সাৰদা কেলেংকাৰীৰ ভূতে যেন খেদি ফুৰিছে বংগৰ বহুতকে। সাৰদা কেলেংকাৰীত জৰিত হৈ বিপুল ধন সম্পত্তিৰ মালিক হোৱা বুলি অভিযোগ উঠা বংগৰ ছয় গৰাকী ব্যক্তিক শপতনামা দাখিলৰ নিৰ্দেশ দিছে আদালতে। শপতনামা দাখিল কৰিবলৈ কোৱাসকল বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ আত্মীয়।
শেহতীয়াকৈ কলকাতা উচ্চ ন্যায়ালয়ে সম্পত্তি সম্পৰ্কীয় এটা গোচৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ পৰিয়ালৰ ছয়জন সদস্যৰ পৰা শপতনামা বিচাৰিছে। উল্লেখ্য মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ছয়জন আত্মীয়ৰ সম্পত্তি বৃদ্ধি সন্দৰ্ভত অৰিজিত মজুমদাৰে কলকাতা উচ্চ ন্যায়ালয়ত এক গোচৰ ৰুজু কৰিছিল৷ বিজেপি নেতা তথা অধিবক্তা তৰুণজ্যোতি তিৱাৰীয়ে মজুমদাৰৰ হৈ গোচৰটো আদালতত চলাই আছে৷আয়তকৈ অধিক সম্পত্তি বৃদ্ধিৰ গোচৰটোত কলকাতা উচ্চ ন্যায়ালয়ে মমতাৰ ছয়জন আত্মীয়ক অহা চাৰি সপ্তাহৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে।
মুখ্য ন্যায়াধীশ প্ৰকাশ শ্ৰীবাস্তৱ আৰু ন্যায়াধীশ ৰাজৰ্শী ভৰদ্বাজৰ খণ্ড বিচাৰপীঠে আজি এই নিৰ্দেশ প্ৰদান কৰে। আদালতৰ মতে মুখ্যমন্ত্ৰী ছয়জন আত্মীয়ই ১১ নৱেম্বৰৰ ভিতৰত শপতনামা দাখিল কৰিব লাগিব। ইফালে, আবেদনকাৰী অৰিজিত মজুমদাৰকো এই সন্দৰ্ভত দুসপ্তাহৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ কোৱা হৈছে। গোচৰটোৰ পৰৱৰ্তী শুনানি ২৮ নৱেম্বৰত হ’ব।
তৃণমূলৰ ৰাজ্যিক সাধাৰণ সম্পাদক কুনাল ঘোষক গোচৰটোৰ সাক্ষী হিচাপে মাতি পঠোৱা হৈছে যদিও মমতা বেনাৰ্জীক গোচৰটোৰ সাক্ষী হিচাবে ৰখা হোৱা নাই। ইফালে, চিবিআইৰ সঞ্চালক, আয়কৰ বিভাগৰ সঞ্চালককো এই ক্ষেত্ৰত সাঙুৰি লোৱা হৈছে। সম্পত্তি বৃদ্ধিৰ অভিযোগত অভিযুক্ত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ৬ গৰাকী সদস্য হৈছে – অমিত বেনাৰ্জী, অজিত বেনাৰ্জী, সমীৰ বেনাৰ্জী, স্বপ্ন বেনাৰ্জী, গণেশ বেনাৰ্জী, কাজৰী বেনাৰ্জী।