• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাজিৰঙাৰ কাঞ্চনজুৰিৰ পথ দুৰ্ঘটনাত নিহত গৃহৰক্ষী জোৱানৰ বাসগৃহত বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম

উত্তম শইকীয়া by উত্তম শইকীয়া
April 24, 2018 9:36 pm
Pramila rani brahma

ফাইল ফটো

156
VIEWS
Share on FacebookShare on Twitter

কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ এটা গুৰুত্বপূৰ্ণ এনিমেল কৰিডৰ কাঞ্চনজুৰিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ১৭ এপ্ৰিলত সংঘটিত এক পথ দুৰ্ঘটনাত নিহত হোৱা জয়কান্ত পেগুৰ বাসগৃহত আজি বিয়লি আহি উপস্থিত হয় বন মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্ম।

বোকাখাতৰ ২ নং আৰ্দশ বালিজান মিচিং গাওঁৰ বাসিন্দা নিহত জয়কান্তৰ বিধবা পত্নী দিপালী পেগুৰ লগতে শোকসন্তপ্ত পৰিয়ালক লগ কৰি বনমন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই গৃহৰক্ষী জোৱানজনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি সমবেদনা জ্ঞাপন কৰাৰ লগতে মৃত পেগুৰ পৰিবাৰক নিজা ববীয়াকৈ নগদ ৫০ হেজাৰ টকা তথা বিশ্ব প্ৰকৃতি নিধিৰ তৰফৰ পৰা দিয়া ৩ লাখ টকাৰ একালীন সাহাৰ্য্যৰ অনুমোদন পত্ৰ প্ৰদান কৰে।

ইয়াৰোপৰি নগাওঁ জিলা প্ৰশাসনৰ তৰফৰ পৰাও জয়কান্ত পেগুৰ পৰিয়াললৈ ২ লাখ টকাৰ একালীন সাহাৰ্য দিয়া বুলি মন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে ৷

মৃতকৰ পৰিয়াল আৰু সদৌ অসম ট্ৰাইবেল সংঘৰ বোকাখাত গোটৰ তৰফৰ পৰা মন্ত্ৰী গৰাকীক নিহত জয়কান্ত পেগুৰ পৰিয়ালৰ এজন সদস্যক কৰ্ম সংস্থাপন দিবৰ বাবে আবেদন জনায় পত্ৰ প্ৰদান কৰা হয় ৷ তেওঁ কৰ্ম সংস্থাপনৰ বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা কৰা হব বুলি পৰিয়ালটোক আশ্বাস দিয়ে ৷

মন্ত্ৰী গৰাকীৰ সৈতে বনবিভাগৰ উচ্চ পদস্থ বিষয়া, কাজিৰঙাৰ কৰ্তৃপক্ষ আৰু বোকাখাতৰ মহকুমাধিপতিও উপস্থিত আছিল।

উল্লেখযোগ্য যে যোৱা ১৭ এপ্ৰিলত কাঞ্চনজুৰিত পথৰ কাষত কৰ্মৰত অৱস্থাতে বনকৰ্মী বাদশ্বাহ আলী আৰু গৃহৰক্ষী জোৱান জয়কান্ত পেগুক এখন বাহনে মহতিয়াই থৈ গৈছিল। দূৰ্ঘটনাত গুৰুত্বৰ ভাৱে আহত জয়কান্ত পেগুয়ে ২২ এপ্ৰিলত চিকিৎসাধীন অৱস্থাতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যুক সৱতি লয়।

পেগুৰ পৰিয়ালৰ সদস্যই চিকিৎসাত অৱহেলা হোৱাৰ বাবে লোকজনৰ মৃত্যু হ’বলগীয়া হয় বুলি বন মন্ত্ৰীৰ সমুখত ক্ষোভ প্ৰকাশ কৰে ৷ মৃত্যুৰ সময়ত গৃহৰক্ষী জোৱানজনে পৰিবাৰ দিপালী পেগুৰ লগতে তিনি গৰাকী কন্যা আৰু এটি পুত্ৰ সন্তানক এৰি থৈ যায় ৷

Recent News

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd