Ireland beats West Indies by 9 wickets ৱেষ্ট ইণ্ডিজ টী-২০ বিশ্বকাপৰ পৰা বাহিৰ হৈছে। প্ৰাক্তন বিশ্ব চেম্পিয়ন দলটো আয়াৰলেণ্ডৰ হাতত পৰাজিত হৈছে। আয়াৰলেণ্ডে বিশ্বকাপৰ ছুপাৰ-১২ পৰ্যায়ত উপনীত হৈছে। কিন্তু কিহৰ বাবে দুবাৰৰ চেম্পিয়ন দলটো নতুন এটা দলৰ হাতত এইদৰে ধৰাশায়ী হ’বলগীয়া হ’ল তাকেলৈ ক্ৰিকেট অনুৰাগীসকলৰ মাজত ব্যাপক চৰ্চা চলিছে।
শুকুৰবাৰে ৱেষ্ট ইণ্ডিজ বনাম আয়াৰলেণ্ড মেচত প্ৰথমে বেটিং কৰি কেৰিবিয়ান দলটোৰ ইনিংছ মাত্ৰ ১৪৬ ৰাণত সমাপ্ত হয়। দলটোৰ বেটিং বিফলতাত কেৱল ব্ৰেণ্ডন কিংয়েহে সংগ্ৰাম চলায়। তেওঁ ৪৮ টা বলত ৬২ ৰাণ কৰি অপৰাজিত থাকে।
আনহাতে, আয়াৰলেণ্ডৰ বলাৰ গেৰেথ ডেলানিয়ে বলিঙত যাদু প্ৰদৰ্শন কৰে। তেওঁ মাত্ৰ ১৬ ৰাণত তিনিটা উইকেট লয়। ৰাণ অনুসৰণ কৰি আয়াৰলেণ্ডে কোনো সময়তে সমস্যাৰ সন্মুখীন হ’ব লগা হোৱা নাছিল। তেওঁলোকে মাত্ৰ এটা উইকেট হেৰুৱাই প্ৰয়োজনীয় ৰাণ সংগ্ৰহ কৰিছিল। পল ষ্টাৰ্লিংয়ে ইনিংছ আৰম্ভ কৰি ৬৬ ৰাণৰ ইনিংছ খেলে। লৰ্কেন টকাৰে তিনি নম্বৰত ৪৫ ৰাণৰ ইনিংছ খেলিছিল।
আয়াৰলেণ্ডে ২০২১ চনৰ টী-২০ বিশ্বকাপৰ ছুপাৰ-১২ ত স্থান লাভ কৰিব পৰা নাছিল। কিন্তু চলিত বিশ্বকাপত তেওঁলোকে দুবাৰৰ টী-২০ বিশ্ব চেম্পিয়নক নক আউট কৰিছে।
ৱেষ্ট ইণ্ডিজৰ প্ৰস্থানৰ পিছত ক্ৰিকেট অনুৰাগীসকলে সেই দেশৰ ক্ৰিকেট প্ৰশাসনক কাঠগড়াত তুলিছে। কিৰন প’লাৰ্ড, ডোৱেন ব্ৰাভো, আন্দ্ৰে ৰাছেলৰ দৰে ক্ৰিকেটাৰসকলে বিশ্বৰ আগশাৰীৰ টী-২০ লীগত খেলি আছে। কিন্তু তেওঁলোকৰ কোনেও টী-২০ বিশ্বকাপ দলত নাছিল।
ক্ৰিকেটাৰসকলে কিছুদিনৰ পৰা বিভিন্ন বিষয়ত দেশৰ ক্ৰিকেট ব’ৰ্ডৰ সৈতে বিবাদত লিপ্ত হৈ আছে। সেইকাৰণে কেৰিবিয়ান তাৰকাসকলে দেশৰ হৈ ক্ৰিকেট খেলিবলৈ ইচ্ছুক নহয়।
ৱেষ্ট ইণ্ডিজে দলটোৰ গুৰুত্বপূৰ্ণ খেলুৱৈসকলক বাদ দি টী-২০ বিশ্বকাপত খেলিবলৈ গৈছিল। তাতেই কেৰিবিয়ান শিবিৰে তীব্ৰ আঘাতৰ সন্মুখীন হ’বলগীয়া হ’ল। নিকোলাছ পুৰাণৰ দলটোৱে প্ৰথম ৰাউণ্ড অতিক্ৰম কৰিব নোৱাৰিলে। তেওঁলোকে তুলনামূলকভাৱে দুৰ্বল দল এটাৰ বিৰুদ্ধে খেলাত ব্যৰ্থ হ’ল। এতিয়া ৱেষ্ট ইণ্ডিজ ক্ৰিকেটৰ ভৱিষ্যতকলৈও প্ৰশ্ন উত্থাপিত হৈছে।