• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

India beats Pakistan: হাৰ্ডিকৰ নায়কোচিত প্ৰত্যাৱৰ্তন! এছিয়া কাপত পাকিস্তানক ৫ উইকেটত পৰাজিত কৰিলে ভাৰতে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 29, 2022 8:10 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

India beats Pakistan by 5 wickets ঠিক দহ মাহ পূৰ্বে এই মৰু চহৰতে পৰাজিত হৈ উভতি আহিব লগা হৈছিল। প্ৰথমবাৰৰ বাবে বিশ্বকাপত পাকিস্তানৰ হাতত পৰাস্ত হোৱাৰ পিছত ভাৰতে কলঙ্কৰ বোজা লৈ স্বদেশলৈ উভতি আহিব লগা হৈছিল। অৱশ্যে বছৰটোৰ ভিতৰতে দুৰ্দান্ত প্ৰত্যাৱৰ্তনৰে অভিশাপ মোচন কৰিলে ভাৰতে!

দেওবাৰে এছিয়ান কাপৰ প্ৰথমখন খেলত ভাৰতে চিৰপ্ৰতিদ্বন্দী পাকিস্তানক নিৰ্দ্ধাৰিত ৰাণৰ লক্ষ্য অনুসৰণ কৰি হাতত দুটা বল বাকী থকা অৱস্থাত ৫ উইকেটত পৰাস্ত কৰে।

ভাৰতৰ বিজয়ত হাৰ্দিক পাণ্ডিয়া প্ৰত্যাৱৰ্তনৰ নায়ক হিচাপে আত্মপ্ৰকাশ কৰে। তেওঁ প্ৰথমে বল হাতত লৈ ৩ টা উইকেট লয়। তাৰ পিছত বেটেৰে ভাৰতীয় ইনিংছৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ইনিংছ খেলি মাত্ৰ ১৭ টা বলত ৩৩ ৰাণ কৰে। তেওঁ নিজস্ব ভংগীমাৰে এটা ছয় মাৰি ভাৰতক বিজয়ৰ সোৱাদ দিয়ে।

Apply Now

প্ৰায় ১৫০ ৰাণৰ লক্ষ্য অনুসৰণ কৰি ভাৰতে আৰম্ভণিতে উইকেট হেৰুৱায়। শ্বাহিন আফ্ৰিদিৰ অনুপস্থিতিত নাছিম শ্বাহ তেওঁৰ বিকল্প হিচাপে আত্মপ্ৰকাশ কৰিছিল। প্ৰথম অভাৰৰ দ্বিতীয় বলটোতে আউট হয় ৰাহুল।

তাৰ পিছত কোহলী-ৰোহিত যুটিটোৱে ৪৯ ৰাণত উপনীত হোৱাৰ সময়ত ৰোহিত (১২)ছন্দ হেৰুৱাই পেভলিয়নলৈ গতি কৰিছিল। বিপৰীতে কোহলীয়ে (৩৫) দলটোক আত্মবিশ্বাস দি ইনিংছ আগবঢ়াই নিছিল। অৱশ্যে একেৰাহে দুজনকৈ তাৰকা উভতি যোৱাৰ পিছত ভাৰত ৫৩/৩ শলঠেকত পৰিছিল।

মাজৰ অভাৰত জাদেজা-সূৰ্যকুমাৰে ভাৰতীয় ইনিংছৰ দায়িত্ব চম্ভালি লয়। অৱশ্যে নাছিম শ্বাহে ১৫ তম অভাৰত সূৰ্যকুমাৰক ক্লিন বল্ড কৰি খেলখনত অনিশ্চয়তা আনি দিয়ে। কিন্তু তাৰ পিছতে হাৰ্ডিক পাণ্ডিয়াৰ আৱিৰ্ভাৱে সকলো সলনি কৰি দিলে।

এক অনিশ্চিত পৰিস্থিতিৰ পৰা ভাৰতক জয়ৰ সোৱাদ দি খেলপথাৰ এৰিছিল হাৰ্ডিকে। শেষৰ চাৰি অভাৰত ভাৰতক ৪১ ৰাণৰ প্ৰয়োজন আছিল। পাকিস্তানী পেচাৰসকলে বেক অফ দ্য লেংথত বল কৰি গৈছিল।

শেষ অভাৰত মহম্মদ নৱাজৰ বলত ব’ল্ড হোৱাৰ পিছত জাদেজা পেভিলিয়নলৈ উভতি আহিব লগা হয়। শেষৰ পাঁচটা বলত জিকিবলৈ সাত ৰাণৰ প্ৰয়োজন হয়। অৱশ্যে হাৰ্দিকে ভাৰতক জয়ৰ বাবে দীঘলীয়া সময় অপেক্ষা কৰাবলৈ সাজু নাছিল। অভাৰৰ চতুৰ্থ বলটোত হাৰ্ডিকে বেক অফ দ্য লেংথৰ বলটো মিড-উইকেটৰ ওপৰেৰে ছয় মাৰি খেলখনৰ সমাপ্ত ঘটায়।

ইয়াৰ পূৰ্বে পাকিস্তানে সম্পূৰ্ণ ২০ অভাৰ বেটিং কৰিব নোৱাৰিলে। অধিনায়ক ৰোহিত শৰ্মাই টছত জিকি পাকিস্তানক প্ৰথমে বেটিং কৰিবলৈ পঠিয়ায়। আবেশ খান আৰু ভুৱনেশ্বৰ দুয়োজনে পাৱাৰপ্লেত ফখৰ জামান আৰু বাবৰ আজমক ঘূৰাই পঠিয়াই ভাৰতীয় শিবিৰলৈ যথেষ্ট সকাহ আনি দিয়ে। মাজৰ অভাৰত হাৰ্ডিক-ভুৱনেশ্বৰৰ আধিপত্য পাকিস্তানী বেটছমেনসকলে উলাই কৰিব নোৱাৰিলে।

মহম্মদ ৰিজৱানে ৪২ টা বলত ৪৩ ৰাণেৰে দলটোৰ সৰ্বাধিক স্ক’ৰ কৰে। দলটোৱে মুঠ ১৪৭ ৰাণ কৰিবলৈ সক্ষম হয়। ভুৱনেশ্বৰ কুমাৰে তেওঁৰ ৪ অভাৰৰ কোটাত মাত্ৰ ২৬ ৰাণত ৪ টা উইকেট দখল কৰে। ২৫ ৰাণত ৩ টা উইকেট দখল কৰে হাৰ্দিকে। হাৰ্দিকক মেন অফ দ্য মেচ বঁটা প্ৰদান কৰা হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

June 21, 2026 7:58 pm
গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

June 21, 2026 7:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd