দেশত এতিয়া মুকলিকৈয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বহুতে সমালোচনা কৰিবলৈ লৈছে। এনে সময়তে আনকি উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশেও বাক স্বাধীনতা হৰণ হোৱা বুলি ইংগিত দিছে।
শেহতীয়াকৈ আইন মন্ত্ৰী কিৰেণ ৰিজিজুৱে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি এন শ্ৰীকৃষ্ণক মত প্ৰকাশৰ স্বাধীনতাৰ অভাৱ সন্দৰ্ভত কৰা মন্তব্যৰ বাবে আক্ৰমণ কৰি কয় যে যিসকলে জনপ্ৰিয়ভাৱে নিৰ্বাচিত প্ৰধানমন্ত্ৰীক দুৰ্ব্যৱহাৰ কৰাৰ বাবে কোনো বাধা অবিহনে কথা কয় তেওঁলোকে মত প্ৰকাশৰ স্বাধীনতাক বিপথে পৰিচালিত কৰিছে।
ন্যায়াধীশ শ্ৰীকৃষ্ণই (অৱসৰপ্ৰাপ্ত) এখন ৰাষ্ট্ৰীয় দৈনিকক দিয়া সাক্ষাৎকাৰৰ এটা অংশ উদ্ধৃত কৰা এটা টুইটৰ উত্তৰ দি ৰিজিজুৱে কয়, “যিসকল লোকে নিৰ্বাচিত প্ৰধানমন্ত্ৰীক দুৰ্ব্যৱহাৰ কৰাৰ বাবে কোনো বাধা অবিহনে সকলো সময়তে কথা কয় তেওঁলোকে মত প্ৰকাশৰ স্বাধীনতাক বেলেগ পৰ্যায়লৈ লৈ গৈছে। তেওঁলোকে কেতিয়াও কংগ্ৰেছ দলৰ দ্বাৰা আৰোপ কৰা জৰুৰীকালীন অৱস্থাৰ বিষয়ে নকয় আৰু কেতিয়াও কিছুমান আঞ্চলিক দলৰ মুখ্যমন্ত্ৰীক সমালোচনা কৰিবলৈ সাহস নকৰে।
উল্লেখ্য বাক স্বাধীনতা খৰ্ব হোৱা বুলি অভিযোগ কৰি প্ৰাক্তন ন্যায়াধীশগৰাকীয়ে কৈছিল ” মই স্বীকাৰ কৰি ল’ব লাগিব যে যদি মই ৰাজহুৱা স্থানত থিয় হৈ কওঁ যে মই প্ৰধানমন্ত্ৰীৰ মুখখন ভাল নাপাওঁ, কোনোবাই মোক গ্ৰেপ্তাৰ কৰিব পাৰে, মোক কোনো কাৰণ নোহোৱাকৈ কাৰাগাৰত প্ৰেৰণ কৰিব পাৰে। “
শনিবাৰে এক টুইটযোগে আইন মন্ত্ৰীগৰাকীয়ে কয় যে উচ্চতম ন্যায়ালয়ৰ এজন প্ৰাক্তন ন্যায়াধীশে এইকথা কৈছে নে নাই তেওঁ নাজানে। “যদি এইটো সঁচা হয় তেন্তে তেওঁৰ কথাই তেওঁ নিজেই তেওঁ সেৱা আগবঢ়োৱা প্ৰতিষ্ঠানটোক অৱমাননা কৰিছে,” ৰিজিজুৱে টুইটত কয়।