পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ’ত আজি পাম্পড ষ্ট’ৰেজ প্ৰকল্প (PSP) বাতিল, জনজাতীয় নেতা প্ৰণৱ দলেৰ বিনাচৰ্তে মুক্তি আৰু কাৰ্বি আংলঙৰ সীমা বিবাদৰ শীঘ্ৰে নিষ্পত্তিৰ দাবীত তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
স্বায়ত্তশাসিত জন আন্দোলন (APM), দুৱাৰ আমলা মেক সমষ্টি সমিতি, সদৌ তিৱা ছাত্ৰ সন্থা (ATSU), কাৰ্বি ষ্টুডেণ্টছ এণ্ড ইউথ কাউন্সিল (KSYC) আৰু স্থানীয় খিলঞ্জীয়া তথা জনজাতীয় ৰাইজৰ যৌথ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হয়।
প্ৰস্তাৱিত পাম্পড ষ্ট’ৰেজ প্ৰকল্পৰ বিৰোধিতা কৰাৰ লগতে কাৰাবন্দী জনজাতীয় নেতা প্ৰণৱ দলেৰ বিনাচৰ্তে মুক্তি আৰু কাৰ্বি আংলঙৰ দীৰ্ঘদিনীয়া সীমা বিবাদৰ শীঘ্ৰে সমাধানৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে।
প্ৰতিবাদী সংগঠনসমূহে কয় যে খিলঞ্জীয়া ৰাইজৰ মাটি, পৰিচয় আৰু অধিকাৰ সুৰক্ষাৰ স্বাৰ্থত তেওঁলোকৰ সংগ্ৰাম অব্যাহত থাকিব। নিজৰ ভূমি আৰু অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত খিলঞ্জীয়া ৰাইজে কোনো কাৰণতে আপোচ নকৰে বুলিও প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে বাৰ্তা প্ৰদান কৰা হয়।





