• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পতনৰ অভিলেখ! আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য ৮২ টকা অতিক্ৰম

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 7, 2022 3:05 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Rupee falls to an all-time low  ভাৰতীয় টকাৰ অৱনমন অব্যাহত আছে। এইবাৰ আমেৰিকান ডলাৰৰ মূল্য ৮২ টকা অতিক্ৰম কৰিছে। শুকুৰবাৰে ৰাতিপুৱা বজাৰ খোলাৰ সময়ত টকাৰ মূল্য ৩৩ পইচা হ্ৰাস পায়। শতাংশ হিচাপে, ই হৈছে ০.৪১ শতাংশ। এই বৃহৎ হ্ৰাসৰ ফলস্বৰূপে টকাৰ নতুন মূল্য হয়গৈ ৮২.২২টকা। এটা সময়ত হ্ৰাস পাই পাই ডলাৰৰ বিপৰীতে টকাৰ মূল্য ৮২.৩৩ টকাত ৰয়। প্ৰথমবাৰৰ বাবে ভাৰতীয় মুদ্ৰাৰ মূল্য এইবাৰ ৮২ টকা অতিক্ৰম কৰিছে।

বজাৰ বিশেষজ্ঞসকলে বিশ্বাস কৰে যে টকাৰ মূল্যৰ অভিলেখ হ্ৰাস হোৱাৰ কাৰণ হৈছে খাৰুৱা তেলৰ মূল্য নিৰন্তৰ বৃদ্ধি, বিশ্বব্যাপী বিত্তীয় মন্দাৱস্থাৰ আশংকা, বিদেশী বিনিয়োগৰ অভাৱ আদি। পৰিসংখ্যা অনুসৰি, কেৱল এই বছৰেই টকাৰ মূল্য ১০.৬ শতাংশ হ্ৰাস পাইছে। যোৱা আঠ বছৰত এই হ্ৰাস ২৫ শতাংশতকৈও অধিক হৈছে।

লগতে পঢ়ক: আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিমান আক্ৰমণত চিৰিয়াত নিহত দুই শীৰ্ষ দুৰ্ধৰ্ষ আই এছ নেতা

Apply Now

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদন অনুসৰি ২০১৪ চনৰ ৩১ ডিচেম্বৰত এক ডলাৰৰ মূল্য আছিল ৬৩ টকা ৩৩ পইচা। ২০১৮ৰ ৩১ ডিচেম্বৰত এই মূল্য ৬৯.৭৯টকালৈ বৃদ্ধি হয়। ২০১৯ চনৰ অন্তিম দিনটোত দেখা গৈছিল যে ডলাৰৰ হিচাপত ভাৰতীয় মুদ্ৰাৰ মূল্য ৭০-ৰ সীমা অতিক্ৰম কৰিছে।

কৰোনা কালৰ পিছত এই বিনিময় মূল্য আছিল প্ৰায় সত্তৰ টকা। কিন্তু ভাৰতীয় মুদ্ৰা বজাৰ কেইমাহমানৰ পৰা মন্দাৱস্থাত আছে। ভাৰতীয় মুদ্ৰাৰ মূল্য ক্ৰমান্বয়ে হ্ৰাস পাইছে। যিটো অৰ্থনীতিৰ বাবে যথেষ্ট উদ্বেগৰ বিষয়।

উল্লেখ্য যে যোৱা ২৩ ছেপ্টেম্বৰত বজাৰ খোলাৰ লগে লগে ডলাৰৰ বিপৰীতে একেবাৰতে টকাৰ মূল্য বহুখিনি হ্ৰাস পাইছিল। সেইদিনা এক আমেৰিকান ডলাৰৰ মূল্য পাইছিলগৈ ৮১ টকা ৯ পইচা। প্ৰথমবাৰৰ বাবে টকাৰ মূল্য ৮১ টকা অতিক্ৰম কৰিছিল।

লগতে পঢ়ক: বিদ্যালয়ৰ ৱাশ্বৰূমত ১১ বছৰীয়া ছাত্ৰীক দলবদ্ধ ধৰ্ষণ; উচ্চ শ্ৰেণীৰ দুই ছাত্ৰৰ বিৰুদ্ধে অভিযোগ

পৰিসংখ্যা অনুসৰি, এই বছৰৰ ফেব্ৰুৱাৰী মাহৰ পিছত বজাৰ চলি থকাৰ সময়ত এনেদৰে টকাৰ মূল্য ইমান হ্ৰাস হোৱা নাছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ ভাৰতীয় দলত ছেহৱাগ-দ্ৰাবিড়; তেওঁলোকৰ পিতৃৰ পিছত এইবাৰ নীলা জাৰ্চিত আৰ্যবীৰ-অন্বয়

পুনৰ ভাৰতীয় দলত ছেহৱাগ-দ্ৰাবিড়; তেওঁলোকৰ পিতৃৰ পিছত এইবাৰ নীলা জাৰ্চিত আৰ্যবীৰ-অন্বয়

August 27, 2026 3:55 pm
‘ভৰি ক’ৰ্ট মে গুলি মাৰেংগে মেৰী জান’ গীতৰ গায়কক ১৮ জাঁই গুলী, থিতাতে মৃত্যু

‘ভৰি ক’ৰ্ট মে গুলি মাৰেংগে মেৰী জান’ গীতৰ গায়কক ১৮ জাঁই গুলী, থিতাতে মৃত্যু

August 27, 2026 3:21 pm
কানপুৰৰ গংগা বেৰেজৰ সমীপত হঠাতে ভাঙি পৰিল বিমান, ২ জনৰ মৃত্যু

কানপুৰৰ গংগা বেৰেজৰ সমীপত হঠাতে ভাঙি পৰিল বিমান, ২ জনৰ মৃত্যু

August 27, 2026 2:49 pm
যজ্ঞৰ নামত শ্লীলতাহানি! ‘ছয়তানৰ ছাঁ’ আঁতৰোৱাৰ অজুহাতত কেইবালাখ টকাৰ সম্পত্তি লুট তান্ত্ৰিকৰ

যজ্ঞৰ নামত শ্লীলতাহানি! ‘ছয়তানৰ ছাঁ’ আঁতৰোৱাৰ অজুহাতত কেইবালাখ টকাৰ সম্পত্তি লুট তান্ত্ৰিকৰ

August 27, 2026 1:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ ভাৰতীয় দলত ছেহৱাগ-দ্ৰাবিড়; তেওঁলোকৰ পিতৃৰ পিছত এইবাৰ নীলা জাৰ্চিত আৰ্যবীৰ-অন্বয়

পুনৰ ভাৰতীয় দলত ছেহৱাগ-দ্ৰাবিড়; তেওঁলোকৰ পিতৃৰ পিছত এইবাৰ নীলা জাৰ্চিত আৰ্যবীৰ-অন্বয়

August 27, 2026 3:55 pm
‘ভৰি ক’ৰ্ট মে গুলি মাৰেংগে মেৰী জান’ গীতৰ গায়কক ১৮ জাঁই গুলী, থিতাতে মৃত্যু

‘ভৰি ক’ৰ্ট মে গুলি মাৰেংগে মেৰী জান’ গীতৰ গায়কক ১৮ জাঁই গুলী, থিতাতে মৃত্যু

August 27, 2026 3:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd