• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

UAPA অধীনত গ্ৰেপ্তাৰ হোৱা অধিকাংশই নিৰ্দোষী! চাঞ্চল্যকৰ তথ্য কেন্দ্ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 14, 2022 4:55 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত সন্ত্ৰাসবাদী কাৰ্যকলাপ ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে কঠোৰ বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন বা অৰ্থাৎ UAPA প্ৰৱৰ্তন কৰিছে। কিন্তু এই আইনৰ অধীনত গ্ৰেপ্তাৰ হোৱা অধিকাংশ অভিযুক্তই নিৰ্দোষী বুলি প্ৰমাণ হৈছে। বুধবাৰে সংসদত কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে দিয়া এক প্ৰশ্নোত্তৰত চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি ২০২১ চনলৈকে এই আইনৰ অধীনত প্ৰায় ৪০০০ গোচৰৰ তদন্তই হোৱা নাই। ইফালে ২৮০০ গোচৰৰ বিচাৰৰ আৰম্ভ হোৱাই নাই। আনহাতে, ২০১৯ চনৰ পৰা ২০২১ চনৰ ভিতৰত ৪৮৯০ টা ইউএপিএ গোচৰৰ ভিতৰত মাত্ৰ ১৭৬ জন লোকক শাস্তি দিয়া হৈছে। গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্ত্ৰণালয়ে দিয়া এই তথ্যই প্ৰমাণ কৰিছে UAPAৰ অধীনত চৰকাৰে বাদ বিচাৰ নোহোৱাকৈ সন্দেহৰ ভিত্তিটো বহু লোকক গ্ৰেপ্তাৰ কৰিছে।

ইফালে বুধবাৰে সংসদ কেৰেলাৰ সাংসদ টি এন প্ৰথাপন আৰু তামিলনাডুৰ সাংসদ বিষ্ণু প্ৰসাদে এম কে চৰকাৰক বিগত তিনি বছৰত ইউ এ পি এৰ অধীনত গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা ৰাজ্যভিত্তিক হিচাপ দিবলৈ অনুৰোধ জনায়। ইয়াৰ উপৰিও অভিযুক্ত ব্যক্তিৰ বয়স আৰু ধৰ্মৰ ওপৰত ভিত্তি কৰিও তথ্য বিচাৰিছিল সাংসদ দুগৰাকীয়ে।

ইউএপিএত থকা কয়দীসকলৰ ক্ষিপ্ৰ বিচাৰৰ ব্যৱস্থা কৰিবলৈ চৰকাৰৰ কিবা পৰিকল্পনা আছে নেকি সেয়াও জানিব বিচাৰিছিল। ইউএপিএৰ গোচৰত সাধাৰণতে তদন্তৰ পৰা বিচাৰ আৰু শাস্তি প্ৰদানলৈকে কিমান সময় লাগে আৰু এই আইনৰ অধীনত গ্ৰেপ্তাৰ হোৱা কিমানজন লোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিব নোৱাৰি, সেই বিষয়েও প্ৰশ্ন উত্থাপন কৰে সাংসদসকলে।

ইয়াৰ প্ৰত্যুত্তৰত কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে আজি লোকসভাত কয় যে ধৰ্মভিত্তিক কোনো পৰিসংখ্যা পৃথকে ৰখা নহয়। তেওঁ কয় যে ইউএপিএত তদন্তসমূহ মূলতঃ ৰাজ্যসমূহৰ আৰক্ষীয়ে কৰে।
কিন্তু এই আইনত কেন্দ্ৰীয় সংস্থাটোৱে সন্ত্ৰাসবাদকে ধৰি বিভিন্ন গোচৰৰ তদন্তৰ বাবে আৰক্ষী বাহিনীৰ ক্ষমতা বৃদ্ধি কৰাৰ চেষ্টা কৰে। ইয়াৰ উপৰিও মন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এন আই এ)ৰ হাতত ইউ এ পি এৰ কিছুমান গোচৰ আছে।

চৰকাৰী তথ্য অনুসৰি ২০২১ চনত ইউএপিএৰ অধীনত ১৬২১ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। ইয়াৰে ৬২ জন লোকক দোষী সাব্যস্ত কৰা হৈছে। ২০২০ বৰ্ষত ইউএপিএৰ অধীনত ১৩২১ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। ইয়াৰ মাজত পাঁচজন নাবালকো আছিল। ইয়াৰে ৮০জন লোকক শাস্তি প্ৰদান কৰা হৈছে। আনহাতে, ২০১৯ চনলৈকে গ্ৰেপ্তাৰ হোৱা ১৯৪৮ জন লোকৰ ভিতৰত ৬ জন নাবালক। আৰু ইয়াৰে চাৰিজনৰ বয়স ১২ৰ পৰা ১৬ বছৰৰ ভিতৰত।

নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ’ৰ তথ্যৰ উদ্ধৃতিৰে কেন্দ্ৰীয় চৰকাৰে কয় যে ২০২১ চনলৈকে দেশত ৩৯৯৮টা ইউএপিএৰ গোচৰৰ তদন্ত হোৱা নাই। ইয়াৰে ২০৪১টা গোচৰ তিনি বছৰতকৈ অধিক সময় ধৰি চলি আছে। মণিপুৰত সৰ্বাধিক ২১৭৮ টা UAPA গোচৰ তদন্ত কৰিবলৈ আছে।

Apply Now
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

September 3, 2026 6:44 pm
মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

September 3, 2026 6:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd