সাংবাদিকৰ ৰোষত পৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। স্বেচ্ছাচাৰীতাৰ প্ৰমাণ দাঙি ধৰি কেজৰিৱালৰ সংবাদমেলত দুটাকৈ সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিকক প্ৰৱেশ কৰিবলৈ নিদিয়াৰ কথাই এতিয়া দেশ জুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ধাৰণা কৰা মতে আপৰ বিৰুদ্ধে বাতৰি পৰিবেশন কৰাৰ বাবেই দুটা বিশেষ সংবাদ মাধ্যমৰ সাংবাদিকক সংবাদমেলত প্ৰৱেশত বাধা দিয়া হ’ল।
উল্লেখ্য দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু তেওঁৰ পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে প্ৰদূষণ সন্দৰ্ভত এখন সংবাদমেলৰ আয়োজন কৰিছিল।
বহু কেইটা সংবাদ মাধ্যমৰ সাংবাদিকেই সংবাদমেল খনৰ বাতৰি সংগ্ৰহ কৰিবলৈ আহিছিল কিন্তু দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছ আৰু দ্য প্ৰিণ্টৰ ফটোগ্ৰাফাৰসকলক সংবাদমেল খনত প্ৰৱেশ কৰাত বাধা দিয়া হয়। ই
এই প্ৰসংগত দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছৰ এজন ফটোগ্ৰাফাৰ শেখৰে কয়, ’আমি সংবাদমেল অনুষ্ঠিত হোৱা স্থানত প্ৰৱেশ কৰিবলৈ বিচাৰিছিলো। কিন্তু আম আপৰ এজন কৰ্মীয়ে আহি বাধা দিলে’।
আপৰ কৰ্মী জনে “এয়া দলৰ সিদ্ধান্ত” বুলিও স্পষ্ট কৰি দিয়ে।
আন এগৰাকী সাংবাদিক সুৰজকো একে বাধাই প্ৰদান কৰা হয়। তেওঁ এই বিষয়ত কয় যে নিৰাপত্তাকৰ্মীয়ে আম আদমী পাৰ্টিৰ মিডিয়া কোষৰ এজন সদস্যৰ কাষলৈ আইডি কাৰ্ড খন লৈ যোৱাৰ পিছত তেওঁক বাধা দিয়া হৈছিল। এই দুটা সংবাদ মাধ্যমে আপৰ বিৰুদ্ধে কেইটামান বাতৰি পৰিবেশন কৰাৰ বাবেই প্ৰতিষ্ঠান দুটাৰ সাংবাদিকক সংবাদমেলত প্ৰৱেশত বাধা দিয়া বুলি বহুতে অভিযোগ কৰিছে।