• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

উন্নয়ন নহয়, ভজনহে গুৰুত্বপূৰ্ণ! সমষ্টি উন্নয়ন পুঁজিৰ ধন মন্দিৰৰ ভজন-কীৰ্তনত ব্যয় কৰিবলৈ নিৰ্দেশ বিজেপি সাংসদৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 12, 2022 10:35 pm
Development Funds Used For Bhajans
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিকাশৰ মন্ত্ৰ আওৰাই ২০১৪ চনত দেশৰ শাসনত অধিষ্ঠিত হৈছিল বিজেপি নেতৃত্বাধীন চৰকাৰৰ। একে শ্ল’গানেৰেই ২০১৯ চনত দ্বিতীয়বাৰৰ বাবে দিল্লীৰ মচনদ দখল কৰিছিল দলটোৱে। পিছে দেশৰ সামগ্ৰিক বিকাশ হওক বা নহওক, দেশত ভালদৰেই বিকশিত হৈছে ধৰ্মীয় ৰাজনীতি।

বিকাশৰ শ্ল’গান আওৰোৱা বিজেপিৰ এগৰাকী সাংসদেও সেয়ে নিজা সমষ্টিৰ বৈষয়িক বিকাশলৈ পিঠি দি নাম পৰিছে ধৰ্মীয় বিকাশতে। সেয়ে তেওঁৰ সমষ্টিৰ উন্নয়নৰ বাবে নিৰ্ধাৰিত পুঁজিৰ ধন মন্দিৰত ভজন-কীৰ্তন আয়োজনৰ বাবে ব্যৱহাৰ কৰিবলৈ প্ৰশাসনিক বিষয়াসকলক নিৰ্দেশ দিছে সাংসদগৰাকীয়ে।

Apply Now

এই সাংসদগৰাকী হৈছে বালিয়াৰ বিজেপি সাংসদ বীৰেন্দ্ৰ সিং মাষ্ট। মাষ্টে তেওঁ প্ৰতিনিধিত্ব কৰা সমষ্টিৰ উন্নয়নমূলক কামৰ বাবে নিৰ্ধাৰিত সমষ্টি উন্নয়ন পুঁজিৰ এনে আজৱ কাৰ্যত ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দি একপ্ৰকাৰৰ চমক সৃষ্টি কৰিছে।

শাসকীয় দলৰ সাংসদগৰাকীৰ ভাষ্য মতে আধ্যাত্মিক জাগৰণ সৃষ্টিৰ বাবেই তেওঁ এই সিদ্ধান্ত লৈছে। জিলাখনৰ তথ্য বিভাগে জনোৱা মতে, জিলাখনৰ পৌৰসভাৰ অঞ্চলত অৱস্থিত সকলো সৰু-ডাঙৰ মন্দিৰৰ জৰীপ কৰিবলৈ মাষ্টে নিৰ্দেশ দিছে আৰু ভজন-কীৰ্তনৰ উচিত ব্যৱস্থা কৰা আৰু এনে অনুষ্ঠানত ব্যৱহৃত বাদ্যযন্ত্ৰ ক্ৰয় কৰিবলৈ নিৰ্দেশ দিছে।

দেওবাৰে জিলা বিষয়াসকলক দিয়া এক নিৰ্দেশত সাংসদ মাষ্টে কয় যে যদিহে ভজন-কীৰ্তন আয়োজন কৰা আৰু মন্দিৰৰ বাদ্যযন্ত্ৰৰ ব্যৱস্থা কৰাত সমস্যা হয় তেন্তে তেওঁৰ সংসদ সদস্য স্থানীয় এলেকা উন্নয়ন আঁচনিৰ পুঁজি ব্যৱহাৰ কৰিব পৰা যাব।

উল্লেখ্য যে, সংসদ সদস্য স্থানীয় এলেকা উন্নয়ন আঁচনিৰ অধীনত প্ৰতি বছৰে সাংসদসকলে ৫ কোটি টকা লাভ কৰে। এই ধনৰ উচিত ব্যৱহাৰৰ বাবে সাংসদসকলে জিলা উপায়ুক্তক উন্নয়নমূলক প্ৰকল্পৰ পৰামৰ্শ দিয়ে। পিছে মাষ্টে গ্ৰহণ কৰা ভজন আয়োজনেৰে নিৰ্ধাৰিত পুঁজি ব্যয়ৰ সিদ্ধান্ত এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

চাৰিবাৰকৈ লোকসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱা মাষ্ট গভীৰ ধৰ্ম বিশ্বাসী ব্যক্তি হিচাপে পৰিচিত। নিজৰ সিদ্ধান্তৰ বিষয়ে ব্যাখ্যা কৰি তেওঁ কয় যে, “বৰ্তমানৰ পৰিস্থিতিত পৰম্পৰাগত মূল্যবোধসমূহ নোহোৱা হৈ গৈ আছে।” গতিকে ভজন-কীৰ্ত্তন আৰু ইয়াৰ বাবে বাদ্যযন্ত্ৰৰ ব্যৱহাৰে সাংস্কৃতিক আৰু ধৰ্মীয় কাৰ্যকলাপ বৃদ্ধি কৰিব বুলি তেওঁ যুক্তি আগবঢ়ায়। ইয়াৰ ফলত আধ্যাত্মিক জাগৰণৰ সৃষ্টি হ’ব বুলিও তেওঁ দাবী কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd