• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৰবী-দুবৰি হত্যাকাণ্ডৰ নতুন মোৰ : গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিব চি বি আই

এন ই নাও নিউজ by এন ই নাও নিউজ
April 23, 2018 7:51 am
gauhatihighcourt

ফাইল চিত্ৰ

242
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ ৰাজ্য কঁপোৱা কৰবী-দুবৰি হত্যাকাণ্ড সন্দৰ্ভত যোৱা বৰ্ষৰ ২২ আগষ্টত কামৰূপ মহানগৰ জিলাৰ সত্ৰ ন্যায়াধীষৰ আদালতে প্ৰদান কৰা ৰায়ক প্ৰত্যাহ্বান জনাই গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব কেন্দ্ৰীয় অনুসন্ধান সংস্থা চমুকৈ চি বি আই। ইতিমধ্যে তদন্তকাৰী সংস্থাটোৱে ইয়াৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পন্ন কৰিছে।

চি বি আইৰ এক বিশেষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি কৰবী-দুবৰি হত্যাকাণ্ড গোচৰৰ মূল অভিযুক্ত বিতৰ্কিত ঠিকাদাৰ ভাগ্য কলিতা আৰু তেওঁৰ গাড়ীচালক মতিউৰ আলীৰ বিৰুদ্ধে উপযুক্ত তথ্য-প্ৰমাণৰ অভাৱত কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ আদালতে দোষমুক্ত ঘোষণা কৰে।

সুদীৰ্ঘ ২২ বছৰ ২২ দিনৰ অন্তত প্ৰদান কৰা ৰায়ক লৈ সন্তুষ্ট নহয় তদন্তকাৰী সংস্থা চি বি আই। মহানগৰ জিলাৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশে উক্ত হত্যাকাণ্ড সন্দৰ্ভত প্ৰদান কৰা ৰায়ক প্ৰত্যাহ্বান জনাই দুই এদিনৰ ভিতৰতে তদন্তকাৰী সংস্থাটোৱে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব।

উল্লেখ্য যে ১৯৯৫ৰ ৩১ জুলাইৰ নিশা মহানগৰীৰ আমবাৰীস্থিত ভাড়াঘৰত কৰবী দাস আৰু তেওঁৰ কন্যা দুবৰি দাসক গুলীয়াই হত্যা কৰিছিল। পৰৱৰ্তী সময়ত এই হত্যাকাণ্ডৰ সৈতে সাঙুৰ খাই পৰে ঠিকাদাৰ ভাগ্য কলিতাৰ লগতে ছালফা ভূপেন মেধিৰ নাম।

ইফালে লতাশিল আৰক্ষী থানাত এই হত্যাকাণ্ড সন্দৰ্ভত ৰুজু হোৱা ৭০/১৯৯৫ নম্বৰ গোচৰটো বিভিন্ন দল-সংগঠনৰ হেচাত চি বি আইলৈ হস্তান্তৰ কৰা হয়। তেতিয়াৰ পৰা ঘটনা সন্দৰ্ভত তদন্ত চলায় ৫৬ জন সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰি ১৯৯৮ত আদালতত অভিযোগ নামা দাখিল কৰে।

উক্ত অভিযোগনামাৰ ওপৰত ভিত্তি কৰিয়ে মহানগৰ জিলাৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ আদালতে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে। বিচাৰৰ সময়ত আদালতে হত্যাকাণ্ডটোৰ মূল অভিযুক্ত ভাগ্য কলিতাসহ দুজনক তথ্য প্ৰমাণৰ অভাৱত যোৱা বৰ্ষৰ ২২ আগষ্টত দোষমুক্ত ঘোষণা কৰে। ইফালে সমগ্ৰ ধটনাৰ আন এক মূল অভিযুক্ত তথা ছালফা ভুপেন মেধিৰ শুংসূত্ৰ উলিয়াব নোৱাৰিলে তদন্তকাৰী সংস্থাটোৱে।

Recent News

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd