• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

নিৰ্মীয়মাণ প্ৰকল্পৰ মানদণ্ডৰ ওপৰত প্ৰশ্ন উত্থাপন কৰাৰ বাবেই মৰিয়াই মৰিয়াই হত্যা আৰ.টি.আই কৰ্মীক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 29, 2022 1:21 pm
RTI activist beaten to death
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুৰ্নীতিৰ বিৰুদ্ধে মাত দিয়াৰ বাবেই নৃশংস হত্যাৰ বলি হৈছে এগৰাকী যুৱক। আৰ.টি.আই কৰ্মী হিচাপে পৰিচিত এই ৩২ বছৰীয়া যুৱকগৰাকীক নিৰ্মীয়মাণ এক ৰাজহুৱা প্ৰকল্পৰ মানদণ্ডৰ ওপৰত প্ৰশ্ন উত্থাপন কৰাৰ বাবেই মৰিয়াই মৰিয়াই নৃশংসভাৱে হত্যা কৰিছে একাংশ লোকে। এই চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ আলিগড়ত।

আলিগড়ৰ ইগলাছ আৰক্ষী থানাৰ অন্তৰ্গত গোৰাই গাঁৱৰ বাসিন্দা দেৱজিত সিং নামৰ আৰ.টি.আই কৰ্মীগৰাকীক গাঁওখনৰ গাঁওবুঢ়া দেৱেন্দ্ৰ সিঙৰ দুৰ্নীতি উদঙাই দিবলৈ চেষ্টা কৰাৰ বাবে গাঁওবুঢ়া আৰু তেওঁৰ পুত্ৰকে ধৰি ৮ গৰাকী লোকে প্ৰহাৰ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

Apply Now

এই নৃশংস আক্ৰমণত দেৱজিত সিঙৰ ভাতৃও গুৰুতৰভাৱে আহত হৈছে। দুয়ো ভাতৃয়ে নিজৰ ফাৰ্মত কৰ্মব্যস্ত হৈ থকাৰ সময়তে আক্ৰমণকাৰী লোকসকলে হত্যা কৰা বুলি পৰিয়ালৰ লোকে আৰক্ষীৰ আগত অভিযোগ কৰিছে।

জিলাখনৰ উপ-আৰক্ষী অধীক্ষক ৰাঘবেন্দ্ৰ সিঙে সদৰী কৰা মতে অভিযুক্ত গাঁওবুঢ়া আৰু তেওঁৰ পুত্ৰ কাৰ্তিকসহ আন ছয় অভিযুক্তৰ বিৰুদ্ধে আইপিচিৰ ৩০২, ১৪৭, ৫০৬ ধাৰাসহ অন্যান্য প্ৰাসঙ্গিক ধাৰাত গোচৰ ৰুজু কৰা হৈছে।

অভিযুক্ত আটাইকেইগৰাকী লোক বৰ্তমান পলাতক হৈ আছে আৰু তেওঁলোকক গ্ৰেপ্তাৰৰ প্ৰচেষ্টা চলাই থকা হৈছে বুলি উপ-আৰক্ষী অধীক্ষক ৰাঘবেন্দ্ৰ সিঙে লগতে কয়।

ইফালে মৃত দেৱজিতৰ পিতৃ মহেন্দ্ৰ সিঙে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা মতে দেৱজিতে দুমাহ পূৰ্বে গাঁওবুঢ়াই কৰা উন্নয়নমূলক কামৰ মানদণ্ডৰ তথ্য বিচাৰি আৰ.টি.আই দাখিল কৰিছিল। লগতে তেওঁ স্থানীয় প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষৰ ওচৰতো একাধিক অভিযোগ দাখিল কৰিছিল।

ইয়াৰ পিছৰ পৰাই দেৱজিতে নিৰন্তৰ মৃত্যুৰ ভাবুকি পাই আহিছিল বুলি তেওঁৰ পিতৃয়ে লগতে কয়। ইফালে বিগত মাহত এনে ভাবুকিৰ পৰিপ্ৰেক্ষিতত দেৱেন্দ্ৰ সিঙৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিবলৈ আৰক্ষীৰ কাষ চাপিছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল বুলিও অভিযোগ কৰিছে।

এতিয়া গাফিলতিৰ বাবেই মহেন্দ্ৰ সিঙে নিজ পুত্ৰক হেৰুৱাবলগীয়া হ’ল বুলি ক্ষোভ উজাৰে। ইফালে হত্যাৰ বলি হোৱা যুৱকজনৰ ককাক ৰামবীৰ সিঙে সদৰী কৰা অনুসৰি গাঁওবুঢ়া আৰু তেওঁৰ আত্মীয়ই লাঠি আৰু চোকা অস্ত্ৰৰে দেৱজিতক নিৰ্মমভাৱে আক্ৰমণ কৰিছিল।

আক্ৰমণৰ খবৰ পোৱাৰ পিছতে পৰিয়ালৰ লোকসকল তাৎক্ষণিভাৱে ঘটনাস্থলীত উপস্থিত হয় যদিও মূৰত গুৰুতৰভাৱে আঘাত পোৱাৰ ফলত দেৱজিতৰ মৃত্যু হৈছিল বুলি ককাক ৰামবীৰ সিঙে কয়। ইফালে দেৱজিতৰ কনিষ্ঠ ভাতৃ সুৰেন্দ্ৰৰ অৱস্থা সংকটজনক আৰু বৰ্তমান চিকিৎসাধীন হৈ আছে বুলি তেওঁ লগতে উল্লেখ কৰে।

হত্যাকাণ্ডৰ খবৰ বিয়পি পৰাৰ লগে লগে শোকসন্তপ্ত পৰিয়ালটোৰ লগতে গাঁৱৰ শতাধিক লোকে সোমবাৰে দেৱজিতৰ মৃতদেহ লৈ প্ৰতিবাদ সাব্যস্ত কৰি দোষীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়। পিছত আৰক্ষীৰ জ্যেষ্ঠ বিষয়াসকলে প্ৰতিবাদকাৰীসকলক দোষীৰ বিৰুদ্ধে কম সময়ৰ ভিতৰত ব্যৱস্থা লোৱাৰ আশ্বাস দিয়াৰ পিছত মৃতদেহটো দাহ কৰা হয়।

গাঁৱৰ ৰাইজৰ মতে, হত্যাৰ বলি হোৱা দেৱজিতে কৃষি কৰ্মত পিতৃক সহায় কৰাৰ উপৰিও গাঁওখনত এটা কম্পিউটাৰ চেণ্টাৰ চলাইছিল। মৃত্যুৰ সময়ত তেওঁ ২৮ বছৰীয়া পত্নী আৰু দুই সন্তানক এৰি থৈ যায়। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd