Turkish cult leader sentenced to 8,658 years in prison ৬৬ বছৰীয়া আদনান আক্তাৰ নামৰ এজন মুছলমান ধৰ্ম প্ৰচাৰকক তুৰ্কীৰ আদালতে ৮,৬৫৮ বছৰৰ কাৰাদণ্ড প্ৰদান কৰিছে।
বুধবাৰে এই ৰায় প্ৰদান কৰা হয়। ব্যক্তিজনক আদনান আক্তাৰৰ উপৰিও আন কেইবাটাও নামেৰে জনা যায়। আদনান হোকা, হাৰুণ য়াহিয়া আৰু ছামি ওলকুন নামেৰেও তেওঁ পৰিচিত। তেওঁ বিভিন্ন ধৰ্মীয় গ্ৰন্থও লিখিছে।
দূৰদৰ্শনত তেওঁ নিজকে মুছলমান আদৰ্শৰ প্ৰচাৰক বুলি পৰিচয় দিছিল। তেওঁৰ ‘এ নাইন টিভি’ নামৰ নিজা এটা চেনেল আছে। ইয়াত তেওঁ সৃষ্টিবাদ আৰু ৰক্ষণশীল মূল্যবোধৰ প্ৰচাৰৰ দাবী কৰে। আৰু সেই আলোচনাবোৰৰ মাজত বিৰতিৰ সময়ত তেওঁ উচ্চ মেকআপ আৰু স্বল্পবসনা সুন্দৰী মহিলাসকলৰ সৈতে মুকলিকৈ নৃত্যও কৰিছিল।
তেওঁ মৰমেৰে এই মহিলাসকলক তেওঁৰ ‘মেকুৰী পোৱালী’ বুলি অভিহিত কৰিছিল। ভিচিছ আলোচনীয়ে তেওঁক “তুৰ্কীৰ আটাইতকৈ কুখ্যাত ধৰ্মীয় নেতা” বুলি বৰ্ণনা কৰিছিল।
এইবাৰ দেশৰ এখন আদালতে তেওঁক ৮,৬৫৮ বছৰৰ কাৰাদণ্ড প্ৰদান কৰিছে। ২০২১ চনত ৬৬ বছৰীয়া ব্যক্তিজনক যৌন নিৰ্যাতন, নাবালিকাক যৌন উৎপীড়ন, জালিয়াতি আৰু ৰাজনৈতিক আৰু সামৰিক গুপ্তচৰবৃত্তিকে ধৰি কেইবাটাও অপৰাধৰ বাবে ১,০৭৫ বছৰৰ কাৰাদণ্ড দিয়া হৈছিল। কিন্তু উচ্চ ন্যায়ালয়ত ৰায়টো বাতিল কৰি দিয়া হয়।
এক পুনৰ বিচাৰত ইস্তানবুলৰ উচ্চ ন্যায়ালয়ে যৌন নিৰ্যাতনকে ধৰি কেইবাটাও অভিযোগত আদনান আক্তাৰক ৮,৬৫৮ বছৰৰ কাৰাদণ্ড প্ৰদান কৰে। আদালতখনে আন ১০ জন সন্দেহজনক লোককো ৮,৬৫৮ বছৰ কাৰাদণ্ডৰ শাস্তি বিহিছে।