• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গাত দুটাকৈ গুলীৰ আঘাত লৈও যুঁজাৰু ‘জুম’ৰ সাহসী যুঁজ: দুই সন্ত্ৰাসবাদীৰ নিধনত আগবঢ়ালে সহায়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 11, 2022 5:06 pm
Army Dog Zoom
218
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত এক সংঘৰ্ষৰ সময়ত ভাৰতীয় সেনাৰ প্ৰশিক্ষণপ্ৰাপ্ত এটা কুকুৰ গুৰুতৰভাৱে আহত হয়। এই আহত কুকুৰটোৰ বীৰত্বৰ কাহিনীয়ে এতিয়া লাভ কৰিছে ব্যাপক চৰ্চা।

দেওবাৰে নিশা টাংপাৱা অঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে তথ্য লাভ কৰাৰ পিছত নিৰাপত্তাৰক্ষী বাহিনীয়ে তালাচী অভিযান আৰম্ভ কৰে। সোমবাৰে পুৱা সেনাই জুম নামৰ কুকুৰটোক সন্ত্ৰাসবাদী থকা ঘৰটোৰ ভিতৰলৈ প্ৰেৰণ কৰে।

সেনাৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে জুম এক উচ্চ প্ৰশিক্ষিত আৰু দক্ষ কেনাইন। সন্ত্ৰাসবাদীৰ সন্ধান উলিওৱাৰ বাবে বিশেষভাৱে প্ৰশিক্ষণ দিয়া জুম নামৰ এই কুকুৰটোৱে দক্ষিণ কাশ্মীৰত বহুকেইটা অভিযানৰ অংশ হিচাপে সেৱা আগবঢ়াইছে বুলি তেওঁলোকে কয়।

সোমবাৰে জুমক আন অভিযানৰ দৰেই সন্ত্ৰাসবাদী লুকাই থকা ঘৰটোত প্ৰাথমিক আক্ৰমণৰ দায়িত্ব দিয়া হৈছিল। দুৰ্ভাগ্যবশতঃ অভিযানৰ সময়ত জুমৰ শৰীৰত দুটাকৈ গুলী লাগে আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

অভিযানৰ তদাৰক কৰা এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে গুৰুতৰ আঘাতৰ পাছতো জুমে বীৰত্বৰে যুঁজ দিয়ে আৰু জুমৰ এই সাহসিকতাৰ সহায়তে দুই সন্ত্ৰাসবাদী নিহত হয়।

অভিযানৰ মাজতে জুমক ততাতৈয়াকৈ সেনাৰ ভেট চিকিৎসালয়লৈ লৈ যোৱা হয়। বৰ্তমান জুম এই চিকিৎসালয়তে চিকিৎসাধীন হৈ আছে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

ইফালে এনকাউণ্টাৰটোত নিহত সন্ত্ৰাসবাদী দুগৰাকীক লস্কৰ-ই-তৈবাৰ সদস্য বুলি চিনাক্ত কৰা হৈছে। আনহাতে সংঘৰ্ষৰ সময়ত কেইগৰাকীমান সেনা জোৱানো আঘাতপ্ৰাপ্ত হয় বুলি সেনাৰ বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

Recent News

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd