Europe isn’t strong enough to stand against Russia ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰী ছানা মাৰিনে কৈছে যে ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণৰ বিৰুদ্ধে থিয় দিবলৈ ইউৰোপ “যথেষ্ট শক্তিশালী নহয়”। এই ক্ষেত্ৰত ইউৰোপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমৰ্থনৰ ওপৰত নিৰ্ভৰ কৰিব লগা হৈছে। মই কঠিন হ’লেও এই সত্যটো স্বীকাৰ কৰিব বিচাৰো যে ইউৰোপ এতিয়াও যথেষ্ট শক্তিশালী নহয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ অবিহনে আমি বিপদত পৰিম।
অষ্ট্ৰেলিয়াৰ চিডনীত এক ‘থিংক টেংক’ত ভাষণ প্ৰদান কৰি ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়। ছানাই লগতে কয় যে ইউৰোপৰ প্ৰতিৰক্ষা শক্তিশালী কৰিব লাগিব। এই ক্ষেত্ৰত আৰু অধিক পদক্ষেপ লোৱা প্ৰয়োজন।
লগতে পঢ়ক: বিশ্বকাপ খেলিবলৈ অহা তাৰকাৰ সতীৰ্থৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্কৰ অভিযোগ
বিগত ২৪ ফেব্ৰুৱাৰীত ৰাছিয়াই ইউক্ৰেইনত এক “বিশেষ সামৰিক অভিযান” আৰম্ভ কৰে। এই আক্ৰমণক গৰিহণা দিয়াৰ উপৰিও, আমেৰিকা যুক্তৰাষ্ট্ৰই ধন, প্ৰযুক্তি, প্ৰশিক্ষণ আৰু অস্ত্ৰ-শস্ত্ৰ প্ৰদান কৰি ইউক্ৰেইনৰ সৈতে সৰ্বাধিক সহযোগিতা আগবঢ়াইছে। যোৱা মাহত ব্ৰিটেইনৰ হাউচ অফ কমন্সৰ এক গৱেষণা তথ্য অনুসৰি আমেৰিকাই ইউক্ৰেইনক ১৮.৬ বিলিয়ন ডলাৰৰ সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে।
কিয়েল ইনষ্টিটিউটৰ মতে, ইউক্ৰেইনক সমৰ্থন কৰাৰ ক্ষেত্ৰত ইউৰোপীয় ইউনিয়ন দ্বিতীয় স্থানত আছে আৰু তাৰ পিছতে আছে ব্ৰিটেইন।
লগতে পঢ়ক: দিল্লীত পুনৰ লিভ-ইন সংগীক নৃশংস হত্যা! দেহ কাটি টুকুৰা-টুকুৰ কৰাৰ চেষ্টা
শুকুৰবাৰে চিডনীত ভাষণ প্ৰদান কৰি ছানা মাৰিনে কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰই ইউক্ৰেইনক যথেষ্ট অস্ত্ৰ, বিত্তীয় সাহায্য আৰু মানৱীয় সহায় আগবঢ়াইছে। ইউৰোপ এতিয়াও এনে সমস্যাৰ মোকাবিলা কৰিবলৈ যথেষ্ট শক্তিশালী নহয়।