• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তিস্তা চেতলৱাদলৈ অন্তৱৰ্তীকালীন জামিন উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 2, 2022 9:35 pm
Teesta Setalvad
100
VIEWS
Share on FacebookShare on Twitter

যোৱা জুন মাহত গ্ৰেপ্তাৰৰ সন্মুখীন হোৱা মানৱ অধিকাৰ তথা সমাজকৰ্মী তিস্তা চেতলৱাদক আজি অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে উচ্চতম ন্যায়ালয়ে। চেতলৱাদক ২৫ জুনত গুজৰাট ৰাজ্যিক আৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী শাখাই গ্ৰেপ্তাৰ কৰিছিল।

শীৰ্ষ আদালতৰ ৰায়ৰ পিছতো ২০০২ চনৰ গুজৰাটৰ সাম্প্ৰদায়িক সংঘৰ্ষ সন্দৰ্ভত পুনৰ গোচৰৰ বাবে প্ৰমাণ সংগ্ৰহ কৰাৰ অভিযোগত মানৱ অধিকাৰ কৰ্মীগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছিল।

চেতলৱাদক জামিন প্ৰদান কৰি মুখ্য ন্যায়াধীশ উদয় উমেশ ললিত আৰু ন্যায়াধীশ এছ ৰবীন্দ্ৰ ভাট, সুধাংশু ধুলিয়াৰে গঠিত বিচাৰপীঠে আৰক্ষীয়ে ইতিমধ্যে চেতলৱাদক জেৰাৰ বাবে পৰ্যাপ্ত সময় লাভ কৰিছে বুলি উল্লেখ কৰি জামিন প্ৰদান কৰে।

গুজৰাট উচ্চ ন্যায়ালয়ক চূড়ান্ত জামিন আবেদনৰ সিদ্ধান্ত ল’বলৈ উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছে যদিও শনিবাৰৰ ভিতৰত তেওঁক মুকলি কৰি দিয়া হ’ব বুলি নিশ্চিত কৰিছে শীৰ্ষ আদালতে।

গুজৰাট উচ্চ ন্যায়ালয়ে ১৯ ছেপ্টেম্বৰত তিস্তা চেতলৱাদৰ জামিন আবেদনৰ শুনানিৰ দিন ধাৰ্য কৰিছিল যদিও উচ্চতম ন্যায়ালয়ে আজি উচ্চ ন্যায়ালয়ে এই গোচৰত অন্তৱৰ্তীকালীন জামিনৰ বিবেচনা কৰা উচিত আছিল বুলি মন্তব্য কৰি সমাজ অধিকাৰ কৰ্মীগৰাকীক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে।

অৱশ্যে অন্তৱৰ্তীকালীন জামিন লাভ কৰিলেও চেতলৱাদৰ বিপক্ষে ৰুজু হোৱা এজাহাৰৰ বাতিল তথা নিয়মীয়া জামিনৰ বাবে দাখিল কৰা আবেদন উচ্চ ন্যায়ালয়ত অব্যাহত থাকিব বুলি শীৰ্ষ আদালতে স্পষ্ট কৰি দিয়ে।

উল্লেখ্য যে উচ্চতম ন্যায়ালয়ে চেতলৱাদ আৰু জাকিয়া জাফৰীয়ে দাখিল কৰা আবেদন নাকচ কৰাৰ মাত্ৰ দুদিন পিছত চেতলৱাদক গ্ৰেপ্তাৰ কৰা হৈছিল।

দুয়োগৰাকীয়ে গোধৰা কাণ্ডত নিহত হোৱা এহছান জাফৰীৰ মৃত্যু সন্দৰ্ভত প্ৰকাশ পোৱা তদন্ত প্ৰতিবেদনক প্ৰত্যাহ্বান জনাই আবেদন দাখিল কৰিছিল।

Recent News

ভাৰতীয় বংশোদ্ভৱ মহিলা চিকিৎসকৰ বিৰুদ্ধে ৪ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ!

ভাৰতীয় বংশোদ্ভৱ মহিলা চিকিৎসকৰ বিৰুদ্ধে ৪ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ!

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd