• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কামত অসন্তুষ্ট! পাঁচজন কনিষ্ঠ আৰক্ষী বিষয়াক দুঘণ্টাৰ বাবে জে’লত ভৰালে এছপিয়ে, তাৰপিছত…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 11, 2022 2:26 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কামত অসন্তুষ্ট হৈ বিহাৰ আৰক্ষীৰ পাঁচজন কনিষ্ঠ বিষয়াক দুঘণ্টাৰ বাবে কাৰাবাস দিয়াৰ ঘটনা পোহৰলৈ আহিছে। ঘটনাটোৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই ঘটনাকলৈ ইতিমধ্যে ব্যাপক চৰ্চা হৈছে। বহুতে এই ঘটনাক ঔপনিৱেশিক যুগৰ বৰ্বৰতাৰ সৈতে তুলনা কৰিছে।

ইপিনে, সাংবাদিকে ফোনযোগে সংশ্লিষ্ট বিষয়াজনৰ সৈতে বাৰে বাৰে যোগাযোগ কৰিবলৈ চেষ্টা কৰা স্বত্বেও তেওঁ ফোনটো ধৰা নাছিল। এছএমএছ-ৰো কোনো সঁহাৰি দিয়া নাছিল।

শনিবাৰে, বিহাৰ আৰক্ষী সংস্থাই এই ঘটনাটোক গৰিহণা দিয়ে আৰু “ন্যায়িক তদন্ত” দাবী কৰে।

Apply Now

লগতে পঢ়ক: ইডিৰ তালাচী: প্ৰায় ১৫ ঘণ্টাৰ মাৰাথন অভিযানত আমিৰ খানৰ ঘৰৰ পৰা উদ্ধাৰ ১৮ কোটি টকা

ঘটনাটো বৃহস্পতিবাৰে নিশা সংঘটিত হৈছিল। নয়ৱাদা জিলাৰ এখন আৰক্ষী থানাত কৰ্তব্যৰত পাঁচজন আৰক্ষী বিষয়াৰ কামত অসন্তুষ্ট হোৱাৰ পিছত আৰক্ষী অধীক্ষক গৌৰৱ মংলাই তেওঁলোকক দুঘণ্টাৰ বাবে কাৰাগাৰলৈ নিক্ষেপ কৰে। তেওঁলোকৰ ভিতৰত তিনিজন সহকাৰী উপ-পৰিদৰ্শক আৰু দুজন উপ-পৰিদৰ্শক আছিল।

যদিও এছপিগৰাকীয়ে ঘটনাটো “ভুৱা” আছিল দাবী কৰিছে, ভাইৰেল ভিডিঅ’টোৱে কিন্তু সম্পূৰ্ণৰূপে আন এখন ছবিহে দাঙি ধৰিছে। জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বাৰে বাৰে যোগাযোগ কৰিবলৈ চেষ্টা কৰা হয় যদিও তেওঁলোকে বিষয়টোত কোনো মন্তব্য কৰা নাই।

লগতে পঢ়ক: তিক্ততা অতীত! ৰাণীৰ মৃত্যুৰ পিছত একেলগে ডায়েনাৰ দুই পুত্ৰ হেৰী-উইলিয়াম

আৰক্ষী সংস্থাৰ সভাপতি মৃত্যুঞ্জয় কুমাৰ সিঙে এটা বিবৃতিত কয় যে এছপিৰ সৈতে যোগাযোগ কৰাৰ চেষ্টা কৰা হৈছিল যদিও তেওঁ কোনো সঁহাৰি দিয়া নাছিল। “ঘটনাটোৰ পিছতে, আমি আমাৰ নয়ৱাদা গোটৰ পৰা ঘটনাটোৰ বিষয়ে তথ্য পাইছিলো আৰু আৰক্ষী কৰ্মীৰ হোৱাটছএপ গোটতো এই বিষয়ে আলোচনা কৰা হৈছিল। এনে ধৰণৰ ঘটনাই ঔপনিৱেশিক যুগৰ বৰ্বৰতাৰ কথা মনত পেলাই দিয়ে। এই ঘটনাত বিহাৰ আৰক্ষী লজ্জানত হৈছে। আমি ন্যায়িক তদন্ত আৰু চিচিটিভি ফুটেজৰ পুংখানুপুংখ তদন্তৰ দাবী জনাইছো।‘’

