• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

সন্তানহীনতা বা বন্ধ্যাত্বৰ সমস্যা

ডা° ইৰা বিশ্বাস by ডা° ইৰা বিশ্বাস
October 31, 2022 6:43 pm
Infertility
20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সন্তানহীনতা বহুতৰ বাবে এক বৃহৎ সমস্যা হৈ পৰে। বহু বিবাহিত দম্পতীৰ আনকি এই সমস্যাৰ বাবে সম্পৰ্ক পৰ্যন্ত ভঙাৰ পৰ্যায় পায়। আজি এই সন্তানহীনতাৰ সমস্যা নো কি, এই বিষয়ে কিছু কথা জনাবলৈ ওলাইছো। এসময়ত এনে ধাৰণা আছিলে যে-কোনো এক দম্পতীৰ সন্তান জন্ম দিয়াত সমস্যা হ’লে বা নিঃসন্তান হৈ থাকিলে, ইয়াৰ কাৰণ নাৰীগৰাকী বুলিয়েই ধৰা হৈছিলে, অৰ্থাৎ নাৰীগৰাকীৰ সন্তান জন্ম দিব পৰাৰ ক্ষমতা নাই। পিছে এনে কথা নহয়, সন্তানহীনতা বা বন্ধ্যাত্ব অকল নাৰীৰেই সমস্যা নহয়, অৰ্থাৎ পুৰুষজনৰো সমস্যা থাকিব পাৰে, পুৰুষজনো সন্তান জন্ম দিব পৰাকৈ সক্ষম নহ’ব পাৰে। পিছে আজি নাৰীৰ সমস্যাৰ বিষয়েহে আলোচনা কৰিম। নাৰীৰ ক্ষেত্ৰত ক’বলৈ গ’লে,যদিহে এবছৰতকৈ অধিক কাল তেওঁ‌ৰ পুৰুষ-সংগীজনৰ লগত কোনো নিৰোধৰ প্ৰয়োগ নকৰাকৈ আৰু সঘনাই যৌন-সম্পৰ্ক হোৱাৰ পিছতো নাৰীগৰাকী গৰ্ভৱতী নহয়, তেন্তে তেওঁ‌ বন্ধ্যাত্বৰ সমস্যাত ভূগিছে বুলি ক’ব পাৰি।

এগৰাকী নাৰীয়ে এই বন্ধ্যাত্ব বা সন্তানহীনতাৰ সমস্যাত কিয় ভোগে, তাৰ কিছু কাৰণ আছে। মূলতঃ গৰ্ভধাৰণ কৰিবৰ বাবে নাৰীগৰাকীৰ ডিম্বাশয়ৰ পৰা ডিম্বাণু নিঃসৰণ হোৱাৰ পৰা ডিম্বাণু আৰু শুক্ৰাণুৰ নিষেচন হোৱালৈকে এই সমগ্ৰ প্ৰক্ৰিয়াটি সঠিকভাৱে হ’ব লাগিব। এই সমগ্ৰ প্ৰক্ৰিয়াত যদিহে কিবা খেলিমেলিৰ সৃষ্টি হয়,তেন্তে গৰ্ভধাৰণ সম্ভৱপৰ হৈ নুঠে। এনে কিছুমান সমস্যাৰ বিষয়ে তলত উল্লেখ কৰিছো-

Apply Now

১)ডিম্বাণু নিঃসৰণৰ সমস্যাঃ-এই অৱস্থাত নাৰীগৰাকীৰ ডিম্বাশয়ৰ পৰা ডিম্বাণু নিঃসৰণত সমস্যা হয়,আৰু ডিম্বাণু নিঃসৰণ নহ’লে শুক্ৰাণুৰ লগত নিষেচন আৰু গৰ্ভধাৰণ সম্ভৱ নহয়। কেতিয়াবা নাৰীগৰাকীৰ অভেৰী বা ডিম্বাশয়ত সৃষ্টি হোৱা চিষ্ট(পি চি অ ডি)ৰ বাবে,কেতিয়াবা প্ৰলেক্টিন নামৰ হ’ৰমনবিধ(যি পিটুইটেৰী গ্ৰন্থিৰ পৰা উৎপাদন হয় আৰু স্তনদুগ্ধ উৎপাদনৰ কাম কৰে)ৰ অত্যধিক উৎপাদনৰ বাবে,কেতিয়াবা থায়ৰয়ড হ’ৰমন বঢ়া-টুটাৰ সমস্যা থাকিলে আৰু অতিমাত্ৰাত কৰা আসন বা টিউমাৰ আদিৰ বাবেও ডিম্বাশয়ৰ পৰা ডিম্বাণুৰ নিঃসৰণ নহয়।

২)ইউটেৰাইন বা চাৰ্ভাইকেল বিসংগতিঃ-ইউটেৰাছৰ নিম্নাংশ বা চাৰ্ভিক্সৰ বিসংগতি,ইউটেৰাছত হোৱা প’লিপ(অতিৰিক্তভাৱে বৃদ্ধি পোৱা কোষৰ সমষ্টি),ইউটেৰাছৰ আকৃতি,অ-কেন্সাৰাছ(বিনাইন)টিউমাৰৰ উপস্থিতি-যিয়ে ফেল’পিয়ান টিউব ৰুদ্ধ কৰে বা নিষেচিত ডিম্বাণু ইউটেৰাছত বৰ্দ্ধিত হোৱাত বাধাৰ সৃষ্টি কৰে। ফলস্বৰূপে গৰ্ভধাৰণ নহয়। নিম্নাংশ বা চাৰ্ভিক্সৰ বিসংগতি, ইউটেৰাছত হোৱা প’লিপ, ইউটেৰাছৰ আকৃতি, অ-কেন্সাৰাছ(বিনাইন)টিউমাৰৰ উপস্থিতি-যিয়ে ফেল’পিয়ান টিউব ৰুদ্ধ কৰে বা নিষেচিত ডিম্বাণু ইউটেৰাছত বৰ্দ্ধিত হোৱাত বাধাৰ সৃষ্টি কৰে। ফলস্বৰূপে গৰ্ভধাৰণ নহয়।

৩)ফেল’পিয়ান টিউব বা নলিকা বন্ধ হোৱা বা নষ্ট হোৱাঃ- নাৰীদেহৰ পেলভিক অংশত(য’ত সকলো যৌনাংগকে ধৰি প্ৰজননৰ সকলো অংগ থাকে)যৌন-সংক্ৰমিত ৰোগ,এণ্ড’মেট্ৰিয়’ছিচ আদি বিভিন্ন কাৰণত হোৱা প্ৰদাহৰ ফলস্বৰূপে ফেল’পিয়ান টিউবতো প্ৰদাহৰ সৃষ্টি হয়,আৰু এই প্ৰদাহে ফেল’পিয়ান টিউব বন্ধ বা নষ্ট কৰাৰ বাবেও বহুসময়ত এগৰাকী নাৰীয়ে গৰ্ভধাৰণ কৰিব নোৱাৰে।

৪)এণ্ড’মেট্ৰিয়াছিচ(কোষৰ এটা তৰপ,যিয়ে ইউটেৰাছৰ আভ্যন্তৰৰ এক তৰপ হিচাপে কাম কৰে),সেই ভিতৰত থাকিবলগীয়া কোষসমূহ ইউটেৰাছৰ বাহিৰত বৃদ্ধি পাবলৈ ধৰে-এই অৱস্থাকে এণ্ডমেট্ৰিয়াছিচ বুলি কোৱা হয়। এই ৰোগবিধৰ ফলত ডিম্বাশয়,ফেল’পিয়ান টিউব আৰু ইউটেৰাছৰ প্ৰক্ৰিয়াসমূহ বাধাগ্ৰস্ত কৰে। ইয়াৰ ফলস্বৰূপেও বন্ধ্যাত্ব হ’ব পাৰে।

৫)নিৰ্ধাৰিত বয়সৰ পূৰ্বেই হোৱা ৰজোনিবৃত্তি(মেন’পউজ)ঃ-কেতিয়াবা কিছুমান নাৰীৰ ক্ষেত্ৰত নিৰ্ধাৰিত বয়স(৪০বছৰ)ৰ আগতেই ৰজোনিবৃত্তি বা মেন’পউজ হয়। অথাৎ নাৰীগৰাকীৰ ডিম্বাশয়ে কাম কৰিবলৈ বন্ধ কৰে আৰু ডিম্বাণু উৎপাদন বন্ধ হয়। ইয়াৰ ফলত মাহেকীয়া হোৱাৰ প্ৰক্ৰিয়াও বন্ধ হৈ পৰে। এনে অৱস্থাতো গৰ্ভধাৰণ সম্ভৱপৰ নহয়।

এইখিনি কাৰণৰ উপৰিও আন কিছুমান কাৰণ,যেনে-নাৰীগৰাকীৰ বয়স,ধপাত সেৱন বা ধূম্ৰপানৰ অভ্যাস,সুৰাপানৰ অভ্যাস,অত্যধিক ওজন বা প্ৰয়োজনতকৈ কম ওজন,অতিমাত্ৰা আসন কৰা বা একেবাৰেই আসন বা শাৰিৰীক পৰিশ্ৰম নকৰা- আদিও বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে। এই কাৰণসমূহ প্ৰতিৰোধ কৰিলেও বা গৰ্ভধাৰণত ইচ্ছুকসকলে বয়স অৰ্থাৎ ৪০বছৰ বয়স হোৱাৰ কিছুবছৰ আগতেই গৰ্ভধাৰণৰ চেষ্টা কৰিলে এই সমস্যাৰ সাময়িকভাৱে সমাধান সম্ভৱ।

পিছে ভাল লগা আৰু প্ৰায়সকলে জনা কথাই যে, সন্তানহীনতা বা বন্ধ্যাত্বৰ চিকিৎসা সম্ভৱ। কি কি পৰ্যায় বা অসুবিধাৰ সন্মুখীন হ’লে গৰ্ভধাৰণতৰ বাবে আগ্ৰহীসকলে চিকিৎসকৰ কাষ চপা উচিত,তেনে কেইটিমান কথা বা লক্ষণৰ বিষয়ে উল্লেখ কৰিছো-

১)যিসকল নাৰীয়ে ৩৫বছৰ বয়সৰ পিছত গৰ্ভধাৰণ চেষ্টা ৬মাহ পৰ্যন্ত কৰাৰ পিছতো গৰ্ভধাৰণ কৰিব পৰা নাই।

২)যিসকল নাৰীৰ ৪০ত কৈ বেছি বয়স হৈছে,

৩)অনিয়মিত মাহেকীয়া বা একেবাৰেই মাহেকীয়া নোহোৱাকৈ থকা অৱস্থা,

৪)খুবেই বেদনাদায়ক আৰু অধিক ৰক্তক্ষৰণ হোৱা মাহেকীয়া,

৫)ইতিমধ্যেই এণ্ড’মেট্ৰিয়’ছিচত ভোগা নাৰীসকল।

এনেবিলাক সমস্যাত ভোগা নাৰী এগৰাকী ততাতৈয়াকৈ স্ত্ৰীৰোগ বিশেষজ্ঞৰ কাষ চপা উচিত। চিকিৎসকে বিভিন্ন ধৰণৰ পৰীক্ষা-নিৰীক্ষাৰ মাজেৰে বন্ধ্যাত্বৰ প্ৰকৃত কাৰণ উলিয়াই,ইয়াৰ চিকিৎসা প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰে। এনে কেইবিধমান চিকিৎসা প্ৰক্ৰিয়া হৈছে-

১)যিসকল নাৰীৰ ডিম্বাশয়ত সৃষ্ট সমস্যাৰ হেতুকে গৰ্ভধাৰণ হোৱা নাই,সেইসকলৰ ডিম্বাশয়ৰ সক্ৰিয় হ’ব পৰা ধৰণৰ দৰৱৰ প্ৰয়োগ কৰা হয়।

২)আই ইউ আই(IUI)ঃ-এই চিকিৎসা পদ্ধতিত ডিম্বাশয়ৰ পৰা ডিম্বাণু নিঃসৰণ হোৱাৰ পৰতেই শুক্ৰাণু সংগ্ৰহ কৰি ইউটেৰাছত ভৰাই দিয়া হয়।

৩)প্ৰয়োজন সাপেক্ষে অস্ত্ৰোপচাৰ,

ইয়াৰ লগতে, আন এবিধ বৰ্তমান সময়ত খুবেই বহুল প্ৰচলিত আৰু জনপ্ৰিয় পদ্ধতি হৈছে-এছিছটেড ৰিপ্ৰডাক্টিভ টেকন’লজী(ART),ইয়াৰ আকৌ সচৰাচৰ হোৱা চিকিৎসা পদ্ধতিবিধ হৈছে-আই ভি এফ(IVF -Invitro fertilization)। এই পদ্ধতিত শুক্ৰাণু আৰু ডিম্বাণুৰ নিষেচন প্ৰক্ৰিয়া লেব’ৰেটৰীত সম্পন্ন কৰি কিছুদিনৰ পিছত সৃষ্ট ভ্ৰূণক নাৰীগৰাকীৰ ইউটেৰাছত সংস্থাপিত কৰে।

এনেদৰে বিভিন্নধৰণৰ চিকিৎসা পদ্ধতিৰ জড়িয়তে সন্তানহীনতাৰ সমস্যাক সমাধান কৰিব পাৰি। গতিকে, যদিহে আপুনি এনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে,তেন্তে পলম নকৰি,স্ত্ৰীৰোগ আৰু বন্ধ্যাত্ব বিশেষজ্ঞৰ সহায় লওক।

(লেখক ডা° ইৰা বিশ্বাস, প্ৰসূতি আৰু স্ত্ৰীৰোগ বিশেষজ্ঞ, এণ্ড’-লেপাৰ’স্ক’পিক ছাৰ্জন আৰু সন্তানহীনতা বা বন্ধ্যাত্য(ইনফাৰ্টিলিটি)বিশেষজ্ঞ। (এম বি বি এছ,এম এছ(প্ৰসূতি আৰু স্ত্ৰীৰোগ),ন্যূনতম সুবিধাৰে কৰা অস্ত্ৰোপচাৰ বিষয়ক ফেল’শ্বিপ(এফ এম এছ,চেন্নাই),উৎপাদনক্ষম দৰৱ বিষয়ক ফেল’শ্বিপ(এফ আৰ এম,চেন্নাই) চিকিৎসকৰ ফ’ন- ৮১৩৫০০২১৫১)

ডা° ইৰা বিশ্বাস

ডা° ইৰা বিশ্বাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অকল ফোন আৰু মেছেজ কৰা গ্ৰাহকৰ বাবে ভাল খবৰ! ৰিচাৰ্জৰ খৰচ কমাবলৈ টেলিকম কোম্পানীক কঠোৰ নিৰ্দেশ ট্ৰাইৰ

অকল ফোন আৰু মেছেজ কৰা গ্ৰাহকৰ বাবে ভাল খবৰ! ৰিচাৰ্জৰ খৰচ কমাবলৈ টেলিকম কোম্পানীক কঠোৰ নিৰ্দেশ ট্ৰাইৰ

September 24, 2026 12:56 pm
নগাঁও লোকসভাৰ উপ-নিৰ্বাচনক লৈ উত্তপ্ত ৰাজনৈতিক প্ৰেক্ষাপট: নিৰ্বাচনী হিংসাৰ প্ৰতিবাদ ড° হীৰেন গোহাঁইসহ বিশিষ্ট নাগৰিকৰ

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনক লৈ উত্তপ্ত ৰাজনৈতিক প্ৰেক্ষাপট: নিৰ্বাচনী হিংসাৰ প্ৰতিবাদ ড° হীৰেন গোহাঁইসহ বিশিষ্ট নাগৰিকৰ

September 24, 2026 12:52 pm
ৰক্ষকেই ভক্ষক! উত্তৰ প্ৰদেশত যুৱতীক গণ ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ আৰক্ষী আৰু চি আৰ পি এফ জোৱান

ৰক্ষকেই ভক্ষক! উত্তৰ প্ৰদেশত যুৱতীক গণ ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ আৰক্ষী আৰু চি আৰ পি এফ জোৱান

September 24, 2026 12:16 pm
সঘনাই পেইনকিলাৰ খাই নেকি? বিকল হ’ব পাৰে আপোনাৰো বৃক্ক! চিডিএছচিঅ’ৰ কঠোৰ নিৰ্দেশনা জাৰি

সঘনাই পেইনকিলাৰ খাই নেকি? বিকল হ’ব পাৰে আপোনাৰো বৃক্ক! চিডিএছচিঅ’ৰ কঠোৰ নিৰ্দেশনা জাৰি

September 24, 2026 11:38 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অকল ফোন আৰু মেছেজ কৰা গ্ৰাহকৰ বাবে ভাল খবৰ! ৰিচাৰ্জৰ খৰচ কমাবলৈ টেলিকম কোম্পানীক কঠোৰ নিৰ্দেশ ট্ৰাইৰ

অকল ফোন আৰু মেছেজ কৰা গ্ৰাহকৰ বাবে ভাল খবৰ! ৰিচাৰ্জৰ খৰচ কমাবলৈ টেলিকম কোম্পানীক কঠোৰ নিৰ্দেশ ট্ৰাইৰ

September 24, 2026 12:56 pm
নগাঁও লোকসভাৰ উপ-নিৰ্বাচনক লৈ উত্তপ্ত ৰাজনৈতিক প্ৰেক্ষাপট: নিৰ্বাচনী হিংসাৰ প্ৰতিবাদ ড° হীৰেন গোহাঁইসহ বিশিষ্ট নাগৰিকৰ

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনক লৈ উত্তপ্ত ৰাজনৈতিক প্ৰেক্ষাপট: নিৰ্বাচনী হিংসাৰ প্ৰতিবাদ ড° হীৰেন গোহাঁইসহ বিশিষ্ট নাগৰিকৰ

September 24, 2026 12:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd