• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উচ্চতম ন্যায়ালয়ৰ সন্মুখত কোনো গোচৰ তুচ্ছ নহয়; কেন্দ্ৰীয় আইন মন্ত্ৰীলৈ দেশৰ মুখ্য ন্যায়াধীশৰ বাৰ্তা!

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
December 17, 2022 11:24 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মোডী চৰকাৰৰ আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে কৈছিল যে উচ্চতম ন্যায়ালয়ৰ জামিন আবেদনৰ শুনানিৰ কোনো প্ৰয়োজন নাই। দেশৰ মুখ্য ন্যায়াধীশ ধনঞ্জয় ৱাই চন্দ্ৰচূড়ে শুকুৰবাৰে উচ্চতম ন্যায়ালয়ত ইয়াৰ প্ৰত্যুত্তৰ দি প্ৰশ্ন কৰে যে ব্যক্তিগত স্বাধীনতা লংঘন হ’লে যদি তেওঁলোকে হস্তক্ষেপ নকৰে, নিষ্পত্তিৰ ব্যৱস্থা কৰিব নোৱাৰে তেন্তে তেওঁলোকে আদালতত কি কৰিবলৈ বহি আছে?

মুখ্য ন্যায়াধীশে লগতে সোঁৱৰাই দিয়ে যে সংবিধানৰ ১৩৬ অনুচ্ছেদৰ অধীনত উচ্চতম ন্যায়ালয়ৰ এই অধিকাৰ আৰু দায়িত্ব আছে। আইন মন্ত্ৰীজনে উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ত কিয় দীঘলীয়া বন্ধ থাকিব বুলিও প্ৰশ্ন কৰিছিল। দেশৰ মুখ্য ন্যায়াধীশে এই সন্দৰ্ভত কয় যে শীতকালীন বন্ধ অনুসৰি শনিবাৰ ১৭ ডিচেম্বৰৰ পৰা ১ জানুৱাৰীলৈ উচ্চতম ন্যায়ালয়ত কোনো বিচাৰপীঠ নবহে।

লগতে পঢ়ক: বাধ্যতামূলক নহয় আধাৰৰ সৈতে ভোটাৰ কাৰ্ডৰ সংযোগ; সংসদত স্পষ্ট কৰিলে আইন মন্ত্ৰী ৰিজিজুৱে

Apply Now

তেওঁ যদিও কেন্দ্ৰীয় আইন মন্ত্ৰীৰ মন্তব্যৰ পোনপটীয়াকৈ উল্লেখ কৰা নাছিল, মুখ্য ন্যায়াধীশৰ দুইটা মন্তব্যক আইনজীৱীসকলে মোডী চৰকাৰৰ বাবে বাৰ্তা হিচাপে ধৰি লৈছে। কিয়নো কেইবাদিনো ধৰি আইন মন্ত্ৰীগৰাকীয়ে নিয়মীয়াভাৱে ন্যায়াধীশ নিযুক্তিৰ কলেজিয়াম প্ৰণালীক সমালোচনা কৰি আহিছে।

তেওঁ পুৰণি গোচৰ জমা হোৱাৰ বাবে ন্যায়াধীশ নিযুক্তিৰ সমস্যাকে দোষাৰোপ কৰিছে। ৰিজিজুৱে কৈছিল, “উচ্চতম ন্যায়ালয়ে অৰ্থহীন বিষয়ত জামিন আবেদন আৰু পিআইএলৰ শুনানি ৰখাৰ কোনো প্ৰয়োজন নাই।”

মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে শুকুৰবাৰে উচ্চতম ন্যায়ালয়ত জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি আছিল। বিদ্যুৎ চুৰি কৰাৰ অভিযোগত অভিযুক্ত এজন লোকে তিনি বছৰ কাৰাবাস খাটিছে। আৰু ১৫ বছৰ কাৰাবাস খাটিবলৈ বাকী আছে।

মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে উচ্চতম ন্যায়ালয়ৰ সন্মুখত কোনো গোচৰ তুচ্ছ নহয়। তেওঁ কয়, “যদি আমি ব্যক্তিগত স্বাধীনতাৰ বিষয়ত হস্তক্ষেপ নকৰোঁ আৰু সমাধান নিদিওঁ তেন্তে আমি ইয়াত কি কৰি আছো? উচ্চতম ন্যায়ালয়ে একো নকৰিলে সেয়া সংবিধানৰ ১৩৬ নং অনুচ্ছেদৰ উলংঘন নহয় নেকি? উচ্চতম ন্যায়ালয় এনে আবেদনকাৰীসকলৰ আবেদন শুনিবলৈকে আছে। আমি এনে ধৰণৰ গোচৰৰ বাবে নিশা উজাগৰে থাকো।”

লগতে পঢ়ক: ৰাহুল গান্ধীৰ ‘উপলব্ধি’! ৰাইজৰ পৰা দূৰত্ব সৃষ্টি হৈছিল… কিন্তু আমি ফেচিষ্ট নহয়

ইপিনে, সংসদত এক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় আইন মন্ত্ৰালয়ে কৈছিল যে উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ ওচৰত এতিয়া ৪৯৮ টা সাংবিধানিক গোচৰ, ৪৮৭ টা নিৰ্বাচনী গোচৰ, ২২০৯ খন ৰিট আৱেদন, ২,৮৭০ টা ৰাজহুৱা স্বাৰ্থৰ মোকৰ্দমা আৰু ৪,৩৩১ টা গোচৰ পৰি আছে। এই অমীমাংসিত গোচৰসমূহৰ পাহাৰ সন্দৰ্ভত আইন মন্ত্ৰীয়ে সংসদত প্ৰশ্ন তুলিছিল- উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ত কিয় দীঘলীয়া বন্ধ থাকিব? ইয়াৰ প্ৰতি কোনো কাণসাৰ নিদি মুখ্য ন্যায়াধীশে শুকুৰবাৰে কয় যে শীতৰ বন্ধ যেনেকৈ আছিল তেনেকৈয়ে থাকিব।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

August 24, 2026 7:48 pm
কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

August 24, 2026 7:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd