মঙলদৈ গণক চুবাত এক হৃদয় বিদাৰক ঘটনা । সামাজিক সংকীৰ্ণতাৰ বলি হল এটা পৰিয়াল ।।জীৱ শ্ৰেষ্ঠ বুলি দাৱী কৰা একাংশ মানুহৰ কৰ্ম কাণ্ডই আচৰিত কৰি তুলিছে সকলোকে।মঙলদৈ নিকটৱতী পটলসিংপাৰা গাঁৱত সংঘটিত হয় এই কৰুণ ঘটনা।এগৰাকী কোচ ৰাজবংশী সম্প্ৰদায়ৰ যুৱতীক বিয়া কৰোৱাৰ বাবেই তেওঁৰ মৃত্যুত সৎকাৰৰ বাবে আগবাঢ়ি নাহিল গাঁৱ খনৰ কোনো লোক।
সৎকাৰৰ বিপৰীতে গাঁত খান্দি পুতি থোৱা হৈছিল মৃতদেহ । সমাজৰ একাংশ লোকৰ সংকীৰ্ণ মনোভাৱৰ বাবে হিন্দু ৰীতি নীতি অনুসৰি সৎকাৰ কৰাৰ পৰিবৰ্তে মৃতদেহ গাঁতত মৃতদেহ পুতিব লগা হোৱাত স্তম্ভিত হৈ পৰিছে সচেতন সমাজ ।।এয়া মঙলবাৰৰ ঘটনা।
যোৱা মঙলবাৰে মঙলদৈ গণক চুবাত মৃত্যু হৈছিল অতুল শৰ্মা নামৰ এগৰাকী ব্যক্তিৰ ।।তাৎপৰ্যপূৰ্ণ বিষয় যে গণক সম্প্ৰদায়ৰ ব্যক্তি অতুল শৰ্মাৰ মৃত্যুৰ পাছত মৃতদেহ সৎকাৰ কৰিবলৈ নাহিল ওচৰ চুবুৰীয়াৰ কোনো এজন ব্যক্তি।।অৱশেষত মৃতদেহ অতুল শৰ্মাৰ তিনি ভাতৃৰ সহায়ত কিবাকৈ নি নদীৰ পাৰত গাঁত খান্দি পুতি থয়।
উল্লেখযোগ্য যে যোৱা প্ৰায় ২৭ বছৰ পূৰ্বে অতুল শৰ্মাই কোঁচ সম্প্ৰদায়ৰ প্ৰণিতা দেৱী নামৰ এগৰাকী যুৱতীক বিয়া কৰাইছিল।সমাজৰ মতে, এইটোৱেই দোষ আছিল অতুল শৰ্মাৰ।যাৰ বাবে প্ৰতি নিয়ত সকলো সামাজিক কামৰ পৰা বঞ্চিত হৈ আহিছে পুত্ৰ, জীয়ৰী সহ পত্নী প্ৰণিতা দেৱী।
এইবাৰ সম্পূৰ্ণ অমানৱীয়তা প্ৰদৰ্শন কৰি মৃতদেহ সৎকাৰ কৰিবলৈও আগবাঢ়ি নাহিল ওচৰ চুবুৰীয়া। । মঙলদৈ পাতালসিং পাৰাৰ ঘটনাৰ পিছত আজি অতুল শৰ্মাৰ গৃহত উপস্থিত হয় আক্ৰাছুৰ কেন্দ্ৰীয় নেতৃত্ব ৷ লগতে মঙলদৈ আৰক্ষী আৰু দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ পুতি থোৱা স্থানৰ গাঁত খান্দি মৃতদেহ উলিয়াই আনি ধৰ্মীয় নীতিৰে সত্কাৰ কৰাৰ ব্যৱস্থা কৰে।