• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ভণ্ড তান্ত্ৰিকৰ নৃশংস প্ৰতিশোধ: চকুৰ সমুখত পৰ পুৰুষ-পৰস্ত্ৰীক যৌন সংগমত লিপ্ত হ’বলৈ দি সংগমৰত অৱস্থাতে ফেভিকল ঢালি হত্যা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 23, 2022 11:55 am
Tantrik kills couple
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইটোৰ পিছত সিটো চাঞ্চল্যকৰ হত্যাকাণ্ডই দেশত উদ্বেগৰ সৃষ্টি কৰাৰ সময়তে এইবাৰ ৰাজস্থানত সংঘটিত এক নৃশংস হত্যাকাণ্ডই পুনৰ সংবাদ শিৰোনাম দখল কৰিছে। একপক্ষীয় প্ৰেমত বিফলতাৰ মুখ দেখি এগৰাকী পুৰুষ আৰু এগৰাকী মহিলাক এক আজৱ উপায়েৰে হত্যা কৰিছে এগৰাকী ভণ্ড তান্ত্ৰিকে।

যোৱা ১৮ নৱেম্বৰত অৰণ্যৰ মাজত দুয়োটা মৃতদেহ উলংগ অৱস্থাত উদ্ধাৰ কৰাৰ পিছত এই চাঞ্চল্যকৰ হত্যাকাণ্ড পোহৰলৈ আহিছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে মৃতদেহ উদ্ধাৰৰ তিনি দিন পূৰ্বেই এই হত্যাকাণ্ড সংঘটিত হৈছিল।

Apply Now

ৰাজস্থানৰ উদয়পুৰৰ কেলাবাবাদী বনাঞ্চলত মৃতদেহ দুটা উদ্ধাৰৰ পিছতে আৰক্ষীয়ে ইতিমধ্যে হত্যাৰ অভিযোগত ৫৫ বছৰীয়া তান্ত্ৰিক গৰাকীক গ্ৰেপ্তাৰ কৰিছে। ধৃত তান্ত্ৰিকগৰাকীক জেৰাৰ পিছতে পোহৰলৈ আহিছে এই হত্যাকাণ্ডৰ নৃশংসতাৰ স্বৰূপ।

আৰক্ষীয়ে তদন্তৰ আৰম্ভণিতে ভুক্তভোগীৰ জাতিগত পাৰ্থক্য আৰু দুয়োজনক হত্যা কৰা পদ্ধতিৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে এয়া ‘অনাৰ কিলিং’ৰ ঘটনা বুলি কৰিছিল। কিন্তু আৰক্ষীয়ে তান্ত্ৰিকগৰাকীক গ্ৰেপ্তাৰ কৰাৰ পিছতে গোচৰটোৰ ৰহস্য ফাদিল হয়।

নিহত দুয়োগৰাকী পুৰুষ-মহিলাক ক্ৰমে ৩০ বৰ্ষীয় ৰাহুল মীনা আৰু ২৮ বৰ্ষীয় চনু কুনৱৰ বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীৰ তথ্য অনুসৰি ৰাহুল আৰু চনু দুয়ো পৃথক পৃথক লোকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। দুয়োগৰাকী ব্যক্তিৰ পৰিয়ালে তান্ত্ৰিকগৰাকীৰ ওচৰলৈ যোৱাৰ সময়তে দুয়ো পৰস্পৰৰ সৈতে চিনাকি হৈছিল।

লাহে লাহে দুয়োৰে মাজত এক সু-সম্পৰ্ক গঢ় লৈ উঠে আৰু ইয়াৰ পৰিণতিত ৰাহুলৰ সংসাৰত পত্নীৰ লগত সঘনাই কাজিয়া হ’বলৈ ধৰে। এনে পৰিস্থিতিত ৰাহুলৰ পত্নীয়ে সহায় বিচাৰি ভলেশ কুমাৰ নামৰ তান্ত্ৰিকজনৰ কাষ চাপে।