बिहार पुलिस का हाल

नवादा में SP ने लापरवाही बरतने के कारण 2 दारोगा और 3 ASI को 2 घंटे तक थाने के लॉकअप में बंद कर दिया. पुलिस एसोसिएशन ने SP पर कार्रवाई की माँग की. pic.twitter.com/FpF4ye9KOb

— UKan (@UKanMovement) September 10, 2022

সংস্থাৰ ফালৰ পৰা লগতে দাবী কৰা হৈছে, “অভিযোগটো হ’ল যে এছপিয়ে বিষয়টো ঢাকি থবলৈ আৰক্ষী বিষয়াসকলক হেঁচা প্ৰয়োগ কৰি আছে। চিচিটিভি ফুটেজ বিলোপ কৰাৰ প্ৰয়াস কৰা হৈছে। শীঘ্ৰে এটা তদন্ত আৰম্ভ কৰিব লাগে আৰু আইপিচিৰ ধাৰাৰ অধীনত এছপিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিব লাগে।‘’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ক্ৰিকেটত নতুন শক্তিৰ উত্থান! বিশ্ব চেম্পিয়ন দলক পৰাস্ত কৰিলে নামিবিয়াই

ক্ৰিকেটত নতুন শক্তিৰ উত্থান! বিশ্ব চেম্পিয়ন দলক পৰাস্ত কৰিলে নামিবিয়াই

August 29, 2026 11:57 am
UGC-NET June 2026 Result: ৮৪ টা বিষয়ৰ ফলাফল ঘোষণা, কেনেকৈ চাব পৰীক্ষাৰ ফলাফল?

UGC-NET June 2026 Result: ৮৪ টা বিষয়ৰ ফলাফল ঘোষণা, কেনেকৈ চাব পৰীক্ষাৰ ফলাফল?

August 29, 2026 11:06 am
নেপালৰ বিধ্বংসী বানত অসমৰ ছয়জন সন্ধানহীন হোৱাৰ আশংকা; জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

নেপালৰ বিধ্বংসী বানত অসমৰ ছয়জন সন্ধানহীন হোৱাৰ আশংকা; জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

August 29, 2026 9:26 am
মৰ্গতো ঠাই নাই, ফটো আৰু ডি এন এ ৰাখি এইবাৰ গণ শৱদাহৰ পথত নেপাল চৰকাৰৰ প্ৰশাসন?

মৰ্গতো ঠাই নাই, ফটো আৰু ডি এন এ ৰাখি এইবাৰ গণ শৱদাহৰ পথত নেপাল চৰকাৰৰ প্ৰশাসন?

August 29, 2026 8:19 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ক্ৰিকেটত নতুন শক্তিৰ উত্থান! বিশ্ব চেম্পিয়ন দলক পৰাস্ত কৰিলে নামিবিয়াই

ক্ৰিকেটত নতুন শক্তিৰ উত্থান! বিশ্ব চেম্পিয়ন দলক পৰাস্ত কৰিলে নামিবিয়াই

August 29, 2026 11:57 am
UGC-NET June 2026 Result: ৮৪ টা বিষয়ৰ ফলাফল ঘোষণা, কেনেকৈ চাব পৰীক্ষাৰ ফলাফল?

UGC-NET June 2026 Result: ৮৪ টা বিষয়ৰ ফলাফল ঘোষণা, কেনেকৈ চাব পৰীক্ষাৰ ফলাফল?

August 29, 2026 11:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd