• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

কিয় ইছলামিক বিশ্বৰ চকুৰ কূটা, দাঁতৰ শূল হৈ পৰিছিল ছলমান ৰুশ্বদী!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 13, 2022 8:26 pm
Salman Rushdie
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আন বহু দেশৰ দৰে ভাৰততো নিষিদ্ধ হৈছিল ছলমান ৰুশ্বদীৰ বহুচৰ্চিত উপন্যাস ‘দা চাটানিক ভাৰ্চেছ’। সেই সময়ত শাসনত আছিল ৰাজীৱ গান্ধী চৰকাৰ। কিন্তু কিয় ৰাজীৱ গান্ধী চৰকাৰে এই সিদ্ধান্ত লৈছিল? ‘দা চাটানিক ভাৰ্ছেছ’ত এনে কি আছিল, যাৰ বাবে মুছলিম বিশ্ব ক্ষোভিত হৈ পৰিছিল? চাও আহক এই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন।

শুকুৰবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হ’ল ছলমান ৰুশ্বদী। বৰ্তমান তেওঁ চিকিৎসালয়ত জীৱনৰ স’তে যুঁজি আছে। নিজৰ সাহিত্যকৰ্মৰে অলেখ গুণমুগ্ধৰ সৃষ্টি কৰা ৰুশ্বদী এগৰাকী বিতৰ্কিত ব্যক্তিও। নিউয়ৰ্কত সংঘটিত দুৰ্ভাগ্যজনক ঘটনাটোকো এই বিতৰ্কৰে এক অংশ বুলিব পাৰি। এই বিষয়ে অধিক জানিবলৈ আমি উভতি যাব লাগিব আজিৰ পৰা ৩৩ বছৰ পিছলৈ।

Apply Now

১৯৮৮ চনত ৰুশ্বডিয়ে প্ৰকাশ কৰিছিল “দ্য ছেটানিক ভাৰ্চেছ” নামৰ বহুচৰ্চিত উপন্যাসখন। উপন্যাসখন প্ৰকাশৰ পাছতে ৰুশ্বডিৰ বিৰুদ্ধে জ্বলি উঠিছিল ইছলামিক বিশ্ব। এইখিনিতে জানো আহক, ‘দ্যা চাটানিক ভাৰ্চেজ’ত এনে কি বিষয়বস্তু আছে, যাৰ বাবে ই ব্যাপক চৰ্চা লাভ কৰি আহিছে। যিহেতু ৰুশ্বদী এগৰাকী ভাৰতীয় মুছলমান আছিল, সেয়ে ‘দ্যা চাটানিক ভাৰ্ছেজ’ৰ বিষয়বস্তু আৰু চৰিত্ৰসমূহো আছিল ভাৰতীয় মুছলমান। উপন্যাসখনক সমকালীন বিশ্ব সাহিত্যৰ অনবদ্য সৃষ্টি বুলি কোৱা হয়।

কিন্তু ইয়াত ইছলাম ধৰ্মৰ মূল গ্ৰন্থ কোৰাণৰ বিষয়ে পুৰণি চিন্তাৰ সলনি নতুনভাৱে চিন্তা কৰা হৈছে। হজৰত মহম্মদকে ধৰি ইছলাম ধৰ্মৰ মূল চৰিত্ৰসমূহৰ আৰ্হিত চৰিত্ৰ সন্নিৱিষ্ট কৰা হৈছে। উপন্যাসখনৰ চৰিত্ৰসমূহৰ মাজেৰে মূলতঃ কোৰাণৰ উৎপত্তিৰ বিষয়ে নতুনকৈ আলোকপাত কৰা হৈছে। তদুপৰি হজৰত মহম্মদক চয়তান বুলিও পাকে প্ৰকাৰে কোৱা হৈছে।

এইসমূহ কথাৰ বাবেই ‘ছাটানিক ভাৰ্চেজ’ৰ প্ৰকাশৰ পাছতে ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছিল। ভাৰতৰ লগতে বিশ্বৰ বহুকেইখন দেশত নিষিদ্ধ হয় তেওঁৰ গ্ৰন্থসমূহ। ৰাজীৱ গান্ধী চৰকাৰে আশংকা কৰিছিল যে উপন্যাসখনে ভাৰতৰ সংখ্যালঘু লোকসকলৰ মাজত ভীষণ ধৰ্মীয় উন্মাদনাৰ সৃষ্টি কৰিব। ১৯৮৯ চনৰ ১৪ ফেব্ৰুৱাৰীত ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ ৰুহোল্লাহ খোমেনিয়েও ৰুশ্বডিৰ বিৰুদ্ধে ফতোৱা জাৰি কৰিছিল।

খোমেনিয়ে ৰুশ্বডিক ইছলাম ধৰ্মৰ শত্ৰু হিচাপে গণ্য কৰিছিল। সেয়ে বিশ্বজুৰি মুছলমান সম্প্ৰদায়ক খোমেনিয়ে আহ্বান কৰিছিল যে ৰুশ্বডি আৰু তেওঁৰ প্ৰকাশকক তাৎক্ষণিকভাৱে মৃত্যুদণ্ড দিয়া হওক। ৰুশ্বদিৰ মূৰৰ দামো নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু ব্ৰিটিছ চৰকাৰে তৎক্ষণাৎভাৱে ৰুশ্বডিক নিৰাপত্তা প্ৰদান কৰে। প্ৰায় ১৩ বছৰ ধৰি তেওঁ ব্ৰিটেইনতে আত্মগোপন কৰি থাকে। সেইসময়ত যোচেফ এণ্টন নামেৰে এটা ছদ্মনামো তেওঁ লৈছিল।

আত্মগোপনৰ এই সময়খিনিৰ বিষয়ে ২০১২ চনত তেওঁ ‘যোছেফ এণ্টন- এ মেম’ইৰ’ শীৰ্ষক এখনি আত্মজীৱনীমূলক গ্ৰন্থও প্ৰকাশ কৰিছিল। আনহাতে, ছাটানিক ভাৰ্ছেজৰ বাবে কেৱল ৰুশ্বডীয়েই নহয়, ইয়াৰ অনুবাদকো আক্ৰমণৰ লক্ষ্য হৈ পৰিছিল। গ্ৰন্থখনৰ জাপানী আৰু ইটালীয়ান ভাষাৰ অনুবাদকসকলক হত্যা কৰা হৈছিল। গ্ৰন্থখন নৰৱেত প্ৰকাশ কৰা প্ৰকাশকগৰাকীক গুলীয়াই আহত কৰা হৈছিল।

১৯৯৮ চনত খোমেনিৰ মৃত্যুৰ পাছত ইৰান চৰকাৰে ৰুশ্বডিক লৈ কিছু নৰম হয়। কিন্তু ২০০৫ চনত পুনৰ ইছলামৰ সন্মান ৰক্ষাৰ বাবে ৰুশ্বডিক হত্যাৰ পৰিকল্পনা কৰা হয়। ২০১০ চনত আল কাইদাই এখন হিটলিষ্ট প্ৰকাশ কৰিছিল। এই তালিকাত সমুখৰ ফালেই ৰখা হৈছিল ৰুশ্বডিৰ নাম। ২০১২ চনৰ জানুৱাৰীত ৰুশ্বডিয়ে ৰাজস্থানৰ জয়পুৰত এক সাহিত্য অনুষ্ঠানত অংশ লোৱাৰ কথা আছিল। কিন্তু হত্যাৰ ভাবুকি লাভ কৰাৰ বাবে তেওঁ অনুষ্ঠানটোত ভাগ নলৈছিল।

উল্লেখযোগ্য যে ছলমান ৰুছদী এগৰাকী ভাৰতত জন্ম হোৱা লেখক। নিজৰ কৰ্মৰ বাবে বুকাৰ বঁটা লাভ কৰা ৰুশ্বদীয়ে বৰ্তমানলৈকে তেওঁ ১৪ খন উপন্যাস ৰচনা কৰিছে। কালজয়ী এই উপন্যাসসমূহৰ ভিতৰত ভাৰত-পাকিস্তানৰ দেশবিভাজনৰ সময়ক লৈ লিখা ‘দ্যা মিডনাইট চিলড্ৰেন’ক ক্লাছিক সাহিত্য কৰ্ম হিচাপে ধৰা হয়।

এনে এজন সাহিত্যিকক আক্ৰমণ কৰি মুছলিম বিশ্বই নিজৰ চৰিত্ৰ উদঙাই দিয়া বুলি ক’ব পাৰি।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

June 5, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd