US kills al Qaeda chief Ayman al-Zawahr আফগানিস্তানত আমেৰিকা যুক্তৰাষ্ট্ৰৰ গুপ্তচৰ সংস্থা চিআইএৰ ড্ৰোন আক্ৰমণত আল-কায়দাৰ মুৰব্বী আয়মান আল-জৱাহিৰী নিহত হৈছে। আয়মান আল-জৱাহিৰী ৯/১১ ৰ আক্ৰমণৰ অন্যতম মাষ্টাৰমাইণ্ড আছিল।
বাতৰি অনুসৰি, কাবুলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ড্ৰোন আক্ৰমণত উগ্ৰপন্থী নেতাজন নিহত হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনে নিজেই আল-কায়দাৰ মুৰব্বীজনৰ মৃত্যুৰ কথা ঘোষণা কৰিছে।
বিডেনে এটা টুইটযোগে আয়মান আল-জৱাহিৰীৰ মৃত্যুৰ বাতৰি সমগ্ৰ বিশ্বৰ আগত সদৰী কৰে। ২০১১ চনত বিন লাডেনৰ মৃত্যুৰ পিছত এই ঘটনা আল কায়দাৰ বাবে আটাইতকৈ ডাঙৰ আঘাত বুলি বিবেচিত হৈছে।
জো বিডেনে টুইট কৰি কৈছে, “আমেৰিকাই শনিবাৰে কাবুলত ড্ৰোন আক্ৰমণ চলাইছিল। এই অভিযানত আল-কায়দাৰ মুৰব্বীজন নিহত হৈছে।‘’
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিগৰাকীয়েয লগতে কয়, “কিমান পলম হৈছে সেয়া গুৰুত্বপূৰ্ণ নহয়, ক’ত লুকুৱাবলৈ চেষ্টা কৰিছিল সেয়াও ডাঙৰ কথা নহয়। আমি ঠিকেই বিচাৰি উলিয়াই তাক শেষ কৰিম।‘’ টুইটযোগে বিডেনে দাবী কৰে যে “ন্যায় বিচাৰ হৈছে’’।
লগতে পঢ়ক: Commonwealth Games 2022: কমনৱেলথ গেমছত দেশৰ হৈ জুডোত ৰূপৰ পদক জিকিলে মণিপুৰী কন্যা সুশীলা দেৱীয়ে
আল-কায়েদাৰ মুৰব্বী আয়মানৰ ১৯৫১ চনৰ ১৯ জুনত ইজিপ্তত জন্ম হৈছিল। আয়মান তেওঁৰ পূৰ্বসূৰী লাডেনৰ দৰেই উচ্চ শিক্ষিত আছিল। তেওঁ এজন শল্য চিকিৎসক হিচাপে ইজিপ্তৰ সেনাবাহিনীত তিনি বছৰ সেৱা আগবঢ়াইছিল।
১৯৮১ চনত ইজিপ্তৰ ৰাষ্ট্ৰপতি আনৱাৰ ছাদাতৰ হত্যাৰ সন্দৰ্ভত আয়মানক গ্ৰেপ্তাৰ কৰা হৈছিল। তাৰ পিছত ১৯৯৮ চনত আয়মানে ইজিপ্তত ইছলামিক জিহাদ নামৰ এটা সংগঠন আৰম্ভ কৰে। তেওঁৰ সংগঠনে আফ্ৰিকাৰ কেইবাটাও আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসত আক্ৰমণ চলাইছিল।
লগতে পঢ়ক: Monkeypox: দিল্লীত মাংকিপক্সত আক্ৰান্ত নাইজেৰিয়াৰ ব্যক্তি; দেশত আক্ৰান্তৰ সংখ্যা ৬জনলৈ বৃদ্ধি
আয়মান আল-জৱাহিৰী ৯/১১ ৰ আক্ৰমণতো জড়িত আছিল। এই সন্ত্ৰাসবাদী সংগঠনৰ মুৰব্বীজনৰ মূৰৰ দাম ২৫ নিযুত ডলাৰ ধাৰ্য কৰা হৈছিল।