ক্ৰীড়া ষ্টেডিয়ামৰ পিছত এইবাৰ নৰেন্দ্ৰ মোডীৰ নামেৰে হ’ব এখন মেডিকেল কলেজ। বাতৰি অনুসৰি, আহমেদাবাদৰ মণিনগৰৰ এলজি চিকিৎসা মহাবিদ্যালয়ৰ নাম সলনি কৰি প্ৰধানমন্ত্ৰীৰ নামত ৰখা হৈছে।
বৃহস্পতিবাৰে আহমেদাবাদ পৌৰ নিগমৰ স্থায়ী সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। ইয়াত সিদ্ধান্ত লোৱা হয় যে পৌৰ নিগমৰ দ্বাৰা পৰিচালিত ‘মেডিকেল এডুকেশ্বন ট্ৰাষ্ট’ৰ দ্বাৰা পৰিচালিত এলজি মেডিকেল কলেজৰ নাম সলনি কৰা হ’ব। আলোচনাৰ পিছত বৈঠকত সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত লোৱা হয় যে প্ৰতিষ্ঠানখনৰ নাম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামেৰে ৰখা হ’ব।
লগতে পঢ়ক: অসমৰ ৮ টা আদিবাসী সংগঠনৰ সৈতে শান্তি চুক্তিত স্বাক্ষৰ কেন্দ্ৰৰ; ১ হাজাৰ কোটিৰ পেকেজ ঘোষণা
বিজেপি শাসিত আহমেদাবাদ পৌৰনিগমৰ অধ্যক্ষ হিতেশ বাৰোতে বৃহস্পতিবাৰে কয়, “এতিয়াৰে পৰা আহমেদাবাদ পৌৰনিগম পৰিচালিত এল জি মেডিকেল কলেজৰ নাম সলনি কৰি ‘নৰেন্দ্ৰ মোডী চিকিৎসা মহাবিদ্যালয়’ ৰখা হৈছে।”
আহমেদাবাদৰ মণিনগৰ বিধানসভা সমষ্টিটোৱে মোডীৰ ৰাজনৈতিক কেৰিয়াৰৰ অন্যতম গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে। তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থাকোতে ১১ বছৰ ধৰি মণিনগৰ বিধানসভা সমষ্টিৰ বিধায়ক আছিল। মুখ্যমন্ত্ৰী হিচাপে থকা সময়ছোৱাত মোডীয়ে এল জি চিকিৎসা মহাবিদ্যালয়ৰ উন্নয়নৰ প্ৰতি বিশেষ মনোযোগ দিছিল আৰু তেওঁ তাত এখন দন্ত মহাবিদ্যালয়ো আৰম্ভ কৰাত অৰিহনা যোগাইছিল।
লগতে পঢ়ক: ক্ষুব্ধ চীন! টাইৱানকলৈ ঐতিহাসিক সিদ্ধান্ত ল’ব বিচাৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই!
উল্লেখ্য যে যোৱা বছৰ আহমেদাবাদৰ মোটেৰাত থকা চৰ্দাৰ পেটেল ষ্টেডিয়ামৰ নাম প্ৰধানমন্ত্ৰীৰ নামেৰে নামাকৰণ কৰা হৈছিল। বৰ্তমান ষ্টেডিয়ামখনক নৰেন্দ্ৰ মোডী ষ্টেডিয়াম বুলি কোৱা হয়। সেই বিষয়টোৱেও বিতৰ্কৰ সৃষ্টি কৰিছিল।
উক্ত ষ্টেডিয়ামখন ১৯৮৩ চনত আহমেদাবাদত ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ নামত নিৰ্মাণ কৰা হৈছিল। ইয়াৰ আগতে ইয়াক গুজৰাট ষ্টেডিয়াম বুলি কোৱা হৈছিল। পেটেলৰ নাম বিলোপ কৰি ষ্টেডিয়ামখন মোডীৰ নামেৰে নতুনকৈ নামাকৰণ কৰাৰ পিছতে ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি হৈছিল।
লগতে পঢ়ক: Vladimir Putin: পুটিনক হত্যাৰ ষড়যন্ত্ৰ! মাৰাত্মক আক্ৰমণৰ পৰা কথমপি ৰক্ষা পৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি
অৱশ্যে বিজেপিয়ে এই বিতৰ্কক বেছি গুৰুত্ব দিয়া নাছিল আৰু তেওঁলোকে যুক্তি দাঙি ধৰিছিল যে ইয়াত কোনো নাম পৰিৱৰ্তন হোৱা নাই। সমগ্ৰ ক্ৰীড়া চৌহদটো পেটেলৰ নামতে আছে। এই ষ্টেডিয়ামখন ইয়াৰ অংশহে মাথোঁ।