• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ম্যানমাৰৰ বিদ্যালয়ত হেলিকপ্তাৰেৰে আক্ৰমণ কৰিলে সেনাই, ৭ টা শিশুসহ ১৩ জন নিহত

 এন ই নাও নিউজ ,গুৱাহাটী by এন ই নাও নিউজ ,গুৱাহাটী
September 20, 2022 11:33 am
243
VIEWS
Share on FacebookShare on Twitter

ম্যানমাৰত চৰকাৰী সেনাই আজি অসামৰিক লোকৰ ওপৰত এক ভয়ংকৰ আক্ৰমণ ঘটায়। সামৰিক প্ৰশাসনৰ হেলিকপ্টাৰে উত্তৰ-মধ্য ম্যানমাৰৰ এখন বিদ্যালয় আৰু গাঁৱত আক্ৰমণ চলায়। ফলত সাতটা শিশুসহ কমেও ১৩ জন লোক নিহত হৈছে। বিদ্যালয়ৰ সৈতে জৰিত এজন ব্যক্তিয়ে সংবাদ মাধ্যমৰ আগত এই আক্ৰমণৰ কথা প্ৰকাশ কৰিছে। উল্লেখ্য দেশ খনত গণতন্ত্ৰকামী বিদ্ৰোহী আৰু তেওঁলোকৰ মিত্ৰশক্তিৰ ওপৰত সামৰিক চৰকাৰৰ সেনাই আক্ৰমণ অব্যাহত ৰাখিছে।

এই আক্ৰমণত এতিয়ালৈকে বহু অসামৰিক লোকৰ মৃত্যু ঘটিছে। অৱশ্যে শেহতীয়াকৈ চাগাইং অঞ্চলৰ টাবায়িনত হোৱা বিমান আক্ৰমণত নিহত হোৱা শিশুৰ সংখ্যা যোৱা বছৰ ফেব্ৰুৱাৰীত সেনাই ক্ষমতা দখল কৰাৰ পিছত সৰ্বাধিক হোৱা দেখা গৈছিল। চলিত মাহত ইউনিচেফে প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি ম্যানমাৰত গাওঁ জ্বলোৱাৰ ঘটনা ইমনেই বৃদ্ধি পাইছে যে আধা নিযুতৰো অধিক লোক স্থানচ্যুত হৈ পৰিছে।

শুক্ৰবাৰে হোৱা আক্ৰমণটো দেশৰ দ্বিতীয় বৃহত্তম চহৰ মান্দালয়ৰ পৰা প্ৰায় ১১০ কিলোমিটাৰ (৭০ মাইল) উত্তৰ-পশ্চিমত থকা তাবায়িনৰ লেট ইয়েট কোনে গাঁৱত সংঘটিত হৈছে। সেই অঞ্চলক ডেপাইন বুলিও জনা যায়। বিদ্যালয়ৰ প্ৰশাসক মাৰ মাৰে কয় যে তেওঁ ছাত্ৰ-ছাত্ৰীসকলক তলৰ মহলাৰ শ্ৰেণীকোঠাত সুৰক্ষিত ভাৱে লুকুৱাই ৰাখিবলৈ চেষ্টা কৰিছিল।

গাওঁখনৰ উত্তৰে আকাশত চাৰিখন এমআই-৩৫ হেলিকপ্টাৰ উৰি আছিল। দুখনে গাওঁখনৰ বৌদ্ধ মঠৰ চৌহদত অৱস্থিত বিদ্যালয়খনত আক্ৰমণ চলাইছিল। হেলিকপ্টাৰৰ পৰা মেচিনগানেৰে ধাৰাসাৰ গুলীবৰ্ষণ কৰা হৈছিল।
যোৱা বছৰ সেনাই ম্যানমাৰৰ ক্ষমতা দখল কৰাৰ পিছত নিৰাপত্তা বাহিনীয়ে কমেও ২,২৯৮ জন নাগৰিকক হত্যা কৰিছে। ৰাষ্ট্ৰসংঘই অভ্যুত্থানৰ পিছত বিদ্যালয় আৰু শিক্ষা কৰ্মীৰ ওপৰত ২৬০ টা আক্ৰমণৰ ঘটনা ঘটা বুলি প্ৰকাশ কৰিছে।

Recent News

হাবিৰ জুই

হাবিৰ জুই

বঙাইগাঁৱৰ থানাৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ আৰক্ষী জোৱান

বঙাইগাঁৱৰ থানাৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ আৰক্ষী জোৱান

মহাৰাষ্ট্ৰত তৃতীয় ভাষাৰ অধিসূচনা সংশোধন! হিন্দী বাধ্যতামূলক নহয় বিদ্যালয়ত

মহাৰাষ্ট্ৰত তৃতীয় ভাষাৰ অধিসূচনা সংশোধন! হিন্দী বাধ্যতামূলক নহয় বিদ্যালয়ত

ভাৰত আৰু কানাডা সম্পৰ্ক উন্নত কৰাৰ প্ৰয়াস! নতুন উচ্চায়ুক্ত নিযুক্তিৰ সিদ্ধান্ত কানাডাৰ

ভাৰত আৰু কানাডা সম্পৰ্ক উন্নত কৰাৰ প্ৰয়াস! নতুন উচ্চায়ুক্ত নিযুক্তিৰ সিদ্ধান্ত কানাডাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd