• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home শীর্ষ সংবাদ

ফেটী লিভাৰৰ বিষয়ে কিছু কথা

ডাঃ অঞ্জন শইকীয়া by ডাঃ অঞ্জন শইকীয়া
October 18, 2022 2:25 pm
Fatty liver
27
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“ফেটী লিভাৰ”- আজিকালি প্ৰায়েই শুনিবলৈ পোৱা যায় এই শব্দটি। অৰ্থাৎ লিভাৰ বা যকৃতৰ কোষসমূহত অপ্ৰয়োজনীয়ভাৱে মেদ বা চৰ্বী জমা হৈ যকৃতৰ আকাৰ বৃদ্ধি পোৱা অৱস্থাটি। এই ফেটী লিভাৰ কি আৰু ইয়াৰ ভিন্ন প্ৰকাৰ,আক্ৰান্ত হ’লে ব্যক্তি এজন কেনে অৱস্থাৰ মাজেৰে যাব পাৰে,ইয়াৰ নিৰাময় বা চিকিৎসা-পদ্ধতি কি- এইবোৰ দিশৰ ওপৰতেই আজি কিছু কথা জনাবলৈ ওলাইছো। মানৱ দেহৰ ছালৰ পিছতেই আটাইতকৈ বৃহৎ অংগটিয়েই হৈছে যকৃত বা লিভাৰ। দেহটি বা পৰিপাক প্ৰক্ৰিয়া চলাই নিয়াৰ ক্ষেত্ৰত যকৃত বা লিভাৰৰ কাৰ্যক্ৰীয়া বহুত। লিভাৰ বা যকৃতে দেহে গ্ৰহণ কৰা খাদ্য আৰু পানীয়ৰ পৰা পুষক তত্বসমূহ দেহৰ উপযোগী কৰি প্ৰস্তুত কৰাৰ লগতে তেজৰ পৰা অপকাৰী বা দূষিত পদাৰ্থসমূহ নিষ্কাৰণ কৰে। ফেটী লিভাৰ আচলতে এবিধ লাইফষ্টাইল ডিজিজ বা বৰ্তমানৰ বিশৃংখল জীৱনচৰ্যাই সৃষ্টি কৰা ৰোগ।

এজন ব্যক্তিৰ আজিকালি আলট্ৰাচ’ন’গ্ৰাফী কৰিলেই,সাধাৰণতে ফেটী লিভাৰ ধৰা পৰা একেবাৰেই স্বাভাৱিক কথা হৈ পৰিছে। পিছে এই ফেটী লিভাৰ বা লিভাৰৰ কোষবিলাকত মেদ বা চৰ্বী জমা হয়নো কিদৰে?বিভিন্ন খাদ্য,যেনে অত্যধিক তেল-মছলাযুক্ত আৰু ভজা-পুৰা খাদ্য,অধিক পৰিমাণে ফাষ্ট ফুড আৰু জাংক ফুড খোৱা,কাৰ্ব’নেটেড পানীয় অৰ্থাৎ শীতল পানীয় পান কৰা,মধ্যমীয়া বা অধিক মাত্ৰাত সুৰাপান কৰা,শাৰিৰীক পৰিশ্ৰমহীনতা,মেদবহুলতা ইত্যাদি বৰ্তমানৰ জীৱনচৰ্যাজনিত কাৰণত সাধাৰণতে লিভাৰত অতিৰিক্তভাৱে চাপ বৃদ্ধি হয় আৰু ক্ৰমশঃ একেই খাদ্যাভাষ,জীৱনচৰ্যা চলি থকাৰ ফলত যকৃতত মেদ বা চৰ্বী জমা হ’বলৈ ধৰে।

Apply Now

ফেটী লিভাৰ ডিজিজৰ কেইবাটাও স্তৰ থাকে। খুব কম পৰিমাণৰ মেদ লিভাৰত থকাতো স্বাভাৱিক বা সাধাৰণ কথা। পিছে এই স্তৰ বাঢ়ি গৈ থকাৰ সমান্তৰালকৈ সমস্যাবিলাকে গা কৰি উঠিব ধৰে। একেবাৰে অন্তিম পৰ্যায়ত লিভাৰ বা যকৃত বিকল হৈয়ো পৰিব পাৰে। ফেটী লিভাৰ ডিজিজক চিকিৎসা বিজ্ঞানৰ ভাষাত”হেপাটিক ষ্টেট’ছিচ”বুলি কোৱা হয়। ইয়াৰ প্ৰধান প্ৰকাৰ কেইটা হৈছে-

১)এ এফ এল ডি(এলক’হলিক ফেটী লিভাৰ ডিজিজ)-অৰ্থাৎ অধিক মাত্ৰাত কৰা সুৰাপানৰ ফলত সৃষ্ট ফেটী লিভাৰ ডিজিজ। ইয়াৰ ফলত হ’ব পৰা আন এবিধ লিভাৰৰ সমস্যা হৈছে-এ এছ এইচ(এলক’হলিক ষ্টেট’হেপাটাইটিছ)।

২)এন এ এফ এল ডি(নন এলক’হলিক ফেটী লিভাৰ ডিজিজ)-যিবিধ ফেটী লিভাৰ ডিজিজ সুৰাপানৰ ফলত নহয়। ইয়াৰ পৰা হ’ব পৰা এবিধ প্ৰকাৰ হৈছে-এন এ এছ এইছ(নন এলক’হলিক ষ্টেট’হেপাটাইটিছ)

ফেটী লিভাৰ ডিজিজৰ চাৰিটা পৰ্যায় বা স্তৰত বৃদ্ধি পাই। এই চাৰিটা হৈছে-

১)গ্ৰেড-১ ফেটী লিভাৰঃ-এই স্তৰতএকেবাৰে কম পৰিমাণে লিভাৰত মেদ বা চৰ্বী জমা থাকে। এই মাত্ৰা ১ ৰ পৰ ৬% ৰ ভিতৰত।

২)গ্ৰেড-২ ফেটী লিভাৰঃ-এই স্তৰত লিভাৰত ফেট বা চৰ্বী জমা হোৱাৰ সমান্তৰালকৈ প্ৰদাহো আৰম্ভ হয়। গতিকে এই স্তৰতে চিকিৎসকৰ ওচৰ চপা জৰুৰী,যাতে পৰৱৰ্তী সময়ত লিভাৰৰ আৰু বেছি ক্ষতি নহয়।,যাতে পৰৱৰ্তী সময়ত লিভাৰৰ আৰু বেছি ক্ষতি নহয়। এই অৱস্থাত লিভাৰত ৩০ ৰ পৰা ৬০% পৰ্যন্ত চৰ্বী জমা হয়।

৩)গ্ৰেড-৩ ফেটী লিভাৰঃ-এই স্তৰ হৈছে,ফেটী লিভাৰ ডিজিজৰ আটাইতকৈ জটিল স্তৰ,য’ত লিভাৰৰ প্ৰদাহ আৰু মেদৰ বাবে লিভাৰৰ কাৰ্যক্ষমতা হ্ৰাস পোৱাৰ ফলত শৰীৰৰত বিভিন্ন লক্ষণে দেখা দিবলৈ ধৰে। যেনে-অৰুচি,বদহজম,বমিভাৱ বা বমি,ক্লান্ত অনুভৱ কৰা,ইত্যাদি। ফেটী লিভাৰ ডিজিজেএই স্তৰ পালে,ইয়াৰ সমুচিত চিকিৎসা কৰা দৰকাৰ যাতে ইয়েই লিভাৰক ফাইব্ৰ’ছিচ অথবা চিৰ’ছিচ পৰ্যায়লৈ লৈ নেযায়। এই অৱস্থাত ৬০ ৰ পৰা ৯০% পৰ্যন্ত চৰ্বী লিভাৰত জমা হয়।

৪)চিৰ’ছিচঃ-এই স্তৰত লিভাৰ স্থায়ীভাৱে আঘাতপ্ৰাপ্ত হ’বলৈ ধৰে আৰু এই আঘাত ক্ৰমশঃ বিয়পি পৰে বা বহলিবলৈ আৰম্ভ কৰে। যাৰ ফলস্বৰূপে লিভাৰে নিজৰ প্ৰয়োজনীয় কাম কাজ চলাই নিয়াত অক্ষম হয়। এই স্তৰ আটাইতকৈ জটিল আৰু সাধাৰণতে পুনৰাই পূৰ্বৰ লিভাৰৰ সুস্থতা ঘূৰাই পাবলৈ সক্ষম নহয়। ফাইব্ৰ’স্কেন বা লিভাৰ বায়’পচী(পৰীক্ষা)ৰ জড়িয়তে চিৰ’ছিচ ধৰা পেলাব পাৰি।

এতিয়া ফাইব্ৰ’ছিচ কি সেই বিষয়ে সামান্য আভাষ দিয়া হৈছে-

ফাইব্ৰ’ছিছঃ-ফেটী লিভাৰৰ এই স্তৰত দীৰ্ঘকালৰ বাবে লিভাৰত চৰ্বী জমা হৈ থকাৰ বাবে আৰু প্ৰদাহৰ বাবে লিভাৰ ক্ৰমশঃ আঘাতপ্ৰাপ্ত হ’বলৈ আৰম্ভ কৰে। যদিওবা এই পৰ্যায়তো লিভাৰে নিজৰ কাম-কাজবিলাক স্বাভাৱিকভাৱেই চলাই নিব পাৰে। কিন্তু ই এক সংকেতধ্বন্বি হ’ব পাৰে,লিভাৰক সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত।

ফেটী লিভাৰ ডিজিজত আক্ৰান্ত হোৱাৰ পূৰ্বে উল্লিখিত কাৰণসমূহৰ বাদেও বিভিন্ন কাৰণ কিছুমান হৈছে-
১)ডায়েবেটিছ বা মধুমেহ ৰোগ,
২)ইনচুলিন ৰেজিছষ্টেন্স,
৩)গৰ্ভাৱস্থা,
৪)মেদবহুলতা,
৫)তেজত অধিক কলেষ্টেৰলৰ মাত্ৰা,
৬)বৃদ্ধাৱস্থা,
৭)অন্যান্য আনুষাংগিক ৰোগৰ বাবে গ্ৰহণ কৰা কিছুমান দৰৱ,ইত্যাদি।

এতিয়া কথা হ’ল,এই ফেটী লিভাৰ ডিজিজৰ চিকিৎসা কি আৰু কেনেদৰে এই ৰোগ প্ৰতিৰোধ কৰিব পাৰি বা এই ৰোগৰ পৰা নিজকে বচাই ৰাখিব পাৰি। ইয়াৰ বাবে প্ৰথমেই বছেৰেক,ছমাহৰ মূৰে মূৰে চিকিৎসকৰ পৰামৰ্শক্ৰমে কিছু প্ৰয়োজনীয় পৰীক্ষা-নিৰীক্ষা যেনে-তেজৰ পৰীক্ষা,আলট্ৰাচ’ন’গ্ৰাফী আদি কৰাই থকা জৰুৰী। যদিহে যিকোনো ধৰণৰ বিসংগতি ধৰা পৰে,তেন্তে চিকিৎসকে প্ৰয়োজনীয় দৰৱৰ লগতে জৰুৰী পৰামৰ্শসমূহ প্ৰদান কৰিব। এনে কৰাৰ ফলত অত্যধিক জটিল ৰূপ ল’ব পৰা ৰোগক সময় থাকোতেই প্ৰতিৰোধ কৰাও সম্ভৱ। লগতে আন আন কিছু নিজে ল’ব পৰা সাৱধানতা অথবা

জীৱনশৈলীত অনা পৰিৱৰ্তন আদি যেনে-
১)যদিহে সুৰাপান কৰে,সুৰাপানৰ অভ্যাস ত্যাগ কৰা,
২)মেদবহুলতা থাকিলে,অতিৰিক্ত ওজন হ্ৰাস কৰা,
৩)সুষম বা পৰিপুষ্টিদায়ক খাদ্য গ্ৰহণ কৰা,
৪)অধিক পৰিমাণে পানী খোৱা,
৫)শাৰিৰীক পৰিশ্ৰম বা আসন কৰা বা খোজ কঢ়াৰ অভ্যাস কৰা,ইত্যাদি।

আমাৰ লিভাৰ বা যকৃতৰ কাৰ্যক্ৰম বহু হোৱাৰ লগতেই ইয়াৰ নিজকে নিজে পুনৰাই পূৰ্বাৱস্থালৈ ঘূৰাই অনাৰ ক্ষমতাও যথেষ্ট শক্তিশালী। পিছে,যদিহে অহৰহ যকৃতৰ ওপৰত অনাহুতভাৱে অত্যাচাৰ চলি থাকে,তেন্তে এসময়ত ইয়ো বিকল হৈ পৰা সম্ভৱ। গতিকেই সময় থাকোতেই সজাগ আৰু সচেতন হওক আৰু নিজৰ লিভাৰটিক কাৰ্যক্ষম কৰি ৰাখক,সুস্থ কৰি ৰাখক।

(লেখক ডাঃ অঞ্জন শইকীয়া এম বি বি এছ, এম ডি, পি এইচ ডি, এফ আই চি পি, ডি ডি এছ ই পি(USA), গুৱাহাটী মেট্ৰ’ হস্পিটেল। চিকিৎসকৰ ফোন-৮৬৩৮০৬৯৭৩৪)

ডাঃ অঞ্জন শইকীয়া

ডাঃ অঞ্জন শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

September 14, 2026 12:53 pm
আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

September 14, 2026 10:41 am
পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

September 14, 2026 12:53 pm
আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd