• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যৌন নিৰ্যাতনত বাধা দিয়াৰ বাবেই কিশোৰীৰ মুখত এচিড ডালি ডিঙি কাটি হত্যাৰ চেষ্টা দুৰ্বৃত্তৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 7, 2022 1:17 pm
Rape acid attack
149
VIEWS
Share on FacebookShare on Twitter

দেশত চৰম ৰূপত বৃদ্ধি পাইছে নাৰীৰ বিৰুদ্ধে অপৰাধৰ ঘটনা। দুৰ্বৃত্তৰ এই অত্যাচাৰৰ পৰা বাদ পৰা নাই কন্যা শিশু তথা কিশোৰীও। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা দৈনিক সংঘটিত হোৱা এনে অনেক নিৰ্যাতনৰ ঘটনাই সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে। অন্ধ্ৰ প্ৰদেশত সংঘটিত হোৱা এনে এক ঘটনা সম্প্ৰতি পোহৰলৈ আহিছে।

প্ৰকাশিত খবৰ অনুসৰি অন্ধ্ৰ প্ৰদেশৰ নেলোৰত সোমবাৰে নিশা এক দুৰ্বৃত্তই এগৰাকী কিশোৰীক যৌন নিৰ্যাতনৰ চেষ্টা চলায়। কিন্তু এই নিৰ্যাতনত সন্ত্ৰস্ত হৈ পৰা কিশোৰীগৰাকীয়ে দুৰ্বৃত্তৰ এই অপচেষ্টাত বাধা প্ৰদান কৰে।

ধৰ্ষণৰ চেষ্টা ব্যৰ্থ হোৱাৰ ক্ষোভত দুৰ্বৃত্তই কিশোৰী গৰাকীৰ মুখত এচিড ঢালি ডিঙি কাটি দিয়াৰ অভিযোগ উত্থাপিত হৈছে। অভিযুক্ত নাগাৰাজু ব্যক্তিগৰাকীক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে সোমবাৰে আবেলি ১৪ বছৰীয়া কিশোৰীগৰাকীৰ পিতৃ-মাতৃ কামৰ বাবে বাহিৰলৈ গৈছিল। কিশোৰীগৰাকী ঘৰত অকলে থকাৰ সুযোগ গ্ৰহণ কৰি নাগাৰাজুৱে দুৱাৰ ভাঙি ঘৰত প্ৰৱেশ কৰে।

আৰক্ষীয়ে জনোৱা মতে প্ৰাৰম্ভিক জেৰাত নাগাৰাজুৱে ডকাইতি কৰাৰ উদ্দেশ্যি ঘৰত প্ৰৱেশ কৰিছিল বুলি স্বীকাৰ কৰিছে। কিন্তু নাগাৰাজুৰ এই অতৰ্কিত প্ৰৱেশত ভীতিগ্ৰস্ত হৈ কিশোৰীগৰাকী বাথৰুমত সোমোৱাৰ পিছতেই নাগাৰাজুৱে বাথৰুমৰ দুৱাৰখন ভাঙি কিশোৰীগৰাকীক যৌন নিৰ্যাতন কৰাৰ চেষ্টা চলায়।

কিশোৰীগৰাকীয়ে এই নিৰ্যাতনৰ পৰা ৰক্ষা পৰাৰ চেষ্টা চলোৱাত নাগাৰাজুৱে খঙতে বাথৰুমত থকা এচিডৰ বটলৰ পৰা কিশোৰীগৰাকীৰ মুখত এচিড ঢালি দিয়ে। এচিড আক্ৰমণৰ বিষত কিশোৰীগৰাকীয়ে চিঞৰিবলৈ আৰম্ভ কৰাৰ লগে লগে নাগাৰাজুৱে ছুৰিৰে কিশোৰীগৰাকীৰ ডিঙি কাটি পলায়ন কৰে।

এই আক্ৰমণত গুৰুতৰভাৱে আহত কিশোৰীগৰাকীয়ে বাথৰুমৰ খিৰিকীৰেই ওচৰ-চুবুৰীয়াক ঘটনাৰ বিষয়ে অৱগত কৰাৰ পাছত কিছু লোক ঘটনাস্থলীত উপস্থিত হয় আৰু সংকটজনক অৱস্থাত তেওঁক উদ্ধাৰ কৰে।

চুবুৰীয়া লোকে এই ঘটনাৰ বিষয়ে তেওঁৰ মাক দেউতাকক অৱগত কৰাৰ কিছু সময় পাছতেই তেওঁলোকে ঘৰলৈ উভতি আহি কিশোৰীগৰাকীক লগে লগে চিকিৎসালয়ত ভৰ্তি কৰায়।

অন্ধ্ৰ প্ৰদেশৰ কৃষি মন্ত্ৰী গোবৰ্ধন ৰেড্ডীয়ে আহত কিশোৰীগৰাকীক ইতিমধ্যে চিকিৎসালয়ত সাক্ষাৎ কৰিছে। অভিযুক্ত দুৰ্বৃত্তগৰাকীৰ বিৰুদ্ধে জামিনবিহীন গোচৰ ৰুজু কৰা হ’ব বুলি তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰতিশ্ৰুতি দিয়ে।

তদুপৰি তেওঁ এই নৃশংস ঘটনাৰ বিতং তদন্ত কৰা হ’ব বুলি আশ্বাস দি চিকিৎসকসকলে কিশোৰীগৰাকীৰ প্ৰাণহানিৰ আশংকা নাই বুলি জনাইছে বুলিও সদৰী কৰিছে। ইতিমধ্যে অন্ধ্ৰ প্ৰদেশ চৰকাৰে কিশোৰীগৰাকীৰ পৰিয়াললৈ ৫ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছে।

Recent News

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd