দেশৰ ভিতৰতে নাৰী সুৰক্ষাৰ ক্ষেত্ৰত শোচনীয় পৰিস্থিতি বিৰাজমান কৰা উত্তৰ প্ৰদেশত পুনৰ সংঘটিত হৈছে আন এক নিৰ্লজ্জ কাণ্ড। ৰাজ্যখনৰ মথুৰা জিলাত এগৰাকী ১৪ বছৰীয়া দলিত কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি ডিঙি চেপি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।
মথুৰাৰ মহাৱন থানা এলেকাৰ অন্তৰ্গত এখন গাঁৱত সংঘটিত হৈছে এই চাঞ্চল্যকৰ কাণ্ড। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, শুকুৰবাৰে নিশা প্ৰায় ৮.৩০ বজাত বাসগৃহৰ সমীপতে থকা এখন সৰু বনাঞ্চলত নিজৰ ৯ বছৰীয়া ভগ্নীৰ সৈতে মলত্যাগৰ উদ্দেশ্যে যায়।
সেই সময়তে গাঁৱৰে তিনিগৰাকী লোকে কিশোৰীগৰাকীক ধৰি দলবদ্ধ ধৰ্ষণ কৰে আৰু ধৰ্ষণৰ পাছতে ডিঙি চেপি হত্যা কৰে। ইফালে কিশোৰীগৰাকীৰ লগত যোৱা কনিষ্ঠ ভগ্নীয়ে ঘটনাস্থলীৰ পৰা কোনো প্ৰকাৰে পলায়ন কৰি পৰিয়ালৰ আগত ঘটনাৰ বিষয়ে অৱগত কৰে।
এই ভয়াৱহ ঘটনাৰ বিষয়ে জানিব পৰাৰ লগে লগে পৰিয়ালটোৱে গাঁৱৰ আন কিছু লোকৰ সৈতে কিশোৰীগৰাকীক বিচাৰিবলৈ আৰম্ভ কৰে আৰু কিশোৰীগৰাকীৰ ভগ্নীয়ে দিয়া ভাষ্যৰ আধাৰত দুগৰাকী লোকক আটক কৰে।
ইফালে ঘটনাৰ বিষয়ে খবৰ লাভ কৰাৰ পাছতে জিলা আৰক্ষীৰ এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু উত্তেজিত গাঁওবাসীক শান্ত কৰে।
লগতে আৰক্ষীয়ে গাঁওবাসীয়ে আটক কৰা দুই অভিযুক্ত দেশৰাজ আৰু যোগেন্দ্ৰ নামৰ লোক দুজনক জিম্মাত লয়। আনহাতে পলাতক অৱস্থাত থকা শচীন নামৰ আনগৰাকী অভিযুক্তৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে।