• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ঘনিষ্ঠ ব্যৱসায়ী অশোক ধানুকালৈ পশ্চিমবংগ চিআইডিয়ে কিয় জাৰি কৰিলে চমন?

কল্পজোতি শইকীয়া, গুৱাহাটী by কল্পজোতি শইকীয়া, গুৱাহাটী
August 8, 2022 8:32 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঝাৰখণ্ডৰ বিধায়ক কিনা বেচা সংক্ৰান্তীয় গোচৰত পশ্চিমবংগ আৰক্ষীৰ চমন লাভ কৰিছে গুৱাহাটীৰ ব্যৱসায়ী তথা মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ঘনিষ্ঠ ব্যৱসায়ী অশোক ধানুকাই ৷ এই খবৰ প্ৰকাশ পাইছে পশ্চিমবংগৰ লগতে অসমৰ কেইবাটাও সংবাদ মাধ্যমত।

ধানুকাক সোমবাৰে কলকাতাত চি আই ডিৰ ওচৰত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে বুলি বাতৰিত প্ৰকাশ পাইছে।

উল্লেখ্যোগ্য যে, প্ৰায় ৫০ লাখ টকাসহ ঝাৰখণ্ডৰ তিনি কংগ্ৰেছী বিধায়ক পশ্চিমবংগৰ চি আই ডিৰ জালত পৰিছিল। ঝাৰখণ্ডৰ বিধায়ককেইজনৰ গাড়ীৰ পৰা উদ্ধাৰ হৈছিল নগদ প্ৰায় ৫০ লাখ টকা ৷ লগে লগে প্ৰশ্ন উত্থাপিত হৈছিল ক’ৰ পৰা বিধায়ক তিনিজনৰ হাতলৈ আহিল ৫০ লাখকৈ টকা।

Apply Now

প্ৰকাশিত বাতৰি অনুসৰি, গুৱাহাটীলৈ আহি তেওঁলোকে অসমৰ এজন ব্যৱসায়ীক সাক্ষাৎ কৰিছিল আৰু এই ব্যৱসায়ীৰ জৰিয়তে পশ্চিমবংগত তেওঁলোকক নগদ ধনখিনি দিয়াৰ ব্যৱস্থা কৰিছিল ৷

তথ্য অনুসৰি কলকাতাৰ এজন ব্যৱসায়ীয়ে ঝাৰখণ্ডৰ তিনি বিধায়কৰ হাতত ধন তুলি দিছিল। এই ব্যৱসায়ীগৰাকীক জেৰা কৰাৰ পাছতেই অসমৰ ব্যৱসায়ী অশোক ধানুকাকো চমন দিছে পশ্চিমবংগৰ চি আই ডিয়ে ৷

লগতে পঢ়ক: বিজেপিৰ পষেকজোৰা ত্ৰিৰংগা পতাকা উত্তোলনৰ বিৰোধিতা অখিল গগৈৰ; পুনৰ কা-আন্দোলনৰ বাবে সাজু ৰাইজৰ দল

সুত্ৰ অনুসৰি দেওবাৰে পশ্চিমবংগ আৰক্ষীৰ এটা দল আহি গুৱাহাটীৰ আঠগাঁওস্থিত অশোক ধানুকাৰ বাসগৃহত তেওঁক সোমবাৰে অৰ্থাৎ ৮ জুলাইৰ দিনা পশ্চিমবংগৰ চিআইডি কাৰ্য্যালয়ত হাজিৰ হ’বৰ বাবে চমন দি গৈছিলহি।

ইপিনে, ক্ৰছ কাৰেন্ট নামৰ অসমৰ এটা স্থানীয় পৰ্টেলত প্ৰকাশিত বাতৰি অনুসৰি মুখ্যমন্ত্ৰীৰ পুত্ৰৰ সৰ্বাধিক অংশীদাৰিত্ব থকা বশিষ্ঠ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেড (পূৰ্বৰ আৰ বি এছ ৰিয়েলল্টৰ্ছ প্ৰাইভেট লিমিটেড)ৰ সঞ্চালকৰ পদত আছে অশোক ধানুকা ৷ আনকি পিপিই কীট কেলেংকাৰীৰ সৈতেও নাম সাঙোৰ খাইছিল গুৱাহাটীৰ ব্যৱসায়ী তথা মুখ্যমন্ত্ৰী পৰিয়ালৰ ব্যৱসায়িক সহযোগী অশোক ধনুকাৰ।

লগতে পঢ়ক: Anti-Corruption Drive: ৩৫ হেজাৰ উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল মাটিয়া থানাৰ সহকাৰী উপ পৰিদৰ্শক চবিন পাল দাস

এই বাতৰি প্ৰকাশ পোৱাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ মনজিত মহন্তই।  “অশোক ধানুকাৰ আঠগাঁওৰ বাসগৃহলৈ পশ্চিমবংগৰ চিআইডিৰ দল যোৱাৰ সময়ত অসম আৰক্ষীৰ এটা বৃহৎ দলে পহৰা দি আছিল। এজন ব্যৱসায়ীৰ ঘৰৰ সন্মুখত অসম আৰক্ষীৰ পহৰা কিয়? এই ঘটনাৰ সৈতে কোন জড়িত হৈ আছে সেয়া লাহে লাহে উন্মোচিত হ’ব ধৰিছে। আমি অপেক্ষা কৰিছো আৰু আশা কৰিছো সত্য প্ৰতিষ্ঠা হ’ব”।

কল্পজোতি শইকীয়া, গুৱাহাটী

কল্পজোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd