• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আঁৰত ৰহস্য! ৫২ বছৰ বয়সত NEET-ৰ মেধা তালিকাত নাম অন্তৰ্ভুক্ত কৰিও মেডিকেল নপঢ়ে প্ৰদীপে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 10, 2022 9:06 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

NEET অৰ্থাৎ নেশ্যনেল এলিজিবিলিটি এন্ট্ৰেন্স টেষ্টত প্ৰতি বছৰে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ পিছত বহু শিক্ষাৰ্থীয়ে এই পৰীক্ষাত বহে। সাধাৰণতে উচ্চতৰ মাধ্যমিকৰ পিছত চিকিৎসা ক্ষেত্ৰলৈ যাব বিচৰা শিক্ষাৰ্থীসকলে এই পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে।

উচ্চতৰ মাধ্যমিক আৰু NEET ৰ পাঠ্যক্ৰমৰ মাজত বৰ বেছি সাদৃশ্য নথকাৰ বাবে বহুতো শিক্ষাৰ্থীয়ে একে সময়তে দুয়োটা পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰে। সেয়েহে বেছিভাগ ক্ষেত্ৰত উচ্চতৰ মাধ্যমিকৰ পিছত একাধিকবাৰ ড্ৰ’প দি এই পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ হোৱাৰ অধিক উদাহৰণ আছে।

সেয়েহে, অভিভাৱকসকলে বৰ্তমান তলৰ শ্ৰেণীৰ পৰাই এই পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰি দিছে। কিন্তু কথাটো তাতেই শেষ নহয়। যিহেতু পৰীক্ষাটো সমগ্ৰ ভাৰততে হয় ইয়াৰ প্ৰশিক্ষণ প্ৰণালী আৰু মাহিলী খৰচো অতি ব্যয়বহুল। ফলস্বৰূপে, বহুতো শিক্ষাৰ্থীৰ ইচ্ছা স্বত্বেও কোনো উপায় নাথাকে।

Apply Now

লগতে পঢ়ক: উৎসৱৰ আনন্দত বিঘিনি: গণেশ মূৰ্তি বিসৰ্জন দিবলৈ গৈ মৃত্যুক সাবটিলে সাতগৰাকীয়ে

অৱশ্যে, এই সকলোবোৰ বাধাক বুঢ়া আঙুলি দেখুৱাই বিজ্ঞানৰ লাইনত নথকাৰ পিছতো এগৰাকী প্ৰাৰ্থীয়ে মাত্ৰ ৬মাহৰ প্ৰস্তুতিৰে ৯৮.৯৮ শতাংশ নম্বৰ লাভ কৰিছে। আপুনি হয়তো তেওঁৰ বয়স জানিলে আৰু অধিক আচৰিত হ’ব। ৫২ বছৰ বয়সত এইগৰাকী ‘শিক্ষাৰ্থী’য়ে পৰীক্ষাটোত বহিছিল। কিন্তু চিকিৎসক হ’বলৈ নহয়। আপুনি তেওঁৰ  উদ্দেশ্যটো জানি আৰু অধিক আচৰিত হ’ব। ৫২ বছৰীয়া NEET পৰীক্ষাৰ্থীগৰাকীয়ে আকৌ এবাৰ প্ৰমাণ কৰি দিছে যে এই পৃথিৱীত এতিয়াও ভাল মানুহৰ অভাৱ হোৱা নাই।   

১৯৮৭ চনত প্ৰদীপ কুমাৰ সিঙে দিল্লীৰ এখন প্ৰসিদ্ধ বিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত ৭১ শতাংশ নম্বৰ লাভ কৰি উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল। তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতক ডিগ্ৰী আৰু স্কুল অফ ইক’নমিকছৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি ছাত্ৰ জীৱন সম্পূৰ্ণ কৰে।

তেওঁ এখন ব্যৱসায়িক আলোচনীত কাম কৰি কেৰিয়াৰ আৰম্ভ কৰিছিল। তাৰ পিছত তেওঁ নিজেই ব্যৱসায় কৰাৰ সিদ্ধান্ত লয়। তেওঁৰ পুত্ৰ বিজিন স্নেহান্স এন এইচ এল চিকিৎসা মহাবিদ্যালয়ৰ তৃতীয় বৰ্ষৰ ছাত্ৰ। ২০১৯ চনত বিজিনে ৭০০ৰ ভিতৰত ৫৯৫ নম্বৰ লাভ কৰি এমবিবিএছ অধ্যয়ন কৰিবলৈ ভৰ্তি হয়।

লগতে পঢ়ক: বিলকিছ বানো গোচৰৰ সম্পূৰ্ণ ৰেকৰ্ড দাখিল কৰিবলৈ গুজৰাট চৰকাৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

প্ৰদীপ কুমাৰ সিঙে কয়, “প্ৰতিষ্ঠানসমূহে NEET ৰ প্ৰস্তুতিৰ বাবে বৃহৎ পৰিমাণৰ ধন আদায় কৰে যিটো নিম্ন মধ্যবিত্ত শ্ৰেণীৰ সামৰ্থ্যৰ বাহিৰত।” সেয়েহে কোনো প্ৰশিক্ষণত নামভৰ্তি কৰাৰ পৰিৱৰ্তে তেওঁৰ পুত্ৰক ঘৰতে পঢ়ুৱাইছিল। কিন্তু অৰ্থনৈতিকভাৱে দুৰ্বল শিক্ষাৰ্থীৰ বিষয়টো তেওঁৰ মনত বাৰে বাৰে খুন্দিয়াইছিল।

তেওঁ জানিবলৈ দি কয়, “মই পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানত ভাল। মোৰ ল’ৰা জীৱ বিজ্ঞানত ভাল। গতিকে আমি দৰিদ্ৰ শিশুসকলক একেলগে প্ৰশিক্ষণ দিয়াৰ পৰিকল্পনা কৰো।‘’ আৰু সেইকাৰণে তেওঁ পৰীক্ষাত বহিছিল। তেওঁৰ মতে তেওঁ পৰীক্ষাত বহি ইয়াত সফল হৈ তেওঁৰ শিক্ষাৰ্থী আৰু তেওঁলোকৰ অভিভাৱকৰ মনৰ ভয় আঁতৰাবলৈ সক্ষম হ’ব।

জুলাইত হ’বলগীয়া এই পৰীক্ষাৰ বাবে ফেব্ৰুৱাৰীৰ পৰা প্ৰস্তুতি পূৰ্ণ গতিত আৰম্ভ হৈছিল। অৱশেষত যেতিয়া ফলাফল প্ৰকাশ পালে, প্ৰদীপ কুমাৰ সিঙে ৭০০ ৰ ভিতৰত ৬০৯ নম্বৰ লাভ কৰি এই পৰীক্ষাত উত্তীৰ্ণ হৈছে।

কিন্তু ইয়াৰ মাজতে বহুতৰ মনত হয়তো বাৰে বাৰে এটা প্ৰশ্ন আহি আছে। সেইটো হৈছে এনে পৰীক্ষাবোৰৰ নিজা কিছুমান নিয়ম আৰু বাধ্যবাধকতা থাকে। তাৰে এটা হৈছে বয়সৰ সীমা। পিচে, যিকোনো বয়সৰ মানুহে এই পৰীক্ষা দিব পাৰেনে?

লগতে পঢ়ক: হায়দৰাবাদত অথন্তৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ: সমুখৰ পৰা মাইক কাঢ়ি নিয়াৰ চেষ্টা শাসকীয় দলৰ কৰ্মীৰ

ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে ২০২২ চনৰ মাৰ্চত জনায় যে এতিয়াৰ পৰা NEET-UG  পৰীক্ষাৰ বাবে বয়সৰ কোনো উচ্চ সীমা নাথাকিব। অৰ্থাৎ যিকোনো বয়সৰ লোকে এতিয়াৰ পৰা এই প্ৰৱেশ পৰীক্ষা দিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

June 8, 2026 1:43 pm
আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

June 8, 2026 12:46 pm
ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

June 8, 2026 12:07 pm
৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

June 8, 2026 11:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

June 8, 2026 1:43 pm
আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

June 8, 2026 12:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd