Former China president Jiang Zemin dies চীনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিয়াং জেমিনৰ মৃত্যু ঘটিছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৬ বছৰ। স্থানীয় সময় অনুসৰি বুধবাৰে দুপৰীয়া ১২:১৩ বজাত তেওঁৰ গৃহ চহৰ ছাংহাইত লিউকেমিয়া আৰু একাধিক অংগ বিকল হোৱাৰ ফলত তেওঁৰ মৃত্যু হয় বুলি চীনা চৰকাৰী সংবাদ মাধ্যমে প্ৰকাশ কৰিছে।
চৰকাৰী বিবৃতিটোত জেমিনক “এজন উৎকৃষ্ট নেতা, অসামান্য মাৰ্ক্সবাদী, সমৰকলা বিশাৰদ, কূটনীতিবিদ আৰু দীৰ্ঘকালীন কমিউনিষ্ট যোদ্ধা” বুলি বৰ্ণনা কৰা হৈছে আৰু কোৱা হৈছে যে তেওঁৰ মৃত্যু “চীনা কমিউনিষ্ট পাৰ্টি, সেনা আৰু সকলো সম্প্ৰদায়ৰ লোকৰ বাবে এক অপূৰণীয় ক্ষতি”।
লগতে পঢ়ক: মুম্বাইৰ ৰাজপথত দক্ষিণ কোৰিয়াৰ মহিলা ইউটিউবাৰক অশালীন আচৰণ দুৰ্বৃত্তৰ: দুই অভিযুক্তক গ্ৰেপ্তাৰ
তিয়েনানমেন স্কোৱেৰৰ প্ৰতিবাদৰ পিছত জেমিনক অপ্ৰত্যাশিতভাৱে চীনা কমিউনিষ্ট পাৰ্টিৰ নেতা হিচাপে বাছনি কৰা হৈছিল। ১৯৮৯ চনত চীনে শক্তিশালী হাতেৰে চৰকাৰ বিৰোধী গণতন্ত্ৰপন্থী প্ৰতিবাদক দমন কৰি কূটনৈতিকভাৱে প্ৰায় বিচ্ছিন্ন হৈ পৰিছিল।
বিশেষজ্ঞসকলে ভাৱে যে দেশখনক সেই পৰিস্থিতিৰ পৰা উলিয়াই অনা আৰু বাহিৰৰ পৃথিৱীৰ সৈতে সুসম্পৰ্ক গঢ়ি তোলাত জেমিনৰ কৃতিত্ব আছে। বিশেষকৈ আমেৰিকাৰ সৈতে সম্পৰ্ক কৰ্তন কৰা আৰু সংস্কাৰবাদী পদক্ষেপত ‘সমাজতান্ত্ৰিক বজাৰ অৰ্থনীতি’ প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত। তেওঁৰ কাৰ্যকালতে ব্ৰিটেইনে হংকং আৰু পৰ্তুগাল মাকাউৰ কৰ্তৃত্ব চীনক প্ৰদান কৰিছিল। ২০০৮ চনত বেইজিং অলিম্পিকৰ দায়িত্বত জেমিনে মুখ্য ভূমিকা পালন কৰিছিল।
জেমিন ১৯৯৬ চনত ভাৰতলৈ আহিছিল। ১৯৪৯ চনৰ পৰা চীনা কমিউনিষ্ট পাৰ্টিৰ শাসনকালত ভাৰত ভ্ৰমণ কৰা তেওঁ চীনৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপ্ৰধান আছিল। এই ভ্ৰমণকালত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ (এলএচি) সৈতে উত্তেজনা হ্ৰাস কৰিবলৈ আৰু আস্থা বৃদ্ধিৰ লক্ষ্যৰে শৃংখলাবদ্ধ পদক্ষেপ লোৱাৰ বাবে এক দ্বিপাক্ষিক চুক্তিও স্বাক্ষৰিত হৈছিল।