• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Independence Day: ভাৰতবৰ্ষই নহয়, পৃথিৱীৰ এই দেশবোৰো স্বাধীন হৈছিল ১৫ আগষ্টত; জানেনে এই ইতিহাস?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 14, 2022 7:44 am
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Independence Day বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ ভাৰতৱৰ্ষত ১৫ আগষ্টত ৭৫ সংখ্যক স্বাধীনতা দিৱস পালন কৰা হ’ব। ১৯৪৭ চনৰ এই দিনটোতে ভাৰত স্বাধীন হৈছিল। ২০০ বছৰীয়া ব্ৰিটিছ শাসনৰ পৰা মুক্ত হৈছিল ভাৰত। প্ৰতিবছৰৰ দৰে এইবাৰো দিল্লীৰ ঐতিহাসিক লালকিল্লাত স্বাধীনতা দিৱস পালন কৰা হ’ব।

ভাৰতৰ স্বাধীনতাৰ ৭৫ তম বৰ্ষ উপলক্ষে চৰকাৰে ‘হৰ ঘৰ ত্ৰিৰঙ্গা’ কাৰ্যসূচী গ্ৰহণ কৰিছে। ‘হৰ ঘৰ তিৰঙ্গা’ কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে প্ৰায় ২০ কোটি ৰাষ্ট্ৰীয় পতাকা প্ৰস্তুত কৰা হৈছে।

যিদৰে ১৫ আগষ্ট ভাৰতৰ বাবে এক বিশেষ দিন ঠিক তেনেদৰে ই বিশ্বৰ পাঁচখন দেশৰ বাবেও এক বিশেষ দিন। কিয় জানো আহকঃ –

Apply Now

বাহৰেইন, উত্তৰ আৰু দক্ষিণ কোৰিয়া, কঙ্গো গণপ্ৰজাতন্ত্ৰী আৰু লিচটেনষ্টাইন। ১৫ আগষ্ট এই পাঁচখন দেশৰো স্বাধীনতা দিৱস।

 

বাহৰেইনঃ দিলমুন সভ্যতাৰ প্ৰাচীন ভূমি মধ্যপ্ৰাচ্যৰ দেশ এইখন। তেওঁলোকে ১৫ আগষ্টত ব্ৰিটিছৰ পৰা স্বাধীনতা লাভ কৰিছিল। ১৯৭১ চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰসংঘৰ হস্তক্ষেপত ব্ৰিটিছ উপনিবেশৰ পতন ঘটে। এই বছৰটো তেওঁলোকৰ স্বাধীনতাৰ সোণালী জয়ন্তী বৰ্ষ।

অৱশ্যে বাহৰেইনত ১৬ ডিচেম্বৰৰ দিনটো ৰাষ্ট্ৰীয় দিৱস হিচাপে পালন কৰা হয়। প্ৰাক্তন চুলতান ইছা বিন চলমান আল খলিফা সেই দিনটোত সিংহাসনত বহিছিল। ইতিহাস অনুসৰি, এই দ্বীপপুঞ্জ বহু শাসকৰ শাসনত আছিল। আৰৱৰ পৰা পৰ্তুগীজলৈকে আৰু তাৰ পিছত উনবিংশ শতিকাত ব্ৰিটিছলৈকে বাহৰেইন পৰাধীন আছিল।

পিপলছ ৰিপাব্লিক অৱ কঙ্গোঃ ভাৰতৰ উপৰিও এই মধ্য আফ্ৰিকাৰ দেশখন ১৫ আগষ্টত স্বাধীন হয়। ১৯৬০ চনত ফৰাচী উপনিবেশৰ পতন ঘটে। ফৰাচী শাসন ১৮৮০ চনত আৰম্ভ হৈছিল। ইয়াৰ পূৰ্বৰ নাম আছিল ফৰাচী কঙ্গো। ১৯০৩ চনত ইয়াক মধ্য কঙ্গো নাম দিয়া হয়। ১৯৬৩ চনলৈকে ফুলবাৰ্ট য়ুলুৱে দেশখনত ৰাষ্ট্ৰপতি হিচাপে শাসন কৰিছিল।

উত্তৰ আৰু দক্ষিণ কোৰিয়াঃ উত্তৰ আৰু দক্ষিণ কোৰিয়াই প্ৰতি বছৰে ১৫ আগষ্ট জাপান বিজয় দিৱস বা ৰাষ্ট্ৰীয় স্বাধীনতা দিৱস হিচাপে উদযাপন কৰে। সেই দিনটো দুয়োখন দেশতে ৰাজহুৱা বন্ধৰ দিন কিয়নো আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট বাহিনীয়ে উত্তৰ আৰু দক্ষিণ কোৰিয়াত এক দশকতকৈও অধিক জাপানী দখলৰ সমাপ্তি ঘটাইছিল।

১৯৪৫ চনৰ ১৫ আগষ্টত জাপানে দ্বিতীয় বিশ্বযুদ্ধত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ৰাছিয়াৰ ওচৰত আত্মসমৰ্পণ কৰে, যাৰ ফলত কোৰিয়াত জাপানী উপনিবেশ ধ্বংস হয়। তিনি বছৰৰ পিছত ছোভিয়েট সমৰ্থিত উত্তৰ কোৰিয়া আৰু আমেৰিকা সমৰ্থিত দক্ষিণ কোৰিয়াৰ জন্ম হয়।

 

লিচটেনষ্টাইনঃ ১৮৬৬ চনত বিশ্বৰ অন্যতম সৰু দেশখন জাৰ্মানসকলৰ পৰা স্বাধীনতা লাভ কৰে। ১৯৪০ চনৰ পৰা তেওঁলোকে ১৫ আগষ্টক ৰাষ্ট্ৰীয় দিৱস হিচাপে উদযাপন কৰিছে। সেই বছৰৰ ৫ আগষ্টত লিচটেনষ্টাইন চৰকাৰে আনুষ্ঠানিকভাৱে ১৫ আগষ্টক ৰাষ্ট্ৰীয় দিৱস হিচাপে ঘোষণা কৰে। অৱশ্যে বহুতৰ বাবে এইটো অজ্ঞাত যে ১৬ আগষ্ট হৈছে দেশৰ ৰাজকুমাৰ ফ্ৰাঞ্জ-যোচেফ দ্বিতীয়ৰ জন্মদিন। তেওঁ ১৯৩৮ চনৰ পৰা ১৯৮৯ চনত মৃত্যুলৈকে লিচটেনষ্টাইনৰ ৰাজকুমাৰ আছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd