• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঝাৰখণ্ডৰ ধৃত কংগ্ৰেছ বিধায়কৰ সৈতে হিমন্ত বিশ্ব শৰ্মাৰ সম্পৰ্ক: ক্ষুৰধাৰ সমালোচনা দেবব্ৰত শইকীয়াৰ

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
July 31, 2022 7:33 pm
Jharkhand Congress MLA Himanta Biswa Sharma
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰে নিশা বংগত কোটি কোটি টকাৰ সৈতে গ্ৰেপ্তাৰ হোৱা ঝাৰখণ্ডৰ তিনিগৰাকী কংগ্ৰেছ বিধায়কৰ সৈতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম সাঙোৰ খাই পৰাৰ পিছতে সমালোচনাত মুখৰ হৈ পৰিছে অসম বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়া।

এক ভিডিঅ’ বাৰ্তা যোগে কংগ্ৰেছ নেতাগৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি কয় যে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিধৰণে গণতন্ত্ৰক নাশ কৰাৰ ষড়যন্ত্ৰ চলি আছে,সেয়া পূৰ্বোত্তৰৰ ৰাজ্যৰ ৰাইজে বহু দিনৰ পৰা দেখি আহিছে।

নিজ মন্তব্যত শইকীয়াই কয় যে অৰুণাচল প্ৰদেশ হওক মণিপুৰ হওক বা নাগালেণ্ডেই হওক, কেনেকৈ নিৰ্বাচিত চৰকাৰক ওফৰাই ধন আৰু ভাবুকিৰে বিজেপিৰ চৰকাৰ গঠন কৰিছিল সেয়া সকলোৱে জানে।

শেহতীয়াকৈ শিৱসেনাৰ বিধায়ক সকলক ধন-প্ৰলোভন আৰু ভাবুকিৰে গুৱাহাটীৰ বিলাসী হোটেলত ৰাখি মহাৰাষ্ট্ৰৰ শিৱসেনাৰ চৰকাৰ ভংগ কৰাৰ ষড়যন্ত্ৰত হিমন্ত বিশ্ব শৰ্মা কেনেধৰণে লিপ্ত আছিল সেয়াও সকলোৱে প্ৰত্যক্ষ কৰিলে বুলি বুলি মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।

তেওঁ লগতে কয়, “এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত ঝাৰখণ্ড চৰকাৰখন ধন-ভাবুকি আৰু প্ৰলোভনেৰে ভংগ কৰাৰ অভিযোগ উত্থাপন হৈছে। সেয়াও শাসকীয় ঝাৰখণ্ড মুক্তি মৰ্চাৰ এজন বিধায়ক কুমাৰ জয়মঙ্গল ডাঙৰীয়াই।”

কুমাৰ জয়মঙ্গলক ইতিমধ্যে কলিকতাত হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা ১০ কোটি টকা আৰু কেবিনেট মন্ত্ৰীৰ প্ৰলোভন দিয়া হৈছে বুলি লিখিত অভিযোগ উত্থাপন কৰিছে বুলিও দেবব্ৰত শইকীয়াই ভিডিঅ’ বাৰ্তাটোত উল্লেখ কৰে।

উল্লেখ্য যে ঝাৰখণ্ডৰ বিধায়ক কুমাৰ জয়মঙ্গলে ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ঝাৰখণ্ডৰ শাসনাধিষ্ঠ চৰকাৰ উৎখাতৰ ষড়যন্ত্ৰত মুখ্য ভূমিকা লোৱা বুলি আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে।

এই অভিযো পত্ৰত বিধায়ক গৰাকীয়ে যোৱা নিশা বংগত কেইবা কোটি টকাৰ সৈতে গ্ৰেপ্তাৰ হোৱা ঝাৰখণ্ডৰ তিনি সতীৰ্থ ববিধায়কে তেওঁকো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাতৰ বাবে প্ৰস্তাৱ দিয়া বুলি দাবী কৰিছে।

ইতিমধ্যে এই সমগ্ৰ ঘটনাটোৱে দেশৰ ৰাজনীতিত খলকনি তুলিছে। ঝাৰখণ্ড কংগ্ৰেছৰ মুৰব্বী ৰাজেশ ঠাকুৰেও অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই সন্দৰ্ভত তীব্ৰ নিন্দা কৰিছে।

অৱশ্যে হিমন্ বিশ্ব শৰ্মাই তেওঁৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগ অস্বীকাৰ কৰি, কিয় তেওঁৰ নাম সাঙোৰ খাইছে সেই বিষয়ে কোনো ধাৰণা নাই বুলি মন্তব্য কৰিছে।

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd