• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰিছে মধ্য প্ৰদেশ: পিতৃ-মাতৃসহ দলিত যুৱকক গুলীয়াই হত্যা ছয় দুৰ্বৃত্তৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 26, 2022 9:44 am
Dalit family Shot Dead In MP
141
VIEWS
Share on FacebookShare on Twitter

মধ্যপ্ৰদেশৰ দামোহ জিলাত মঙলবাৰে সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। এগৰাকী ব্যক্তিৰ পত্নীৰ ওপৰত দৃষ্টি নিবদ্ধ কৰাৰ বাবেই এগৰাকী ৩২ বছৰীয়া দলিত যুৱক আৰু তেওঁৰ পিতৃ-মাতৃক গুলীয়াই হত্যা কৰিছে ছয় দুৰ্বৃত্তই।

এই ভয়াৱহ আক্ৰমণত যুৱকগৰাকীৰ দুই সৰু ভাতৃও গুৰুতৰভাৱে আহত হৈছে। জিলাখনৰ আৰক্ষী অধীক্ষক ডি আৰ টেনিৱাৰে জানিবলৈ দিয়া মতে দামোহ জিলাৰ সদৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰত দেৱৰান নামৰ এখন গাঁৱত পুৱা প্ৰায় ৬.৩০ বজাত এই নৃশংস হত্যাকাণ্ড সংঘটিত হয়।

অভিযোগ অনুসৰি যুৱকগৰাকীয়ে এগৰাকী ব্যক্তিৰ পত্নীৰ ফালে চাই থকাৰ বাবেই একেখন গাঁৱৰে মহিলাগৰাকীৰ স্বামীসহ ছয় দুৰ্বত্তই যুৱকগৰাকীৰ লগতে তেওঁৰ পিতৃ-মাতৃক গুলীয়াই হত্যা কৰে।

এই আক্ৰমণত বৃদ্ধ দম্পতীহালৰ আন দুগৰাকী পুত্ৰ গুৰুতৰভাৱে আহত হৈ বৰ্তমান জিলা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি আৰক্ষী বিষয়াগৰাকীয়ে লগতে জানিবলৈ দিয়ে।

জিলাখনৰ এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই ঘটনাস্থলী ভ্ৰমণ কৰাৰ পিছত সাংবাদিকৰ আগত উল্লেখ কৰা মতে, যুৱকগৰাকীয়ে প্ৰায়ে মূল অভিযুক্ত জগদীশ পেটেলৰ পত্নীলৈ চাই থকাৰ অভিযোগ উত্থাপিত হোৱাৰ পিছত বিবাদৰ সূত্ৰপাত হৈছিল।

ইয়াৰ পৰিণতিত পেটেলে আন কেইজন ব্যক্তিৰ সৈতে পৰিয়ালটোৰ ওপৰত আক্ৰমণ চলায়। হত্যাকাণ্ডৰ পিছত অভিযুক্ত পেটেলক গ্ৰেপ্তাৰ কৰা হয় বুলি বিষয়াগৰাকীয়ে লগতে কয়। আনহাতে পলাতক আন পাঁচগৰাকী অভিযুক্তৰ সন্ধান চলাই থকা হৈছে বুলি তেওঁ জানিবলৈ দিছে।

ভাৰতীয় দণ্ডবিধিৰ অধীনত হত্যাৰ লগতে অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি (অত্যাচাৰ প্ৰতিৰোধ) আইনৰ ধাৰাৰ আধাৰত পেটেল আৰু আন পাঁচ অভিযুক্তৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে।

ইফালে মধ্য প্ৰদেশ ৰাজ্যিক কংগ্ৰেছৰ মুৰব্বী কমল নাথে দলিত পৰিয়ালটোৰ তিনিগৰাকীকৈ সদস্যক এইদৰে হত্যা কৰাৰ পাছতে উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে। চৰকাৰে পৰিয়ালটোৰ নিৰাপত্তা নিশ্চিত কৰা উচিত বুলি মন্তব্য কৰি তেওঁ লগতে পৰিয়ালটোক সম্ভৱপৰ সকলো সহায় আগবঢ়াবলৈও আহ্বান জনায়।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd