ভাৰতীয় নিৰ্বাচন আয়োগৰ আভ্যন্তৰীণ কাৰ্যকলাপ আৰু দেশজুৰি লাখ লাখ বৈধ নাগৰিকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাৰ প্ৰসংগত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ৰাইজৰ দলে।
দলটোৱে ২৪ ঘণ্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ আৰু তেওঁৰ কাৰ্যকালত অনুষ্ঠিত হোৱাকৈ সকলো নিৰ্বাচন পুনৰ অনুষ্ঠিত কৰাৰ দাবী জনাইছে।
শেহতীয়া সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, দেশজুৰি প্ৰায় ১৩ কোটিৰো অধিক ভোটাৰৰ নাম তালিকাৰ পৰা কৰ্তন কৰাৰ প্ৰক্ৰিয়াত নিৰ্বাচনী আয়ুক্তদ্বয় সুখবীৰ সিং সান্ধু আৰু বিবেক যোশীক অন্ধকাৰত ৰখা হৈছিল।
মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীৰ স্বেচ্ছাচাৰী কাৰ্যকলাপৰ বিৰুদ্ধে বাকী দুজন আয়ুক্তই বিগত ১০ মাহত কমেও ১৪ বাৰ লিখিত আপত্তি দৰ্শাবলগীয়া হোৱা ঘটনাই আয়োগৰ আভ্যন্তৰীণ সমন্বয়হীনতা আৰু শাসকীয় বিজেপি দলৰ অবাধ হস্তক্ষেপ উদঙাই দিছে বুলি দলটোৱে উল্লেখ কৰে।
ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে এক বিবৃতিত অভিযোগ কৰে যে নিৰ্বাচন আয়োগ বৰ্তমান শাসকীয় দলৰ হাতৰ পুতলালৈ পৰিণত হৈছে। নিয়ম উলংঘা কৰি ‘ফৰ্ম-৬’ৰ সালসলনি কৰা আৰু স্থানীয় নিৰ্বাচন পঞ্জীয়ন বিষয়াৰ ক্ষমতা কাঢ়ি লৈ সমগ্ৰ তথ্য নতুন দিল্লীত কেন্দ্ৰীভূত কৰা কাৰ্যক দলটোৱে তীব্ৰ ধিক্কাৰ জনায়।
ইয়াৰ লগতে, সভাপতিগৰাকীয়ে বিগত অসম বিধানসভা নিৰ্বাচনৰ বৈধতা আৰু সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে।





