• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

শ্বুটিং স্থলীত অঘটন: ৰাজপাল যাদৱৰ স্কুটাৰৰ খুন্দাত আহত ছাত্ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 13, 2022 6:42 am
Rajpal Yadav
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাস্যৰসাত্মক চৰিত্ৰত অভিনয়েৰে ভাৰতীয় চলচ্চিত্ৰ প্ৰেমী দৰ্শকৰ মাজত বিশেষ জনপ্ৰিয়তা অৰ্জন কৰা বলীউডৰ তাৰকা অভিনেতা ৰাজপাল যাদৱ সন্মুখীন হৈছে এক বিপদৰ। উত্তৰ প্ৰদেশত এখন নতুন চিনেমাৰ শ্বুটিং কৰি থকা অৱস্থাত স্কুটাৰেৰে এগৰাকী ছাত্ৰক খুন্দা মৰাৰ অভিযোগ উত্থাপন হৈছে অভিনেতাগৰাকীৰ বিৰুদ্ধে।

প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা বালাজী নামৰ এগৰাকী ছাত্ৰই ৰাজপাল যাদৱৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে। বালাজীৰ ভাষ্য মতে তেওঁ বেংক ৰোডৰ ইউনিভাৰ্চিটিত কিতাপ ক্ৰয় কৰি থকাৰ সময়তে অঞ্চলটোত চিনেমাৰ শ্বুটিং চলি থকা বুলি জানিব পাৰে।

Apply Now

শ্বুটিং চোৱাৰ হাবিয়াসেৰে ছাত্ৰগৰাকী শ্বুটিংস্থলীত উপস্থিত হোৱাৰ পাছতে ৰাজপাল যাদৱে শ্বুটিঙৰ বাবে চলাই থকা স্কুটাৰখনেৰে তেওঁক খুন্দা মাৰে বুলি বালাজীয়ে অভিযোগ কৰিছে।

বালাজীৰ অভিযোগ মতে, অভিনেতাগৰাকীয়ে স্কুটাৰখন চলাই থাকোঁতে নিয়ন্ত্ৰণ ৰক্ষা কৰিব পৰা নাছিল আৰু নিয়ন্ত্ৰণ হেৰুৱাই শেষত বাহনখনেৰে তেওঁক খুন্দা মাৰে। লগতে শ্বুটিঙৰ সময়ত উপস্থিত থকা কৰ্মচাৰীসকলে তেওঁৰ সৈতে কাজিয়া কৰাৰ লগতে অপদস্থ কৰাৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰগৰাকীয়ে।

বালাজীয়ে লগতে ছবিৰ শ্বুটিঙৰ সময়ত উপস্থিত থকা সদস্যসকলে আনকি তেওঁক হত্যা কৰাৰ ভাবুকিও দিছিল বুলি অভিযোগ কৰিছে। ইফালে শ্বুটিঙৰ একাংশ লোকে ছাত্ৰগৰাকীৰ বিৰুদ্ধেহে তুলিছে শ্বুটিঙত বাধা দিয়াৰ অভিযোগ। শ্বুটিঙত বাধা দিয়াৰ বাবে ইতিমধ্যে ছাত্ৰগৰাকীৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰা হৈছে।

প্ৰকাশিত খবৰ অনুসৰি অভিনেতা ৰাজপাল যাদৱে নিজেই এই এজাহাৰ দাখিল কৰিছে। ছাত্ৰগৰাকীয়ে নিজৰ মোবাইলৰ কেমেৰাত শ্বুটিঙৰ দৃশ্য বন্দী কৰাত কৰ্মচাৰীসকলে তেওঁক বাধা দিয়ে। কিন্তু কেমেৰা বন্ধ কৰাৰ বিপৰীতে তেওঁ কৰ্মচাৰীসকলৰ সৈতেহে বিবাদত লিপ্ত হয় বুলি অভিযোগ কৰা হৈছে।

স্থানীয় কৰ্ণেলগঞ্জ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰামমোহন ৰায়ে এই সন্দৰ্ভত কয় যে, দুয়োপক্ষই এজাহাৰত আত্মপক্ষ সমৰ্থনত পৰস্পৰৰ বিপক্ষে অভিযোগ উত্থাপন কৰিছে। গতিকে বিশদ তদন্তৰ অন্ততহে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব পৰা হ’ব বুলি তেওঁ লগতে কয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd