তেলেংগানাৰ এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত কনিষ্ঠ শিক্ষাৰ্থীক ৰেগিং কৰাৰ অভিযোগত ১৪ গৰাকী জ্যেষ্ঠ এম বি বি এছ শিক্ষাৰ্থীক নিলম্বন কৰা হৈছে। ভুক্তভোগী শিক্ষাৰ্থীসকলে নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ ৰেগিং বিৰোধী কোষত দিয়া অভিযোগৰ ভিত্তিত মঙলবাৰে মহাবিদ্যালয় কৰ্তৃপক্ষই এই অনুশাসনমূলক পদক্ষেপ গ্ৰহণ কৰে।
প্ৰাপ্ত তথ্য অনুসৰি, মহাবিদ্যালয় চৌহদত জ্যেষ্ঠ শিক্ষাৰ্থীৰ পৰা হাৰাশাস্তিৰ সন্মুখীন হোৱা বুলি প্ৰায় এসপ্তাহ পূৰ্বে একাংশ কনিষ্ঠ শিক্ষাৰ্থীয়ে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ ওচৰত অনলাইনযোগে অভিযোগ দাখিল কৰিছিল। এই অভিযোগৰ ভিত্তিত আয়োগে স্থানীয় আৰক্ষী আৰু মহাবিদ্যালয় কৰ্তৃপক্ষক বিষয়টো অৱগত কৰে। ইয়াৰ পাছতেই প্ৰতিষ্ঠানটোৱে তাৎক্ষণিকভাৱে নিজা ৰেগিং বিৰোধী ব্যৱস্থাৰ জৰিয়তে সমগ্ৰ ঘটনাটোৰ এক আভ্যন্তৰীণ তদন্ত আৰম্ভ কৰে।
তদন্তৰ সময়ত ভিডিঅ’ ফুটেজ আৰু অন্যান্য সামগ্ৰী পৰীক্ষা কৰাৰ অন্তত ১৪ গৰাকী জ্যেষ্ঠ শিক্ষাৰ্থী এই ঘটনাত জড়িত থকাৰ প্ৰমাণ পোৱা যায়। এই তথ্যৰ ভিত্তিত গুৰুতৰ অভিযোগ উত্থাপন হোৱা ৪ গৰাকী শিক্ষাৰ্থীক ৬ মাহৰ বাবে আৰু বাকী ১০ গৰাকীক ৪ মাহৰ বাবে নিলম্বন কৰাৰ সিদ্ধান্ত লোৱা হয় বুলি জানিব পৰা গৈছে। মঙলবাৰে মহাবিদ্যালয়ৰ অধ্যক্ষ, জ্যেষ্ঠ বিষয়া আৰু বিভাগীয় মুৰব্বীসকলৰ উপস্থিতিত অনুষ্ঠিত এখন বিশেষ বৈঠকত এই অনুশাসনমূলক ব্যৱস্থাসমূহৰ পৰ্যালোচনা কৰা হয় বুলি কৰ্তৃপক্ষই সদৰী কৰিছে।
মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ বি. ভল্যাই স্পষ্ট কৰি দিয়ে যে ৰেগিং বিৰোধী নিৰ্দেশনা অনুসৰি এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু বৰ্তমান অধিক তদন্ত অব্যাহত আছে। এন এম চিৰ নিয়ম অনুসৰি ৰেগিঙত দোষী সাব্যস্ত হোৱা শিক্ষাৰ্থীৰ বিৰুদ্ধে শৈক্ষিক কাৰ্যকলাপৰ পৰা নিলম্বন, হোষ্টেলৰ পৰা বহিষ্কাৰ আৰু নামভৰ্তি বাতিল পৰ্যন্ত কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰাৱধান আছে। ভৱিষ্যতে এনে ঘটনাৰ পুনৰাবৃত্তি ৰোধ কৰিবলৈ প্ৰশাসনে নিৰীক্ষণ ব্যৱস্থাও অধিক কটকটীয়া কৰিব বুলি জানিবলৈ দিছে।