আৰক্ষীৰ মতে, ভলেশ নামৰ তান্ত্ৰিকগৰাকী নিজেই চনুৰ প্ৰতি আকৃষ্ট হৈ পৰিছিল আৰু সেয়ে তেওঁ ৰাহুলৰ পত্নীক ৰাহুল আৰু চনুৰ অবৈধ সম্পৰ্কৰ বিষয়ে অৱগত কৰিছিল। ৰাহুলে এই কথা জানিব পাৰি তান্ত্ৰিকগৰাকীৰ বিৰুদ্ধে ভুৱা নিৰ্যাতনৰ গোচৰ ৰুজু কৰাৰ ভাবুকি দি মুখ বন্ধ ৰখাৰ চেষ্টা কৰে।

ইফালে বছৰ বছৰ ধৰি মানুহৰ মাজত গঢ়ি তোলা সুনাম হেৰুওৱাৰ আশংকাত তান্ত্ৰিকগৰাকীয়ে তেওঁলোকৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ পৰিকল্পনা কৰে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, এই পৰিকল্পনা অনুসৰিয়েই তান্ত্ৰিকজনে প্ৰায় ৫০টা টিউব ফেভিকুইক কিনি এটা বটলত মিলায় লয়।

১৫ নৱেম্বৰৰ সন্ধিয়া তেওঁ ৰাহুল আৰু চনুক এখন হাবিৰ নিৰ্জন অঞ্চললৈ মাতি আনি সন্মুখতে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ কয়। তান্ত্ৰিকৰ কথামতেই দুয়োগৰাকীয়ে যৌন সংগমত লিপ্ত হোৱাৰ সময়তে তান্ত্ৰিকগৰাকীয়ে তেওঁলোকৰ ওপৰত বটলটোৰ পৰা ফেভিকুইক ঢালি দিয়ে।

আৰক্ষীৰ ভাষ্য অনুসৰি, তান্ত্ৰিকৰ উদ্দেশ্য আছিল দুয়ো গৰাকী পুৰুষ-মহিলাক সংগমৰত অৱস্থাত কৰা, যাতে মানুহে মৃতদেহ দুটা আপত্তিজনক অৱস্থাত উদ্ধাৰ কৰে।

ইফালে তান্ত্ৰিকৰ এনে অমানুষিক কৰ্মৰ পিছতে ৰাহুল আৰু চনুৱে যথেষ্ট সময় ধৰি ইজনে সিজনৰ সৈতে সংপৃক্ত হৈ থাকে। ইগৰাকীয়ে সিগৰাকীৰ পৰা নিজকে আঁতৰ কৰাৰ চেষ্টাত তেওঁলোকৰ গাৰ ছালখন ফাটি যায়। তদুপৰি ৰাহুলৰ যৌনাংগ শৰীৰৰ পৰা বিচ্ছিন্ন হোৱাৰ লগতে চনুৰ গুপ্তাংতো আঘাত লাগে।

আৰক্ষীয়ে লগতে সদৰী কৰা মতে, এই সময়ছোৱাত তান্ত্ৰিকগৰাকীয়ঃ ৰাহুল আৰু চনু দুয়োকে দাৰে আক্ৰমণ কৰে আৰু দাৰে ঘপিয়াই হত্যা কৰে। এই জঘন্য কাণ্ড সংঘটিত কৰি তেওঁ ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

উদয়পুৰৰ আৰক্ষী অধীক্ষক বিকাশ কুমাৰে ঘটনা সন্দৰ্ভত জানিবলৈ দিয়া মতে , আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰাৰ পিছত অঞ্চলটোৰ ওচৰ-পাজৰে থকা প্ৰায় ৫০টা চিচিটিভি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰি প্ৰায় ২০০ গৰাকী স্থানীয় লোকক সোধা-পোছা কৰে।

তদন্তৰ সময়ত পোৱা প্ৰমাণৰ ভিত্তিত আৰক্ষীয়ে দম্পতীহালৰ মৃত্যুত ভলেশ কুমাৰ জড়িত থকাৰ সন্দেহ কৰে আৰু তেওঁক জিম্মাত লৈ জেৰা কৰাৰ সময়তে তান্ত্ৰিক ভলেশ কুমাৰে হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰে। ইতিমধ্যে আৰক্ষীয়ে ধৃত ভলেশ কুমাৰক তিনিদিনৰ জিম্মাত লৈ ঘটনা সন্দৰ্ভত অধিক জেৰা চলাইছে বুলি জানিব পৰা গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd