• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, November 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জৰীপৰ পূৰ্বেই মাটিৰ পট্টা প্ৰদানৰ লিখিত প্ৰতিশ্ৰুতিৰ দাবী বৰদুৱাৰ বাগানৰ ৰাইজৰ, চেটেলাইট টাউনশ্বিপ বাতিলৰো আহ্বান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 3, 2026 4:48 pm
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰদুৱাৰ বাগানৰ পৰম্পৰাগতভাৱে ভোগদখল কৰি অহা ভূমিৰ পট্টা প্ৰদানৰ ক্ষেত্ৰত চৰকাৰৰ পৰা লিখিত প্ৰতিশ্ৰুতি বিচাৰিছে ৰাভা হাছঙৰ কৃষক-শ্ৰমিকসকলে। একে সময়তে অঞ্চলটোত প্ৰস্তাৱিত চেটেলাইট টাউনশ্বিপ প্ৰকল্প আনুষ্ঠানিকভাৱে বাতিল কৰাৰো দাবী জনাইছে বৰদুৱাৰ বাগান ভূমি পট্টন দাবী সমিতিয়ে। সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি সংগঠনটোৱে এই দাবী উত্থাপন কৰে।

সংবাদমেলত সংগঠনটোৰ হৈ জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰ আৰু মুখ্য আহ্বায়ক গোবিন্দ চন্দ্ৰ ৰাভাই কয় যে, দীৰ্ঘদিন ধৰি বৰদুৱাৰ বাগানৰ বাসিন্দাসকলে নিজৰ ভোগদখলত থকা মাটিৰ পট্টাৰ দাবীত আৰু প্ৰস্তাৱিত চেটেলাইট টাউনশ্বিপৰ বিৰুদ্ধে আন্দোলন চলাই আহিছে। ২০২৫ চনৰ ২৬ মে’ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত কৰা এটা পোষ্ট আৰু বাতৰি কাকতত প্ৰকাশিত গ্ৰ’থ চেণ্টাৰৰ বিজ্ঞাপনে অঞ্চলটোৰ বাসিন্দাসকলৰ মাজত ভূমি হেৰুৱাৰ আশংকা সৃষ্টি কৰিছে বুলিও তেওঁলোকে উল্লেখ কৰে।

Apply Now

সংগঠনটোৰ অভিযোগ অনুসৰি, চৰকাৰৰ বিভিন্ন উচ্চপদস্থ বিষয়াই সময় সময়ে বৰদুৱাৰ বাগানৰ বাসিন্দাসকলক মাটিৰ পট্টা প্ৰদান কৰা হ’ব আৰু অঞ্চলটোত চেটেলাইট টাউনশ্বিপ নিৰ্মাণ কৰা নহ’ব বুলি মৌখিক প্ৰতিশ্ৰুতি দি আহিছে। কিন্তু কেৱল মৌখিক আশ্বাসেৰে ৰাইজৰ শংকা দূৰ হোৱা নাই। সেয়েহে চৰকাৰৰ পৰা স্পষ্ট লিখিত প্ৰতিশ্ৰুতি বিচাৰিছে সংগঠনটোৱে।

সংবাদমেলত তেওঁলোকে কয় যে যোৱা ২৩ অক্টোবৰ, ২০২৬ তাৰিখে বৰদুৱাৰ বাগানত অনুষ্ঠিত এখন সভাত স্থানীয় বিধায়ক, কামৰূপ জিলা আয়ুক্ত আৰু পলাশবাৰী সমজিলা আয়ুক্তৰ উপস্থিতিত ভূমি পট্টা প্ৰদানৰ পূৰ্বে মাটিৰ জৰীপ কৰাৰ কথা কোৱা হৈছিল। ২৯ নং পলাশবাৰী বিধানসভা সমষ্টিৰ বিধায়কগৰাকীয়ে অঞ্চলটোৰ তিনিখন ৰাজহ গাঁৱৰ প্ৰতিগৰাকী ভোগদখলকাৰীক তেওঁলোকে দখল কৰি থকা মাটিৰ পট্টা প্ৰদান কৰা হ’ব বুলিও ৰাজহুৱাভাৱে ঘোষণা কৰিছিল।

২৩ অক্টোবৰৰ সেই সভালৈ বৰদুৱাৰ বাগান ভূমি পট্টন দাবী সমিতিক আমন্ত্ৰণ জনোৱা হোৱা নাছিল বুলি উল্লেখ কৰি সংগঠনটোৱে কয় যে, তথাপি মাটিৰ জৰীপৰ জৰিয়তে পট্টা প্ৰদানৰ বাবে লোৱা সিদ্ধান্তক তেওঁলোকে আদৰণি জনাইছে। অৱশ্যে জৰীপৰ কাম আৰম্ভ কৰাৰ পূৰ্বে কেইটামান বিষয়ত চৰকাৰৰ স্পষ্ট স্থিতি বিচাৰিছে অঞ্চলটোৰ ৰাইজে।

সংগঠনটোৰ দাবী, জৰীপ আৰম্ভ কৰাৰ আগতেই পৰম্পৰাগতভাৱে ভোগদখল কৰি অহা মাটিৰ পট্টা প্ৰদান কৰা হ’ব বুলি চৰকাৰে লিখিত প্ৰতিশ্ৰুতি দিব লাগিব। পট্টা প্ৰদানৰ জৰিয়তে সেই ভূমিৰ ওপৰত বাসিন্দাসকলৰ আইনগত অধিকাৰ সুৰক্ষিত কৰাৰ নিশ্চয়তাও বিচাৰিছে তেওঁলোকে। ইয়াৰ লগতে বৰদুৱাৰ বাগানত প্ৰস্তাৱিত চেটেলাইট টাউনশ্বিপ প্ৰকল্প আনুষ্ঠানিকভাৱে বাতিল কৰি উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা এই সন্দৰ্ভত লিখিত প্ৰতিশ্ৰুতি দিয়াৰ দাবী জনাইছে।

ভূমি আৱণ্টন সন্দৰ্ভত চৰকাৰৰ শেহতীয়া বক্তব্যক লৈও প্ৰশ্ন উত্থাপন কৰিছে সংগঠনটোৱে। তেওঁলোকৰ মতে, ১৯৬৪ আৰু ১৯৭৪ চনত বান আৰু গৰাখহনীয়াত ক্ষতিগ্ৰস্ত লোকসকলক বৰদুৱাৰ বাগানত ভূমি আৱণ্টন দিয়া হৈছিল। সেই সময়ত চৰকাৰে বাগান কৰ্তৃপক্ষৰ পৰা ভূমি ক্ৰয় নকৰাকৈয়ে এই আৱণ্টন কৰিছিল। তেনে অৱস্থাত ২৩ অক্টোবৰৰ সভাত স্থানীয় বিধায়কে অসম চৰকাৰে বাগান কৰ্তৃপক্ষৰ পৰা ভূমি ক্ৰয় কৰি পট্টা প্ৰদান কৰিব বুলি কোৱা কথাৰ আঁৰৰ কাৰণ স্পষ্ট কৰিবলৈ দাবী জনাইছে সমিতিয়ে।

ইয়াৰ উপৰি জনজাতিসকলৰ সাংবিধানিক সুৰক্ষাৰ অন্যতম ব্যৱস্থা জনজাতি আৱেষ্টনী আৰু খণ্ডৰ সম্পূৰ্ণ সুৰক্ষা নিশ্চিত কৰাৰো দাবী উত্থাপন কৰিছে সংগঠনটোৱে। চেটেলাইট টাউনশ্বিপক লৈ বৰ্তমানেও বিভিন্ন চৰকাৰী কাৰ্যালয়ত শুনানি প্ৰক্ৰিয়া চলি থকা বুলি উল্লেখ কৰি তেওঁলোকে কয় যে, জনজাতি পৰিক্ৰমা সঞ্চালক, কামৰূপ জিলা আয়ুক্তৰ কাৰ্যালয় আৰু ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যালয়ত এই সন্দৰ্ভত সমিতিৰ সৈতে শুনানি চলি আছে।

সংগঠনটোৱে লগতে সদৰী কৰে যে, ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি আয়োগে এই বিষয়ত অসম চৰকাৰক ১৫ দিনৰ ভিতৰত উত্তৰ দাখিল কৰিবলৈ নিৰ্দেশ দিছিল। কিন্তু এই নিৰ্দেশৰ পাছত অসম চৰকাৰে উত্তৰ দাখিল কৰিলেনে নাই আৰু বৰ্তমান এই বিষয়ত চৰকাৰৰ স্থিতি কি, সেই কথা ৰাজহুৱাভাৱে প্ৰকাশ কৰিবলৈও দাবী জনাইছে সমিতিয়ে।

সংবাদমেলত সংগঠনটোৱে অভিযোগ কৰে যে, গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে বৰদুৱাৰ বাগানৰ ৰাইজে নিজৰ ভূমিৰ অধিকাৰ সন্দৰ্ভত চৰকাৰৰ পৰা স্পষ্ট নিশ্চয়তা বিচৰাটো সম্পূৰ্ণ ন্যায়সংগত। তেওঁলোকৰ মতে, এয়া অঞ্চলটোৰ বাসিন্দাসকলৰ দীৰ্ঘদিনীয়া প্ৰাপ্য অধিকাৰৰ বিষয়।

ইফালে, যোৱা ২৯ অক্টোবৰত আয়োজন কৰা গুৰুত্বপূৰ্ণ সমাৱেশখন প্ৰশাসনৰ অনুৰোধত বাতিল কৰা বুলি সদৰী কৰে সংগঠনটোৱে। সকলো প্ৰস্তুতি সম্পূৰ্ণ হোৱাৰ পাছতো প্ৰশাসনৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই সমাৱেশ বাতিল কৰা বুলি উল্লেখ কৰি তেওঁলোকে প্ৰশাসনৰ বিৰুদ্ধে বৈষম্যমূলক আচৰণৰ অভিযোগ উত্থাপন কৰে। সংগঠনটোৰ প্ৰশ্ন, বিজেপিয়ে ৰাজপথত সভা-সমাৱেশ আৰু ৰেলী অনুষ্ঠিত কৰিব পাৰে, অথচ সাধাৰণ ৰাইজে নিজৰ ভূমিৰ অধিকাৰক লৈ আলোচনা কৰিবলৈ বিচাৰিলেও কিয় প্ৰশাসনে বাধা প্ৰদান কৰে?

বৰদুৱাৰ বাগানৰ ৰাইজৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰা আৰু তেওঁলোকৰ দাবীসমূহৰ ন্যায়সংগত সমাধানৰ বাবে অসম চৰকাৰ তথা সংশ্লিষ্ট কৰ্তৃপক্ষক অতি শীঘ্ৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে বৰদুৱাৰ বাগান ভূমি পট্টন দাবী সমিতিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জৰীপৰ পূৰ্বেই মাটিৰ পট্টা প্ৰদানৰ লিখিত প্ৰতিশ্ৰুতিৰ দাবী বৰদুৱাৰ বাগানৰ ৰাইজৰ, চেটেলাইট টাউনশ্বিপ বাতিলৰো আহ্বান

জৰীপৰ পূৰ্বেই মাটিৰ পট্টা প্ৰদানৰ লিখিত প্ৰতিশ্ৰুতিৰ দাবী বৰদুৱাৰ বাগানৰ ৰাইজৰ, চেটেলাইট টাউনশ্বিপ বাতিলৰো আহ্বান

November 3, 2026 4:48 pm
সাৱধান! দেশৰ বজাৰত বিয়পি পৰিছে ৭০ কোটি টকাৰ নকল ২০ টকীয়া মুদ্ৰা! ৬খন ৰাজ্যত চলি আছিল গোপন কাৰখানা

সাৱধান! দেশৰ বজাৰত বিয়পি পৰিছে ৭০ কোটি টকাৰ নকল ২০ টকীয়া মুদ্ৰা! ৬খন ৰাজ্যত চলি আছিল গোপন কাৰখানা

November 3, 2026 3:05 pm
গুৱাহাটীৰ হোটেল বিলাস ইনৰ ভয়ংকৰ কাণ্ড : পাৰ্কিঙৰ কাজিয়াৰ পৰাই সূত্ৰপাত হৈছিল পাঁচজনৰ নৃশংস হত্যাকাণ্ডৰ

গুৱাহাটীৰ হোটেল বিলাস ইনৰ ভয়ংকৰ কাণ্ড : পাৰ্কিঙৰ কাজিয়াৰ পৰাই সূত্ৰপাত হৈছিল পাঁচজনৰ নৃশংস হত্যাকাণ্ডৰ

November 3, 2026 3:02 pm
ইউক্ৰেইনৰ সাহায্য বিতৰণ কেন্দ্ৰত ৰাছিয়াৰ আক্ৰমণত ২৬ জনৰ মৃত্যু! যুদ্ধবিৰতি উকলাৰ পিছতে এয়াৰ ষ্ট্ৰাইক

ইউক্ৰেইনৰ সাহায্য বিতৰণ কেন্দ্ৰত ৰাছিয়াৰ আক্ৰমণত ২৬ জনৰ মৃত্যু! যুদ্ধবিৰতি উকলাৰ পিছতে এয়াৰ ষ্ট্ৰাইক

November 3, 2026 1:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জৰীপৰ পূৰ্বেই মাটিৰ পট্টা প্ৰদানৰ লিখিত প্ৰতিশ্ৰুতিৰ দাবী বৰদুৱাৰ বাগানৰ ৰাইজৰ, চেটেলাইট টাউনশ্বিপ বাতিলৰো আহ্বান

জৰীপৰ পূৰ্বেই মাটিৰ পট্টা প্ৰদানৰ লিখিত প্ৰতিশ্ৰুতিৰ দাবী বৰদুৱাৰ বাগানৰ ৰাইজৰ, চেটেলাইট টাউনশ্বিপ বাতিলৰো আহ্বান

November 3, 2026 4:48 pm
সাৱধান! দেশৰ বজাৰত বিয়পি পৰিছে ৭০ কোটি টকাৰ নকল ২০ টকীয়া মুদ্ৰা! ৬খন ৰাজ্যত চলি আছিল গোপন কাৰখানা

সাৱধান! দেশৰ বজাৰত বিয়পি পৰিছে ৭০ কোটি টকাৰ নকল ২০ টকীয়া মুদ্ৰা! ৬খন ৰাজ্যত চলি আছিল গোপন কাৰখানা

November 3, 2026 3:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd