলি আছে তদন্ত ৷ এই তদন্তৰ ভিত্তিতে বঙাইগাঁও আৰক্ষীয়ে স্বাধীনতা দিৱসৰ পূৰ্বে এইজন লিংকমেনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ সংবাদ মেলত জিলাৰ উপ আৰক্ষী অধীক্ষক তথা গোচৰটোৰ তদন্তকাৰী বিষয়া মণিকান্ত চমুৱাও উপস্থিত আছিল ৷

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd