• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

যৌন নিৰ্যাতনত বাধা দিয়াৰ বাবেই কিশোৰীৰ মুখত এচিড ডালি ডিঙি কাটি হত্যাৰ চেষ্টা দুৰ্বৃত্তৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 7, 2022 1:17 pm
Rape acid attack
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত চৰম ৰূপত বৃদ্ধি পাইছে নাৰীৰ বিৰুদ্ধে অপৰাধৰ ঘটনা। দুৰ্বৃত্তৰ এই অত্যাচাৰৰ পৰা বাদ পৰা নাই কন্যা শিশু তথা কিশোৰীও। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা দৈনিক সংঘটিত হোৱা এনে অনেক নিৰ্যাতনৰ ঘটনাই সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে। অন্ধ্ৰ প্ৰদেশত সংঘটিত হোৱা এনে এক ঘটনা সম্প্ৰতি পোহৰলৈ আহিছে।

প্ৰকাশিত খবৰ অনুসৰি অন্ধ্ৰ প্ৰদেশৰ নেলোৰত সোমবাৰে নিশা এক দুৰ্বৃত্তই এগৰাকী কিশোৰীক যৌন নিৰ্যাতনৰ চেষ্টা চলায়। কিন্তু এই নিৰ্যাতনত সন্ত্ৰস্ত হৈ পৰা কিশোৰীগৰাকীয়ে দুৰ্বৃত্তৰ এই অপচেষ্টাত বাধা প্ৰদান কৰে।

Apply Now

ধৰ্ষণৰ চেষ্টা ব্যৰ্থ হোৱাৰ ক্ষোভত দুৰ্বৃত্তই কিশোৰী গৰাকীৰ মুখত এচিড ঢালি ডিঙি কাটি দিয়াৰ অভিযোগ উত্থাপিত হৈছে। অভিযুক্ত নাগাৰাজু ব্যক্তিগৰাকীক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে সোমবাৰে আবেলি ১৪ বছৰীয়া কিশোৰীগৰাকীৰ পিতৃ-মাতৃ কামৰ বাবে বাহিৰলৈ গৈছিল। কিশোৰীগৰাকী ঘৰত অকলে থকাৰ সুযোগ গ্ৰহণ কৰি নাগাৰাজুৱে দুৱাৰ ভাঙি ঘৰত প্ৰৱেশ কৰে।

আৰক্ষীয়ে জনোৱা মতে প্ৰাৰম্ভিক জেৰাত নাগাৰাজুৱে ডকাইতি কৰাৰ উদ্দেশ্যি ঘৰত প্ৰৱেশ কৰিছিল বুলি স্বীকাৰ কৰিছে। কিন্তু নাগাৰাজুৰ এই অতৰ্কিত প্ৰৱেশত ভীতিগ্ৰস্ত হৈ কিশোৰীগৰাকী বাথৰুমত সোমোৱাৰ পিছতেই নাগাৰাজুৱে বাথৰুমৰ দুৱাৰখন ভাঙি কিশোৰীগৰাকীক যৌন নিৰ্যাতন কৰাৰ চেষ্টা চলায়।

কিশোৰীগৰাকীয়ে এই নিৰ্যাতনৰ পৰা ৰক্ষা পৰাৰ চেষ্টা চলোৱাত নাগাৰাজুৱে খঙতে বাথৰুমত থকা এচিডৰ বটলৰ পৰা কিশোৰীগৰাকীৰ মুখত এচিড ঢালি দিয়ে। এচিড আক্ৰমণৰ বিষত কিশোৰীগৰাকীয়ে চিঞৰিবলৈ আৰম্ভ কৰাৰ লগে লগে নাগাৰাজুৱে ছুৰিৰে কিশোৰীগৰাকীৰ ডিঙি কাটি পলায়ন কৰে।

এই আক্ৰমণত গুৰুতৰভাৱে আহত কিশোৰীগৰাকীয়ে বাথৰুমৰ খিৰিকীৰেই ওচৰ-চুবুৰীয়াক ঘটনাৰ বিষয়ে অৱগত কৰাৰ পাছত কিছু লোক ঘটনাস্থলীত উপস্থিত হয় আৰু সংকটজনক অৱস্থাত তেওঁক উদ্ধাৰ কৰে।

চুবুৰীয়া লোকে এই ঘটনাৰ বিষয়ে তেওঁৰ মাক দেউতাকক অৱগত কৰাৰ কিছু সময় পাছতেই তেওঁলোকে ঘৰলৈ উভতি আহি কিশোৰীগৰাকীক লগে লগে চিকিৎসালয়ত ভৰ্তি কৰায়।

অন্ধ্ৰ প্ৰদেশৰ কৃষি মন্ত্ৰী গোবৰ্ধন ৰেড্ডীয়ে আহত কিশোৰীগৰাকীক ইতিমধ্যে চিকিৎসালয়ত সাক্ষাৎ কৰিছে। অভিযুক্ত দুৰ্বৃত্তগৰাকীৰ বিৰুদ্ধে জামিনবিহীন গোচৰ ৰুজু কৰা হ’ব বুলি তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰতিশ্ৰুতি দিয়ে।

তদুপৰি তেওঁ এই নৃশংস ঘটনাৰ বিতং তদন্ত কৰা হ’ব বুলি আশ্বাস দি চিকিৎসকসকলে কিশোৰীগৰাকীৰ প্ৰাণহানিৰ আশংকা নাই বুলি জনাইছে বুলিও সদৰী কৰিছে। ইতিমধ্যে অন্ধ্ৰ প্ৰদেশ চৰকাৰে কিশোৰীগৰাকীৰ পৰিয়াললৈ ৫ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

July 7, 2026 3:00 pm
ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

July 7, 2026 2:43 pm
৫,২৭৯ কোটি টকীয়া ৰিং ৰোড প্ৰকল্পৰ বাবে উচ্ছেদৰ ভাবুকি! ক্ষতিপূৰণ আৰু পৰিৱেশ ধ্বংসৰ আশংকাত উত্তাল উত্তৰ কামৰূপ আৰু সোণাপুৰ

৫,২৭৯ কোটি টকীয়া ৰিং ৰোড প্ৰকল্পৰ বাবে উচ্ছেদৰ ভাবুকি! ক্ষতিপূৰণ আৰু পৰিৱেশ ধ্বংসৰ আশংকাত উত্তাল উত্তৰ কামৰূপ আৰু সোণাপুৰ

July 7, 2026 2:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

July 7, 2026 3:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd