উন্নয়নৰ নামত প্ৰকৃতিৰ ওপৰত চলোৱা অবাধ অত্যাচাৰে এতিয়া সাধাৰণ মানুহৰ জীৱনলৈ নমাই আনিছে ভয়ংকৰ বিপদ। তিনিচুকীয়া জিলাৰ লিডুৰ ঝৰ্ণা বস্তিত কয়লা খননৰ ফলত সৃষ্টি হোৱা বৰ্জিত পদাৰ্থ প্ৰাকৃতিক নিজৰাৰ ওপৰত পেলোৱাৰ পৰিণতি এতিয়া স্পষ্ট হৈ পৰিছে। প্ৰাকৃতিক জলপ্ৰবাহৰ পথ বন্ধ হৈ পৰাৰ ফলত অঞ্চলটোৰ ঘৰ-দুৱাৰ আৰু বাট-পথত গভীৰ ফাঁটৰ সৃষ্টি হৈছে। শেহতীয়াকৈ কেইঘণ্টামান ধৰি হোৱা বৰষুণৰ পিছতে পৰিস্থিতি অধিক উদ্বেগজনক হৈ পৰিছে।
স্থানীয় অঞ্চলটোৰ মাটি আৰু ঘৰ-দুৱাৰত দেখা দিয়া ফাঁটে যিকোনো সময়তে ভয়ংকৰ ভূমিস্খলন অথবা আন কোনো বৃহৎ দুৰ্যোগৰ আশংকা বৃদ্ধি কৰিছে। প্ৰাকৃতিক নিজৰাৰ পানী বৈ যোৱা পথত কয়লাৰ বৰ্জিত পদাৰ্থ পেলোৱাৰ ফলতেই এনে পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি অভিযোগ উত্থাপন হৈছে। বহু আগৰে পৰা এই বিপদৰ আশংকা প্ৰকাশ কৰা হৈছিল যদিও শেহতীয়া বৰষুণৰ পিছত সেই আশংকা বাস্তৱ ৰূপ লোৱাত অঞ্চলটোৰ ৰাইজৰ মাজত আতংকই দেখা দিছে।
এই ঘটনাক লৈ ভাৰতীয় কমিউনিষ্ট পাৰ্টিয়ে (চিপিআই) তীব্ৰ উদ্বেগ প্ৰকাশ কৰি কয়লা খননৰ নামত প্ৰাকৃতিক সম্পদৰ ধ্বংসযজ্ঞ চলোৱাৰ ফল সাধাৰণ ৰাইজে ভোগ কৰিবলগীয়া হৈছে বুলি অভিযোগ তুলিছে। দলটোৱে প্ৰশ্ন কৰিছে, প্ৰাকৃতিক জান-জুৰি, পাহাৰ আৰু মাটিৰ স্বাভাৱিক গাঁথনি ধ্বংস কৰি কয়লা খনন চলোৱাৰ দায়িত্ব কোনে ল’ব? খননৰ ফলত সৃষ্টি হোৱা বিপদৰ মূল্য সাধাৰণ মানুহে নিজৰ জীৱন, সম্পত্তি আৰু বাসস্থান হেৰুৱাই কিয় ভৰিব লাগিব?
চিপিআইৰ মতে, পাহাৰ কাটি, নিজৰাৰ বুকু পুতি আৰু পৰিৱেশৰ ভাৰসাম্য বিনষ্ট কৰি চলোৱা অবাধ খনন কাৰ্যই কেৱল ঝৰ্ণা বস্তিকে নহয়, সমগ্ৰ লিডু অঞ্চলৰ বাবেই গভীৰ ভাবুকি সৃষ্টি কৰিব পাৰে। সেয়ে অঞ্চলটোৰ প্ৰাকৃতিক জলপ্ৰবাহৰ পথত কয়লাৰ বৰ্জিত পদাৰ্থ পেলোৱা কাৰ্য শীঘ্ৰে বন্ধ কৰাৰ লগতে অবাধ অ’পেন কাষ্ট আৰু ৰেট-হ’ল কয়লা খনন বন্ধ কৰাৰ দাবী জনাইছে দলটোৱে।
ইয়াৰ উপৰি ক্ষতিগ্ৰস্ত ঘৰ-দুৱাৰ আৰু বাট-পথৰ জৰুৰী কাৰিকৰী পৰীক্ষা কৰি ভূমিস্খলনৰ আশংকা থকা অঞ্চলসমূহৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ চৰকাৰ আৰু প্ৰশাসনৰ ওচৰত দাবী জনাইছে চিপিআইয়ে।
ভূতত্ত্ববিদ, পৰিৱেশ বিজ্ঞানী আৰু সংশ্লিষ্ট কাৰিকৰী বিশেষজ্ঞৰ দ্বাৰা বৈজ্ঞানিক সমীক্ষা সম্পন্ন কৰি ক্ষতিগ্ৰস্ত অঞ্চলৰ পুনৰুদ্ধাৰৰ ব্যৱস্থা কৰাৰ লগতে বিপদৰ সন্মুখীন হোৱা পৰিয়ালসমূহক উপযুক্ত ক্ষতিপূৰণ আৰু পুনৰ্সংস্থাপনৰ ব্যৱস্থা কৰিবলৈও দাবী তুলিছে দলটোৱে।
প্ৰকৃতিৰ স্বাভাৱিক নিয়মক আওকাণ কৰি চলোৱা খনন কাৰ্যৰ পৰিণতি যে কিমান ভয়ংকৰ হ’ব পাৰে, লিডুৰ ঝৰ্ণা বস্তিৰ শেহতীয়া পৰিস্থিতিয়ে পুনৰ সেই প্ৰশ্ন উত্থাপন কৰিছে। এতিয়া প্ৰশ্ন এটাই—দুৰ্যোগে বৃহৎ ৰূপ লোৱাৰ আগতেই প্ৰশাসন আৰু সংশ্লিষ্ট কৰ্তৃপক্ষই জৰুৰী ব্যৱস্থা গ্ৰহণ কৰিবনে, নে উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ মূল্য আৰু অধিক ভৰিব লাগিব সাধাৰণ ৰাইজে ?





