• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চণ্ডীগড়ৰ বিশ্ববিদ্যালয়ৰ পিছত এইবাৰ মাদুৰাইত ছাত্ৰীৰ স্নান আৰু কাপোৰ সলোৱাৰ ভিডিঅ’ যুৱকলৈ প্ৰেৰণ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
September 25, 2022 5:35 pm
আশিক আৰু কালিশ্বৰী

আশিক আৰু কালিশ্বৰী

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পঞ্জাৱৰ চণ্ডীগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ স্নান কৰাৰ ছবি ভাইৰেল হোৱাকলৈ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে তামিলনাডুৰ মাদুৰাইতো অনুৰূপ ঘটনা ঘটাৰ খবৰ আহিছে। অভিযোগ অনুসৰি এগৰাকী ছাত্ৰীয়ে তেওঁ বাস কৰা ছাত্ৰী নিবাসৰ একাংশ ছাত্ৰীৰ গা ধোৱা কাপোৰ সলনি কৰাৰ ভিডিঅ’ আৰু তেওঁৰ প্ৰেমিকলৈ প্ৰেৰণ কৰিছে। আৰক্ষীয়ে ইতিমধ্যে ভিডিঅ’ প্ৰেৰণ কৰা ছাত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰিছে।

ছাত্ৰীৰ স্নান কৰা আৰু কাপোৰ পিন্ধাৰ ভিডিঅ’ প্ৰেমিকলৈ পঠিওৱা অভিযুক্ত ছাত্ৰীগৰাকীৰ নাম কালিশ্বৰী। তেওঁ মাদুৰাইৰ এখন ব্যক্তিগত মহাবিদ্যালয়ত বিএড পাঠ্যক্ৰমত অধ্যয়ন কৰি আছে ।আৰক্ষীয়ে প্ৰকাশ কৰা মতে কালিশ্বৰীয়ে এনে ভিডিঅ’ তেওঁৰ প্ৰেমিক আশিকলৈ প্ৰেৰণ কৰিছিল। একাংশ ছাত্ৰীৰ কালিশ্বৰীৰ গতিবিধিৰ বিষয়ে সন্দেহ ওপজে। সেই সন্দেহত ঠাত্ৰীসকলে কালিশ্বৰীক জেৰা কৰে।

Apply Now

ছাত্ৰীসকলে কালিশ্বৰীৰ মোবাইল ফোনৰ পৰা আৱাসীসকলৰ কেইবাটাও গোপন ভিডিঅ’ আৰু ছবি উদ্ধাৰ কৰে। হোষ্টেলৰ পৰা অভিযোগ পোৱাৰ পিছত, মাদুৰাই আৰক্ষীৰ চাইবাৰ অপৰাধ শাখাই তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে তদন্ত কৰি আশিক আৰু কালিশ্বৰীক গ্ৰেপ্তাৰ কৰিছে। উল্লখ্য সমগ্ৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা চণ্ডীগড় বিশ্ববিদ্যালয়ৰ অশ্লীল ভিডিঅ’ কাণ্ড সন্দৰ্ভত পঞ্জাৱ আৰক্ষীয়ে অৰুণাচল প্ৰদেশত নিযুক্ত এজন সেনা জোৱানক গ্ৰেপ্তাৰ কৰিছে।

ধৃত সেনা জোৱানগৰাকীক সঞ্জীৱ সিং বুলি চিনাক্ত কৰা হৈছে।অভিযুক্ত সঞ্জীৱ সিং অৰুণাচল প্ৰদেশৰ চেলা পাছত নিযুক্ত হৈ আছিল। সিঙৰ বিৰুদ্ধে বিশ্ববিদ্যালয়ৰ অশ্লীল ভিডিঅ’ৰ দ্বাৰা এগৰাকী ছাত্ৰীক ব্লেকমেইল কৰাৰ লগতে আন ছাত্ৰীকো অশ্লীল ভিডিঅ’ দাবী কৰাৰ অভিযোগ উত্থাপন হৈছিল।

পঞ্জাৱৰ আৰক্ষী সঞ্চালক প্ৰধান গৌৰৱ যাদৱে উল্লেখ কৰা মতে ফৰেনচিক আৰু ডিজিটেল প্ৰমাণৰ ভিত্তিত সঞ্জীৱ সিঙক গ্ৰেপ্তাৰ কৰিবলৈ ম’হালিৰ এটা আৰক্ষী দল চেলা পাছলৈ প্ৰেৰণ কৰা হৈছিল।

দলটোৱে অৰুণাচল প্ৰদেশ আৰু অসম আৰক্ষীৰ সহযোগত অভিযুক্ত সঞ্জীৱ সিঙক গ্ৰেপ্তাৰ কৰে বুলি আৰক্ষী সঞ্চালক প্ৰধান যাদৱে লগতে জানিবলৈ দিয়ে।

উল্লেখ্য যে যোৱা সপ্তাহত পঞ্জাৱৰ ম’হালিৰ বিশ্ববিদ্যালয় চৌহদত কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীৰ আপত্তিজনক ভিডিঅ’ ৱাছৰুমত ৰেকৰ্ড কৰাৰ অভিযোগত প্ৰতিবাদে জোকাৰি গৈছিল।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইয়াৰ পূৰ্বে হিমাচল প্ৰদেশৰ পৰা এগৰাকী যুৱতীসহ তিনিগৰাকী লোকক গ্ৰেপ্তাৰ কৰিছিল।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd