• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উচ্চতম ন্যায়ালয়ৰ সন্মুখত কোনো গোচৰ তুচ্ছ নহয়; কেন্দ্ৰীয় আইন মন্ত্ৰীলৈ দেশৰ মুখ্য ন্যায়াধীশৰ বাৰ্তা!

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
December 17, 2022 11:24 am
163
VIEWS
Share on FacebookShare on Twitter

মোডী চৰকাৰৰ আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে কৈছিল যে উচ্চতম ন্যায়ালয়ৰ জামিন আবেদনৰ শুনানিৰ কোনো প্ৰয়োজন নাই। দেশৰ মুখ্য ন্যায়াধীশ ধনঞ্জয় ৱাই চন্দ্ৰচূড়ে শুকুৰবাৰে উচ্চতম ন্যায়ালয়ত ইয়াৰ প্ৰত্যুত্তৰ দি প্ৰশ্ন কৰে যে ব্যক্তিগত স্বাধীনতা লংঘন হ’লে যদি তেওঁলোকে হস্তক্ষেপ নকৰে, নিষ্পত্তিৰ ব্যৱস্থা কৰিব নোৱাৰে তেন্তে তেওঁলোকে আদালতত কি কৰিবলৈ বহি আছে?

মুখ্য ন্যায়াধীশে লগতে সোঁৱৰাই দিয়ে যে সংবিধানৰ ১৩৬ অনুচ্ছেদৰ অধীনত উচ্চতম ন্যায়ালয়ৰ এই অধিকাৰ আৰু দায়িত্ব আছে। আইন মন্ত্ৰীজনে উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ত কিয় দীঘলীয়া বন্ধ থাকিব বুলিও প্ৰশ্ন কৰিছিল। দেশৰ মুখ্য ন্যায়াধীশে এই সন্দৰ্ভত কয় যে শীতকালীন বন্ধ অনুসৰি শনিবাৰ ১৭ ডিচেম্বৰৰ পৰা ১ জানুৱাৰীলৈ উচ্চতম ন্যায়ালয়ত কোনো বিচাৰপীঠ নবহে।

লগতে পঢ়ক: বাধ্যতামূলক নহয় আধাৰৰ সৈতে ভোটাৰ কাৰ্ডৰ সংযোগ; সংসদত স্পষ্ট কৰিলে আইন মন্ত্ৰী ৰিজিজুৱে

তেওঁ যদিও কেন্দ্ৰীয় আইন মন্ত্ৰীৰ মন্তব্যৰ পোনপটীয়াকৈ উল্লেখ কৰা নাছিল, মুখ্য ন্যায়াধীশৰ দুইটা মন্তব্যক আইনজীৱীসকলে মোডী চৰকাৰৰ বাবে বাৰ্তা হিচাপে ধৰি লৈছে। কিয়নো কেইবাদিনো ধৰি আইন মন্ত্ৰীগৰাকীয়ে নিয়মীয়াভাৱে ন্যায়াধীশ নিযুক্তিৰ কলেজিয়াম প্ৰণালীক সমালোচনা কৰি আহিছে।

তেওঁ পুৰণি গোচৰ জমা হোৱাৰ বাবে ন্যায়াধীশ নিযুক্তিৰ সমস্যাকে দোষাৰোপ কৰিছে। ৰিজিজুৱে কৈছিল, “উচ্চতম ন্যায়ালয়ে অৰ্থহীন বিষয়ত জামিন আবেদন আৰু পিআইএলৰ শুনানি ৰখাৰ কোনো প্ৰয়োজন নাই।”

মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে শুকুৰবাৰে উচ্চতম ন্যায়ালয়ত জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি আছিল। বিদ্যুৎ চুৰি কৰাৰ অভিযোগত অভিযুক্ত এজন লোকে তিনি বছৰ কাৰাবাস খাটিছে। আৰু ১৫ বছৰ কাৰাবাস খাটিবলৈ বাকী আছে।

মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে উচ্চতম ন্যায়ালয়ৰ সন্মুখত কোনো গোচৰ তুচ্ছ নহয়। তেওঁ কয়, “যদি আমি ব্যক্তিগত স্বাধীনতাৰ বিষয়ত হস্তক্ষেপ নকৰোঁ আৰু সমাধান নিদিওঁ তেন্তে আমি ইয়াত কি কৰি আছো? উচ্চতম ন্যায়ালয়ে একো নকৰিলে সেয়া সংবিধানৰ ১৩৬ নং অনুচ্ছেদৰ উলংঘন নহয় নেকি? উচ্চতম ন্যায়ালয় এনে আবেদনকাৰীসকলৰ আবেদন শুনিবলৈকে আছে। আমি এনে ধৰণৰ গোচৰৰ বাবে নিশা উজাগৰে থাকো।”

লগতে পঢ়ক: ৰাহুল গান্ধীৰ ‘উপলব্ধি’! ৰাইজৰ পৰা দূৰত্ব সৃষ্টি হৈছিল… কিন্তু আমি ফেচিষ্ট নহয়

ইপিনে, সংসদত এক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় আইন মন্ত্ৰালয়ে কৈছিল যে উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ ওচৰত এতিয়া ৪৯৮ টা সাংবিধানিক গোচৰ, ৪৮৭ টা নিৰ্বাচনী গোচৰ, ২২০৯ খন ৰিট আৱেদন, ২,৮৭০ টা ৰাজহুৱা স্বাৰ্থৰ মোকৰ্দমা আৰু ৪,৩৩১ টা গোচৰ পৰি আছে। এই অমীমাংসিত গোচৰসমূহৰ পাহাৰ সন্দৰ্ভত আইন মন্ত্ৰীয়ে সংসদত প্ৰশ্ন তুলিছিল- উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ত কিয় দীঘলীয়া বন্ধ থাকিব? ইয়াৰ প্ৰতি কোনো কাণসাৰ নিদি মুখ্য ন্যায়াধীশে শুকুৰবাৰে কয় যে শীতৰ বন্ধ যেনেকৈ আছিল তেনেকৈয়ে থাকিব।

Recent News

ওজন কমোৱাৰ বাবে স্বাস্থ্যকৰ পদ্ধতি

ওজন কমোৱাৰ বাবে স্বাস্থ্যকৰ পদ্ধতি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd