• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিমুদ্ৰাকৰণঃ শলঠেকত মোদীৰ চৰকাৰ, শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 13, 2022 5:25 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ বিমুদ্ৰাকৰণৰ সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ত মুখ থেকেচা নৰেন্দ্ৰ মোদী চৰকাৰৰ
বিমুদ্ৰাকৰণ সন্দৰ্ভত কিয় আৰু কেনেকৈ নৰেন্দ্ৰ মোদীৰ বিজেপি চৰকাৰে উচ্চতম ন্যায়ালয়ত মুখ থেকেচা খালে? 
বুধবাৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ এক বিশেষ পদক্ষেপে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ লগতে ভাৰতীয় ৰিজাৰ্ভ বেংকক অস্তস্বিত পেলাইছে। উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰ আৰু ৰিজাৰ্ভ বেংকক কঠোৰভাৱে নিৰ্দেশ দি কয় যে ২০১৬ চনৰ বিমুদ্ৰাকৰণ সন্দৰ্ভত ন্যায়ালয়ৰ মজিয়াত বিস্তৃত শপতনামা দাখিল কৰিব লাগিব।
ন্যায়াধীশ এছ আব্দুল নাজিৰ, বি আৰ গাৱৈ, এ এছ বোপন্না, ভি ৰামসুব্ৰমণিয়ন আৰু বি ভি নাগাৰথনৰ পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে লগতে কয় যে বিমুদ্ৰাকৰণৰ বিৰুদ্ধে বিভিন্ন পক্ষই দাখিল কৰা ৫৮ খন আবেদনৰ ন্যায়ালয়ে গ্ৰহণ কৰিব। ইয়াৰ পৰৱৰ্তী শুনানি অহা ৯ অক্টোবৰত গ্ৰহণ কৰা হ’ব বুলি বিচাৰপীঠখনে সদৰী কৰে।

এতিয়া প্ৰশ্ন হয় বিমুদ্ৰাকৰণৰ বিৰুদ্ধে কোনে আৰু কিয় উচ্চতম ন্যায়ালয়ত ৫৮ খনকৈ আবেদন দাখিল কৰিছিল?
উল্লেখ্য যে ২০১৬ চনৰ ৮ নৱেম্বৰৰ মধ্যনিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হঠাতে বিমুদ্ৰাকৰণৰ ঘোষণা কৰি দেশত প্ৰচলিত ৫০০ আৰু ১০০০ টকীয়া নোটসমূহৰ প্ৰচলন বন্ধ কৰি দিয়ে। ইয়াৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে বিভিন্ন পক্ষই ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন (PIL) দাখিল কৰে। বিমুদ্ৰাকৰণ বাতিল আৰু বিৰোধিতা কৰি দেশৰ বিভিন্ন উচ্চ ন্যায়ালয়ৰ লগতে উচ্চতম ন্যায়ালয়তো বহুকেইখন জনস্বাৰ্থ জড়িত আবেদন দাখিল কৰা হয়। এইদৰে বহু আবেদন দাখিল কৰাৰ পাছতে উচ্চতম ন্যায়ালয়ে এই আবেদনসমূহ বিবেচনা কৰাৰ বাবে উচ্চতম ন্যায়ালয়ৰ পাঁচ ন্যায়াধীশৰ এখন সাংবিধানিক বিচাৰপীঠ গঠন কৰি দিয়ে।

Apply Now

২০১৭ চনৰ নৱেম্বৰ মাহত উচ্চতম ন্যায়ালয়ে বিমুদ্ৰাকৰণৰ সৈতে জড়িত ইয়াৰে ১৪ খন আবেদন খাৰিজ কৰে আৰু বাকী আবেদনকাৰীসকলক বিমুদ্ৰাকৰণৰ সৈতে জড়িত গোচৰসমূহ সাংবিধানিক বিচাৰপীঠত দাখিল কৰিবলৈ পৰামৰ্শ দিয়ে।
উল্লেখ্য যে ২০১৭ চনৰ নৱেম্বৰ মাহত ভাৰতৰ উচ্চতম ন্যায়ালয়ে বিমুদ্ৰাকৰণৰ বৈধতা, কাৰ্যকৰীকৰণৰ অনিয়ম আৰু নগদ ধন উলিওৱাৰ সীমা নিৰ্ধাৰণ কৰি জনসাধাৰণৰ অধিকাৰ উলংঘনৰ বৈধতা পৰ্যালোচনা আদিকে ধৰি বিমুদ্ৰাকৰণৰ সৈতে জড়িত সকলো গোচৰ সাংবিধানিক বিচাৰপীঠলৈ প্ৰেৰণ কৰে। তেতিয়াৰে পৰা বিমুদ্ৰাকৰণেৰে জড়িত ৫৮ খনকৈ ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন সাংবিধানিক বিচাৰপীঠত বিচাৰাধীন হৈ আছে।

যোৱা বুধবাৰে উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে এই বিমুদ্ৰাকৰণৰ সন্দৰ্ভত বিবেচনাধীন আবেদনৰ শুনানি গ্ৰহণ কৰে। এই শুনানি কালত কেন্দ্ৰীয় চৰকাৰে কয় যে এইটো এটা শৈক্ষিক সদৃশ বিষয় আৰু বিমুদ্ৰাকৰণ কেতিয়াবাই হৈ গ’ল। ইতিমধ্যে পুৰণা নোট সম্পূৰ্ণ বন্ধ হৈছে। নতুন নোট প্ৰচলন কৰাৰ পিছত এই সম্পৰ্কীয় গোচৰৰ শুনানিৰ কোনো প্ৰয়োজন নাই। আনকি চৰকাৰৰ হৈ ভাৰতৰ এটৰ্নী জেনেৰেল আৰ ভেংকটৰমণি আৰু ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে এই শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে নিজৰ সময়হে অপচয় কৰিছে আৰু ইয়াৰ কোনো সাংবিধানিক বৈধতা নাই।

কিন্তু উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে চৰকাৰী পক্ষৰ উত্তৰত ঘূৰ্ণাক্ষৰে সন্তুষ্ট নহ’ল। বৰঞ্চ বিচাৰপীঠে কয় যে চৰকাৰৰ নীতিগত সিদ্ধান্তসমূহৰ ন্যায়িক পৰ্যালোচনাৰ সম্পৰ্কে সম্পূৰ্ণৰূপে অৱগত। ন্যায়ালয়ে কি কৰিব লাগে সেই বিষয়েও সজাগ। এইদৰে কৈ বিচাৰপীঠে বিমুদ্ৰাকৰণ সম্পৰ্কীয় সকলো দিশ পৰীক্ষাৰ কৰাৰ বাবে গোচৰৰ শুনানি গ্ৰহণ কৰা হ’ব বুলিও স্পষ্ট কৰি দিয়ে। বিচাৰপীঠে স্পষ্টভাৱে কয় যে কেন্দ্ৰীয় চৰকাৰ আৰু ৰিজাৰ্ভ বেংকে বিমুদ্ৰাকৰণৰ সম্পৰ্কীয় বিস্তৃত শপতনামা অহা ৯ অক্টোবৰ পূৰ্বে দাখিল কৰিব লাগিব।

উল্লেখ্য যে আবেদনকাৰীসকলে দাবী কৰিছে যে বিমুদ্ৰাকৰণে নাগৰিকৰ কেইবাটাও সাংবিধানিক অধিকাৰ উলংঘা কৰিছিল। ইয়াৰ ভিতৰত সম্পত্তিৰ অধিকাৰ (ধাৰা ৩০০ক), সমতাৰ অধিকাৰ (ধাৰা ১৪), যিকোনো ব্যৱসায় বা বৃত্তি চলোৱাৰ অধিকাৰ (ধাৰা ১৯) আৰু জীৱনৰ অধিকাৰ আৰু জীৱিকাৰ অধিকাৰ (ধাৰা ২১) উলংঘন কৰা হৈছিল।

ইফালে আবেদনকাৰীসকলৰ হৈ প্ৰাক্তন বিত্ত মন্ত্ৰী পি চিদাম্বৰমে ন্যায়ালয়ৰ মজিয়াত যুক্তি দাঙি ধৰি কয় যে বিমুদ্ৰাকৰণ কোনো কাৰণে শৈক্ষিক সদৃশ বিষয় নহয়। ভাৰতীয় ৰিজাৰ্ভ বেংক আইনৰ ২৬(২ )ধাৰাই কেন্দ্ৰ চৰকাৰৰ বিমুদ্ৰাকৰণৰ অধিকাৰ প্ৰদান কৰা নাই। চিদাম্বৰমে ১৯৭৮ আৰু ১৯৪০ চনৰ বিমুদ্ৰাকৰণৰ উদাহৰণ দাঙি ধৰি কয় যে অধ্যাদেশৰ জৰিয়তে আইন প্ৰণয়ন কৰিহে বিমুদ্ৰাকৰণ কৰা হৈছিল।

এই আইনী প্ৰসংগ বাদ দি এতিয়া আমি বিমুদ্ৰাকৰণৰ ব্যৰ্থতা বিষয়ে উল্লেখ কৰিব খুজিছো। ২০১৬ চনৰ ৮ নৱেম্বৰৰ নিশা প্ৰধানমন্ত্ৰী মোদীয়ে হঠাতে ঘোষণা কৰি কৈছিল যে দুৰ্নীতি, ক’লা ধন, জালনোট বন্ধ আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ ৫০০ আৰু ১০০০ টকীয়া নোট বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

এতিয়া প্ৰশ্ন হ’ল প্ৰধানমন্ত্ৰী মোদীয়ে কোৱাৰ দৰেই বিমুদ্ৰাকৰণৰ পিছত দেশত দুৰ্নীতি বন্ধ হৈছেনে? ক’লা ধন উভতি আহিলনে? আৰু সন্ত্ৰাসবাদীৰ ধনৰ উৎস বন্ধ হৈছে নে?
দুৰ্নীতিৰ সম্পৰ্কে ব্যাখ্যা নিষ্প্ৰয়োজন। বিদেশৰ পৰা ক’লা উভতাই আনি প্ৰতিগৰাকী ভাৰতীয়ৰ একাউন্টত ১৫ লাখকৈ টকা জমা কৰোৱাৰ সপোন দেখুওৱাই ক্ষমতাত অধিষ্ঠিত হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।কিন্তু ছুইছ বেংকে প্ৰকাশ কৰা শেহতীয়া তালিকাটো দেখা গৈছে বহু ভাৰতীয় ব্যক্তি আৰু প্ৰতিষ্ঠানে ছুইছ বেংকত ধন জমা ৰাখিছে। ক’লা ধন উভতি আহিল নে নাই সেই বিষয়ে আপোনালোকক কোৱাৰ হয়তো কোনো প্ৰয়োজন নাই। ২০১৮ চনৰ ৰিজাৰ্ভ বেংকৰ নিজা তথ্যৰ মতেই বিমুদ্ৰাকৰণৰ পাছত ১০,৭২০ কোটি টকা জমা হোৱা নাছিল। প্ৰশ্ন হয় এই বিশাল পৰিমাণৰ ধনখিনি ক’লৈ গ’ল?

ইফালে সন্ত্ৰাসসবাদীৰ ধনৰ উৎসও বন্ধ হোৱাৰ নামেই লোৱা নাই। দেশৰ বিভিন্ন প্ৰান্তত সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ বৃদ্ধি পোৱা গৈছে। বৰং সন্ত্ৰাসবাদক দমন কৰাৰ স্বাৰ্থ জম্মু আৰু কাশ্মীৰৰ পৰা সংবিধানৰ অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হৈছিল মোদী চৰকাৰ।

ইয়াৰোপৰি বিমুদ্ৰাকৰণে জালনোট বন্ধ কৰিব বুলিও চৰকাৰী পক্ষই বাৰম্বাৰ উল্লেখ কৰিছিল। কিন্তু জালনোট দেশত বন্ধ হোৱা বিপৰীতে বৃদ্ধিহে পোৱা পৰিলক্ষিত হৈছে। খোদ ৰাষ্ট্ৰীয় অপৰাধ অনুসন্ধান শাখাৰ তথ্যৰ মতে ২০২০ বৰ্ষত ৯২ হাজাৰ কোটি টকাৰ জালনোট জব্দ কৰা হৈছিল। ২০১৯ চনৰ ২৫ হাজাৰ জাল নোট জব্দ কৰাৰ বিপৰীতে ২০২০ বৰ্ষত ইয়াৰ পৰিমাণ ১৯০ গুণ বৃদ্ধি পাইছে। আনহাতে বিমুদ্ৰাকৰণৰ বাবেই সমগ্ৰ দেশত ১৫০ৰো অধিক লোকে প্ৰাণ হেৰুওৱায়।
এই সকলোবোৰেই প্ৰমাণ কৰে যে বিমুদ্ৰাকৰণ কেৱল বিফল হোৱাই নহয় ই ভাৰতৰ অৰ্থনীতিতো বিৰূপ প্ৰভাৱ পেলায়। ইয়াৰ পাছতো চৰকাৰে বিমুদ্ৰাকৰণক ন্যায়ালয়ৰ মজিয়াত এক একাডেমিক বিষয় বুলি লঘু কৰিবলৈ কৰা চেষ্টা কৰি নিজেই মুখ থেকেচা খালে

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd